By Good Assam
বাতবিষৰ সমস্যাটো কেইটামান দশকৰ আগলৈকে বাৰ্ধক্যৰ লগত জড়িত ৰোগ হৈয়েই আছিল যদিও এতিয়া কম বয়সীয়া লোকসকলো ইয়াৰ বলি হৈছে। বাতবিষ বুলিও জনাজাত গাউটৰ ফলত গাঁঠিবোৰ ফুলা, বিষ আৰু জঠৰতা হয়। শৰীৰৰ যিকোনো গাঁঠিত ইয়াৰ প্ৰভাৱ পৰিব পাৰে যদিও হাত, আঁঠু, নিতম্ব আৰু ভৰিত বেছিকৈ হয়।
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যিকোনো ব্যক্তিৰ বাতবিষৰ সমস্যা হ’ব পাৰে। এই সমস্যা বৃদ্ধসকলৰ মাজত প্ৰচলিত যদিও ২০ বছৰৰ তলৰ লোক আৰু আনকি শিশুও এতিয়া ইয়াৰ বলি হৈছে।
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বাতবিষৰ বাবে জৈৱিক, হৰম’ন আৰু জীৱনশৈলীৰ কাৰক দায়ী হ’ব পাৰে। যিসকল লোকৰ ইউৰিক এচিড প্ৰায়ে বৃদ্ধি হৈ থাকে, তেওঁলোকৰো এই ৰোগৰ আশংকা থাকিব পাৰে।
বাতবিষ কেনেকৈ হয় ?
গাঁঠি আৰু কোমল হাড়ত ‘স্ফটিক’ জমা হোৱাৰ ফলত ‘ক্ৰিষ্টাল আৰ্থ্ৰ’পেথী’ গোটৰ বাতবিষ হয় । তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হৈ গাঁঠিত বেজীৰ দৰে ‘স্ফটিক’ গঠন কৰিলে বিষ হয় আৰু ফুলি উঠে।
বাতবিষত আক্ৰান্ত ৰোগীয়ে ইয়াক প্ৰায়ে তীব্ৰ বিষ বুলি বৰ্ণনা কৰে। সাধাৰণতে ভৰিৰ ডাঙৰ আঙুলিৰ পৰা আৰম্ভ হয় আৰু প্ৰায়ে ছালত সামান্যতম স্পৰ্শও অসহ্যকৰ কৰি তোলে।
বাতবিষৰ সমস্যা আৰু ইয়াৰ লক্ষণ :
বাতবিষৰ নিদান সাধাৰণ লক্ষণ যেনে অসহ্যকৰ বিষ, ফুলা আৰু আক্ৰান্ত গাঁঠি আৰু আশে-পাশে ৰঙা পৰাৰ ওপৰত ভিত্তি কৰি কৰা হয়। ফুলা গাঁঠিৰ পৰা লোৱা তৰল পদাৰ্থ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে ‘স্ফটিক’ দেখা যাব পাৰে। ইয়াৰ উপৰিও তেজৰ পৰীক্ষাত সাধাৰণতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়।
বাতবিষ প্ৰতিৰোধৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা, ওজন নিয়ন্ত্ৰণ কৰা, সুষম খাদ্য গ্ৰহণ কৰা, চিগাৰেট আৰু মদ্যপান পৰিহাৰ কৰা, পৰ্যাপ্ত পৰিমাণৰ পানী আৰু অন্যান্য তৰল পদাৰ্থ সেৱন কৰা আৰু নিয়মিতভাৱে ব্যায়াম কৰাটো অতি আৱশ্যকীয় ।
ইউৰিক এচিড বৃদ্ধিৰ কাৰণ :
সাধাৰণতে অত্যধিক মদ্যপান, মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ বাবে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ বাবে পিউৰিন সমৃদ্ধ খাদ্য সেৱনেও দায়ী বুলি বিশ্বাস কৰা হয়। পিউৰিন হৈছে সেইবোৰ যৌগ য’ত ইউৰিক এচিড পোৱা যায়। ইয়াত থকা খাদ্যসমূহৰ ভিতৰত মাংস, যকৃত, তেলীয়া মাছ যেনে মাগুৰ আৰু পংকজ মাছ, আৰু কিম্বনযুক্ত খাদ্য আৰু বিয়েৰ আদি।
যিসকল লোকৰ ইউৰিক এচিডৰ মাত্ৰা অধিক থাকে তেওঁলোকৰ বাতবিষ হোৱাৰ সম্ভাৱনা বেছি হ’ব পাৰে।
চিকিৎসাৰ বাবে উপলব্ধ ফলপ্ৰসূ ঔষধ :
কেৱল খাদ্যাভ্যাস সলনি কৰিলেই বাতবিষৰ লক্ষণৰ পৰা সকাহ পোৱা সম্ভৱ নহয়। ঔষধৰ যোগেদি বাতবিষৰ বিষৰ উত্থান আৰু ৰোগ অধিক ভয়াৱহ হোৱাৰ পৰা ৰোধ কৰিব পাৰি।
• নেমুৰ ৰস, কৰ্দৈ টৈঙাৰ আঞ্জা, পাতে গজা আদি মাজে সময়ে খাব লাগে।
• পিউৰিন যুক্ত খাদ্য - তেলাল মাছ, মাংস, গাখীৰ, চেনি, মদ, পালেং শাক, ব্ৰইলাৰ মাংস, গাহৰিৰ মাংস , হাঁহৰ মাংস, উৰহী, কোমোৰা , পকা কল ইত্যাদি খাদ্য খাব নালাগে।
• গাঁঠিবোৰ ফুলিলে ইবুপ্ৰ’ফেন, নেপ্ৰ’ক্সেন বা ষ্টেৰইড আদি প্ৰদাহ নিবাৰণকাৰী ঔষধ দিয়া হয়। প্ৰদাহ নোহোৱা হ’লে ভৱিষ্যতে বাতবিষৰ বিষ আৰু ফুলা পুনৰ হ'ব পাৰে যদিহে খাদ্য বাচি নাখায় আৰু শাৰীৰিক পৰিশ্ৰম নকৰে ।
• যদি আপুনি সৰুৰে পৰা সঘনাই আঁঠুৰ বিষ আৰু ফুলা ৰোগত ভুগি থাকে, তেন্তে এই ক্ষেত্ৰত নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।
• যিকোনো ঔষধ সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব।