নহৰুৰ বাকলিও খাব পাৰি , পেট জ্বলা আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে
By Good Assam
নহৰুৰ বাকলিত আঁহ থাকে, যিটো খালে স্বাস্থ্য উপকাৰ পোৱা যায় । আজিৰ আপোনালোকক জনাবলৈ ওলাইছো নহৰুৰ বাকলি খোৱাৰ উপকাৰিতাৰ বিষয়ে।
নহৰুৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টি ভাইৰেল গুণ আছে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বাকলিৰ লগত নহৰুও খাব পাৰি। নহৰুৰ বাকলিত আঁহ থাকে, যিটো হজম কৰাত অলপ কঠিন হ’ব পাৰে। অৱশ্যে কিছুমান ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি। আজি আপোনালোকক জনাবলৈ ওলাইছো নহৰুৰ বাকলি খোৱাৰ উপকাৰিতাৰ বিষয়ে।
নহৰুৰ বাকলিৰ উপকাৰীতা:
• এন্টিঅক্সিডেন্ট গুণ – নহৰুৰ বাকলিত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। ফ্ৰী ৰেডিকেলে এজন মানুহক সোনকালে বুঢ়া কৰে।
• বিষমুক্ত কৰা গুণ – কিছুমান প্ৰাকৃতিক উপায়ত নহৰু বাকলিৰ লগতে ৰন্ধা বা উতলাই খোৱাটো বাঞ্ছনীয়।
ছালৰ স্বাস্থ্য – নহৰুৰ বাকলিত ফেনলিক যৌগ থাকে, যিবোৰ ছালৰ বাবে উপকাৰী ।
কেনেকৈ খাব?
পোৰা নহৰু : বাকলিৰ লগতে নহৰু জুইত ওলপকৈ পুৰা হ’লে বাকলিবোৰ কোমল হয় আৰু খাব পাৰে।
চূপ বা গ্ৰেভিত: নহৰু বাকলিৰ সৈতে সিজাই তাৰ পিছত মিহিকৈ পিহি ব্যৱহাৰ কৰিব পাৰে।
কেঁচাকৈ : বাকলিৰে সৈতে মিহিকৈ গুড়ি কৰি চাটনিৰ সৈতে খাব পাৰে।
নহৰু কেনেকৈ সেৱন কৰিব?
• প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এক ফোট বা দুই ফোট কেঁচা নহৰু খালে উপকাৰ হয়।
• নহৰু মৌৰ লগত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।
• গৰম পানীৰ লগত নহৰু খালে ওজন কমোৱাত সহায় কৰে।
কেতিয়া খাব নালাগে?
• যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা হয় তেন্তে নহৰু খাব নালাগে।
• কেঁচা নহৰুৰ বাকলি চোবাই খাবলৈ অসুবিধা হ’ব পাৰে, গতিকে সেইবোৰ মিহিকৈ পিহি খালে ভাল।
• যদি আপুনি নহৰুৰ বাকলি খোৱাত কোনো সমস্যা হোৱা নাই, তেন্তে আপুনি চেষ্টা কৰিব পাৰে, কিন্তু সাধাৰণতে বাকলি আঁতৰাই খোৱা হয়।