ফাগুন মানেই যৌৱন....
( কবিতা: অপূৰ্ব দাস )
দেহত কাপোৰখন নহ'লেই দেখোন
লাজে আৱৰি ধৰে,
ফাগুন আহিলেই বলিয়া হ'য় মন-প্ৰাণ
এখনি এখনি কৈ কিয় বাৰু দেহৰ পাতবোৰ সৰে?
পছোৱা, তুমি দিবা আপোনজনক বাৰ্তা...
সৰা পাতত লিখি পঠিয়াম মোৰ হৃদয়ৰ গান,
ফাঁকুৱাৰ ৰং তুমি দিবা সানি
বিচাৰিছো তোমাৰ পৰশ যে অকণমান।
শীতৰ কুঁৱলী আৰু নিয়ৰ আঁতৰি
তোমাতেই বসন্তৰ আগমন হয়,
লঠঙা গছত কুঁহিপাত মেলিব
ফাগুনৰ পছোৱা উতলা যৌৱন দেহত এতিয়া বয়।
নগ্ন দেহৰ প্ৰতিটো ভাঁজত
তোমাৰ সপোন ৰচে,
তোমাৰ ঠিকনা বিচাৰি দিব
ন- কুঁহিপাত মেলা প্ৰতিজোপা সেউজীয়া গছে।
তৃষ্ণাতুৰ হৃদয়ৰ পিঁয়াহ আতঁৰিব
তোমাৰ মৰমৰ পৰশ পালে,
কুলি চৰাইটিয়ে বসন্তৰ আগমনত
যৌৱনৰ মিঠা গান গালে।
Bor val lagil
ReplyDelete