By Good Assam
এমাহজোৰা ৰেণ্ডম নিয়ন্ত্ৰণ পৰীক্ষাই নিশ্চিত কৰিছে যে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ স্মাৰ্টফোনত খৰচ কৰা সময় হ্ৰাস কৰিলে মানুহ অধিক সুখী আৰু অধিক মনোনিৱেশীল হৈ পৰে লগতে বাঢ়ি যোৱা বয়সো লেহেমীয়া হ'য়।
অৰ্থাৎ মোবাইল ফোন সদায় ব্যৱহাৰ কৰিলে সোনকালে বৃদ্ধ হ'য়।
স্মাৰ্টফোনে ব্যৱহাৰকাৰীক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে উদ্বেগ ব্যাপক কৰিছে বিজ্ঞানী সকেল ।
এক গৱেষণাৰ পৰা দেখা গৈছে যে স্মাৰ্টফোনৰ ব্যৱহাৰ মানসিক স্বাস্থ্য আৰু জ্ঞানমূলক কাৰ্য্যকলাপৰ সৈতে নেতিবাচকভাৱে জড়িত যদিও ইয়ে মানসিক শান্তি দিলেও নেটৱৰ্কৰ অত্যাধিক ব্যৱহাৰৰ ফলত ( মোবাইল ৰেডিঅ' পাৱাৰ ) মগজুত অধিক চাপ বঢ়ায় , যাৰ ফলত নেতিবাচক প্ৰভাৱ পৰে আৰু বয়স বাঢ়িবলৈ ধৰে। এই মোবাইল ৰেডিঅ' পাৱাৰে শৰীৰৰ কিছুমান অংগ - হাৰ্ট, বৃক্ক আৰু তেজৰ ৰক্ত কণিকাকো ( হিমগ্লবিন ) ক্ষতি কৰে।
বিজ্ঞানী সকলে কয় যে - আমি এনে এটা পৰীক্ষাৰ ৰিপৰ্ট দিছো, দেখিলোঁ যে ২ সপ্তাহৰ বাবে মোবাইল ইণ্টাৰনেট বন্ধ কৰিলে স্মাৰ্টফোনৰ ব্যৱহাৰ হ্ৰাস পায় আৰু বিষয়ভিত্তিক সুস্থতা (SWB) (জীৱন সন্তুষ্টি আৰু ইতিবাচক প্ৰভাৱকে ধৰি), মানসিক স্বাস্থ্য আৰু স্থায়ী মনোযোগ উন্নত হয়। মোবাইল ইণ্টাৰনেটে বহুতো সুবিধা প্ৰদান কৰাৰ পিছতো ডিজিটেল জগতৰ সৈতে অহৰহ সংযোগ হ্ৰাস কৰিলে বৃহৎ ইতিবাচক প্ৰভাৱ পৰিব পাৰে।