গেছট্ৰিকত ভোগা লোকসকলৰ খাদ্য আৰু লাইফ ষ্টাইল কেনে হোৱা উচিত? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
আজি প্ৰতিজন মানুহৰে গেছট্ৰিক এটা সাধাৰণ সমস্যা হৈ পৰিছে। প্ৰতিজন মানুহেই এই সমস্যাত ভোগা দেখা গৈছে। কিয় এই সমস্যা হৈছে? আচলতে অত্যাধিক মানসিক চাপ, বহি বহি কাম কৰা জীৱন, বেয়া খাদ্যভাস, বেয়া জীৱন শৈলীৰ বাবেই ৰোগবোৰ বাঢ়িছে।
গ্যাছট্ৰিক (অম্লতা, এচিডিটি বা অন্ত্ৰৰ সমস্যা) হোৱা লোকে সহজে হজম কৰিব পৰা আহাৰ খোৱা উচিত। তলত কিছুমান মুখ্য আহাৰ পৰামৰ্শ দিয়া হৈছে—
খাব লগীয়া বস্তু:
1. ফাইবাৰযুক্ত আহাৰ – দালি, ব্ৰাউন ৰাইচ, সেউজীয়া শাক-পাচলিৰ জোল খাব লাগে।
2. ফল-মূল – তৰবুজ, ডাবৰ পানী, মিঠা মধুৰি আম, মিঠা বগৰী, মিঠা আম খাব পাৰে।
3. দৈ হজমৰ বাবে ভাল আৰু অম্লতা নিয়ন্ত্ৰণ কৰে। ইয়াক খালে দিনৰ ভাগতে ভাত খোৱাৰ পিছত খাব লাগে। টেঙা নোহোৱা দৈ খোৱা উচিত। দৈ খালে ভিটামিন বিৰ অভাৱ দূৰ হয়। গেছট্ৰিক ৰোগত ভুগি থকা ব্যক্তিৰ ভিটামিন বি ১২ ৰ অভাৱ হ'য়। ভিটামিন বি ১২ ৰ অভাৱ হ'লে নাৰ্ভৰ সমস্যা, দেহৰ বিষ, মানসিক চাপ, তেজ কমি যোৱা সমস্যা হ'য়।
4. মচলা যুক্ত খাদ্য, তেলযুক্ত খাদ্য আৰু জলকীয়া খাব নালাগে । শুকান জলকীয়া একেবাৰে ত্যাগ কৰক। পিয়াঁজ , নহৰু, হালধি আদিও কমকৈ খোৱা কৰা উচিত। মাদক দ্ৰব্য একেবাৰে ক্ষতিকাৰক।
যদিহে এই নিয়ম মানি নচলে তেন্তে সমস্যা গুৰুতৰ হৈ লিভাৰ আৰু বৃক্কৰ ক্ষতি কৰে। পাকস্থলীত বেছিকৈ উৎপন্ন হোৱা হাইড্ৰক্লৰিক এছিডৰ বাবে লিভাৰ, অগ্নাশয় আৰু বৃক্কৰ ক্ষতি সাধন কৰে। ইয়াৰ ফলত ডায়েবেটিচ ৰোগো হ'ব পাৰে। মাছ-মাংস খালেও সৰু মাছ ( তিতা নোহোৱা) , ঘৰুৱা সৰু কুকুৰাৰ ( চৰ্বি নোহোৱা ) মাংস খাব পাৰে।
5. সৰল আহাৰ – ভাত, শুকান ৰুটি ( কিছুমানৰ বাবে ৰুটি ভাল নহয় ) , সিজোৱা পাচলি, দালি , কুকুৰাৰ কণী ইত্যাদি খাব লাগে। গেষ্ট্ৰিকত ভোগা লোকে কচু , কবি, মূলা, ব্ৰকলি, শুকান মাছ, কেঁচা শাক-পাচলি, ৰঙালাউ, বগৰী, কোমোড়া, চেনী, মৌ, উৰহী, টেঙা জাতীয় খাদ্য, তিতা , ভেণ্ডি, মাটিমাহৰ দালি খাব নালাগে।
6. পানী – দিনটো যথেষ্ট কুহুমীয়া গলম পানী খাওক, আদা চাহ খোৱাটো লাভজনক। চাহ খালে গাখীৰ আৰু চাহপাত ব্যৱহাৰ নকৰিব। এৱা গাখীৰ একেবাৰে বৰ্জন কৰা ভাল।
7. ৰাতিপুৱা শুই উঠিয়েই কুহুমীয়া গৰম পানী ২ বা ৩ গিলাছ খাব লাগে। ইয়াৰ পিছত এঘন্টা একো নোখোৱাকৈ থাকিব। এঘণ্টা পিছত ভাত দাইল , আলু আৰু অন্যান্য শাক-পাচলি খাব লাগে। কেঁচা বুট খাব নোৱাৰিলে বজাৰত পোৱা শুকান মচমচীয়া তেল নিদিয়াকৈ ভজা আৰু বাকলি নথকা বুট দিনৰ ভাগত খাব পাৰে। ৰাতিৰ আহাৰ একেবাৰে কমকৈ আৰু নিৰামিষ খাদ্য খাব লাগে।
8. কিছুমানৰ শাক খালেও সমস্যা হ'ব পাৰে। তেওঁলোকে দিনৰ ভাগতে শাকৰ জোল ভাতৰ লগত সেৱন কৰিব লাগে।
9. আৰামত থকা লোক সকলৰো গেষ্ট্ৰীক হ'য়। সেয়েহে প্ৰতিদিনে ব্যায়াম আৰু ঘৰুৱা কাম কৰা উচিত।
10. মানসিক চাপ বৃদ্ধি হ'লে, সদায় নিশা টোপনি নাহিলে , লিভাৰ বা অগ্নাশয়ৰ ৰোগ হ'লে, বৃক্ক দুৰ্বল হ'লেও গেছ-গেছট্ৰিকৰ সমস্যা হ'য়।
11. অত্যাধিক যৌন সম্পৰ্ক স্থাপন কৰা, অত্যাধিক টৈঙা, মচলা, জ্বলা, মাজ-মাংস , তেলেতীয়া খাদ্য, নিমখ আৰু মিঠা খাদ্য খালেও আগলৈ গেছট্ৰিকৰ সমস্যাত ভোগে।
12. গেষ্ট্ৰিকত ভোগা লোকে সদায় গেছট্ৰিকৰ ঔষধ খাব নালাগে। সদায় গেছট্ৰিকৰ ঔষধ সেৱন কৰিলে বৃক্কৰ সমস্যা হয়। ইয়াৰ ফলত আপোনাৰ বৃক্কৰ নষ্ট হ'ব পাৰে আৰু আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। যদিহে গুৰুতৰ সমস্যা হয় তেতিয়াহে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খাব লাগে।
13. কেতিয়াবা দেখা যায় যে লিভাৰৰ চিৰাপ সেৱন কৰিলেও গেষ্ট্ৰীক বাঢ়ে। এনে সমস্যা হ'লে ভাত খোৱাৰ পাছত কুহুমীয়া পানীৰ সৈতে মিহলি কৰি ঔষধ সেৱন কৰিব লাগে।