( অপূৰ্ব দাস )
প্ৰায়বোৰ ঘৰতে নয়নতৰা ফুল পোৱা যায়। বেছিভাগ মানুহেই নিজৰ চোতালত, বেলকনি বা বাৰীত নয়নতৰা ফুল ৰোপণ কৰে। নয়নতৰা ফুলে কেৱল ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, এই ফুলবোৰ ছালৰ বাবেও অতি উপকাৰী।
নয়নতৰা ফুলত এন্টিঅক্সিডেন্ট আৰু এন্টি বেক্টেৰিয়েল গুণ থাকে, যিয়ে ছালখনক ব্ৰণৰ পৰা ৰক্ষা কৰে। ছালৰ কলা দাগ আৰু ছালৰ ৰোগ আঁতৰোৱাত নয়নতৰা ফুল ফলপ্ৰসূ।
এই ফুলবোৰে ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। লগতে, ই এন্টি এজিঙৰ বাবেও কাম কৰে। নয়নতৰা ফুলৰ পেষ্ট লগালে বলিৰেখা আৰু মিহি ৰেখাবোৰ দূৰ হয়। নয়নতৰা ফুলৰ পেষ্টো মুখত লগাব পাৰে। ইয়াৰ আন এক উপকাৰ আছে যে ডায়েবেটিচ ৰোগীয়ে ইয়াৰ ৰস খালে তেজৰ চেনিৰ পৰিমাণ কম হয়।
(১) নয়নতৰা ফুলৰ পেষ্ট
নয়নতৰা ফুলৰ পেষ্ট পোনে পোনে মুখত লগাব পাৰে। ইয়াৰ বাবে ৫-৬ টা ফুল লওক। এতিয়া এই ফুলবোৰৰ মিহি পেষ্ট বনাওক। মুখত লগাব। এই পেষ্ট শুকাই গ’লে আঙুলিৰ সহায়ত স্ক্রাব কৰি পেষ্টটো আঁতৰাই পেলাব লাগে। ইয়াৰ দ্বাৰা মুখৰ পৰা ক’লা দাগ আৰু মৃত ছালৰ কোষবোৰ সহজে আঁতৰ হয়। নয়নতৰা ফুলৰ পেষ্ট মুখত সপ্তাহত ৩-৪ বাৰ লগাব পাৰে।
(২) নয়নতৰা ফুলৰ পেষ্ট আৰু গোলাপৰ পানী।
নয়নতৰা ফুল গোলাপ পানীৰ ( Rose Water ) লগত মিহলাইও লগাব পাৰে। ইয়াৰ বাবে ফুলৰ পেষ্ট লওক। তাত গোলাপ পানী মিহলাই তাৰ পিছত মুখত লগাব। আধা ঘণ্টাৰ পিছত পানীৰে মুখখন ধুব। গোলাপৰ পানীয়ে ছালখন হাইড্ৰেট আৰু মইশ্ব’ৰাইজ কৰে। ইয়াৰ ফলত ছালত আৰ্দ্ৰতা বজাই ৰাখে। এই পেষ্ট প্ৰয়োগ কৰিলে ছালখন কোমল আৰু উজ্বল হৈ পৰে।
(৩) নয়নতৰা ফুল আৰু দৈ গাখীৰ
নয়নতৰা ফুল আৰু দৈ গাখীৰ একেলগে মিহলাই মুখত লগাব পাৰে। ইয়াৰ বাবে ফুলৰ পেষ্ট বনাওক। তাত ২-৩ চামুচ দৈ গাখীৰ দিব। এতিয়া এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাব। ২০-২৫ মিনিটৰ পিছত মুখখন পানীৰে পৰিষ্কাৰ কৰি লওক। এই পেষ্ট প্ৰয়োগ কৰিলে মুখত জমা হৈ থকা মৃত ছালৰ কোষবোৰ সহজে আঁতৰি যায় আৰু উজ্জ্বলতা বৃদ্ধি হয়।
(৪) নয়নতৰা ফুলৰ ৰস আৰু বেচন
নয়নতৰা ফুলৰ ৰস আৰু বেচন মুখত লগাব পাৰে। ইয়াৰ বাবে ফুলবোৰ মিহিকৈ পিহি লওক। এতিয়া ইয়াৰ ৰস উলিয়াই তাৰ লগত বেচন ২-৩ চামুচ মিহলি কৰি পেষ্ট বনাই মুখত লগাব। ৪০-৪৫ মিনিটৰ পিছত মুখখন ভালদৰে পানীৰে ধুব। এই মিশ্ৰণে ছালৰ জিলিকনি বৃদ্ধি কৰে। এই পেষ্ট প্ৰয়োগ কৰিলে ৰʼদে পোৰা দাগ আঁতৰি যায় আৰু বগা হয় । ইয়াৰ ফলত শালমইনো নাইকীয়া হ'য়।
(৫) নয়নতৰা ফুল আৰু ভিটামিন ই কেপচুল
নয়নতৰা ফুলত ভিটামিন-ই কেপচুল অইল প্ৰয়োগ কৰা বৰ উপকাৰী। ইয়াৰ বাবে নয়নতৰা ফুলৰ পেষ্ট বনাওক। ইয়াত ১-২ ভিটামিন-ই কেপচুল অইল মিহলাই লওক। এতিয়া এই পেষ্টটো মুখত লগাব। তাৰ পিছত আধা ঘণ্টাৰ পিছত পানীৰে মুখখন ধুব। মুখৰ পৰা দাগ আৰু ব্ৰণ আঁতৰোৱাত ভিটামিন ই কেপচুল ফলপ্ৰসূ। এই পেষ্ট লগালে মুখত গোলাপী ৰঙৰ জিলিকনি পোৱা যায়।
চুলিত উফি হ'লেও এনেদৰে মিহলি কৰি গোটেই ৰাতি চুলিৰ গুৰিত লগাই পিছদিনা পুৱা মুৰ ধুব লাগে। এনেদৰে সপ্তাহত ২ দিন কৰিলে উফিৰ সমস্যা দূৰ হয় আৰু চুলি সৰা বন্ধ হয়।