( অপূৰ্ব দাস )
স্বাস্থ্যকৰ, প্ৰটিন সমৃদ্ধ আৰু সহজে বনাব পৰা ব্ৰেকফাষ্টৰ কথা আহিলে প্ৰথম বিকল্পটো হ’ল কণী। সিজোৱা কণী আৰু অমলেট বহুতৰে দৈনিক ব্ৰেকফাষ্টৰ এটা অংশ।
ব্ৰেকফাষ্ট ভৰপূৰ আৰু স্বাস্থ্যকৰ কৰি তুলিবলৈ কণী সেৱন কৰা হয়। প্ৰটিনৰ উপৰিও কণীত ভিটামিন ডি, কেলচিয়াম আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। এই সকলোবোৰ উপাদানে হাড়, পেশী, দাঁত আৰু ছাল সুস্থ কৰি ৰখাৰ কাম কৰে। লগতে প্ৰতিটো ঋতুতে কণী খাবলৈ উপযোগী বুলি বিবেচিত হয়। অৱশ্যে একাংশ লোকে কণী খাবলৈ ভয় কৰে। উদাহৰণস্বৰূপে হৃদৰোগত আক্ৰান্ত লোকসকলে কণী খোৱাৰ পৰা বিৰত থাকে আৰু ইয়াৰ কাৰণ হ’ল কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ ভয়। গতিকে, কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় নেকি আৰু কণী খালে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়নে ? জানিবলৈ পঢ়িব।
কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় নেকি?
এটা কণীত প্ৰায় ১৮৬ মিলিগ্ৰাম কলেষ্টেৰল পোৱা যায়। একে সময়তে এজন ব্যক্তিয়ে যদি ২-৩টা কণী খায় তেন্তে ৩০০-৪০০ মিলিগ্ৰাম কলেষ্টেৰল পোৱা যায়। মেডিকেল নিউজ টুডেৰ এক প্ৰতিবেদন অনুসৰি কণী খোৱাৰ পিছত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয়। গতিকে কণী যদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত হয় তেন্তে ই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কিন্তু কিছুমান গৱেষণাৰ মতে কণীৰ বগা অংশ সেৱন কৰিলে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি নহয়।
উচ্চ কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ কণী কেনেকৈ খোৱা উচিত?
প্ৰতিদিনে কণী খালে বেয়া কলেষ্টেৰল বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়েহে, মানুহে সাৱধানে কণী খাবলগীয়া হয়। কলেষ্টেৰল থকা ৰোগীয়ে এটা সময়ত কণীৰ আধাতকৈ বেছি খাব নালাগে। কণীৰ বগা অংশহে খাব লাগে ।
একেদৰে কণীৰ প্ৰতি এলাৰ্জি থকা লোকেও কণী সেৱন কৰিব নালাগে। মনত ৰাখিব যে কণী কম পৰিমাণে খালেহে ইয়াৰ সুফল পোৱা যায় আৰু কণীৰ পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰিব পাৰি।
দেহত কলেষ্টেৰল বাঢ়িলে এইবোৰ লক্ষণে দেখা দিয়ে -
• অলপতে ভাগৰ বা গৰম লগা।
• কাম কৰিলেই বেছিকৈ ঘামে আৰু বিষ অনুভৱ কৰে।
• দেহৰ ওজন বৃদ্ধি পোৱা।
• গেষ্ট্ৰীকৰ সমস্যা বা হজমৰ সমস্যাই দেখা দিয়ে।
• উশাহ-নিশাহ চুটি আৰু ঘণ হ'য়, খোজ কাঢ়িবলৈ অসুবিধা হয়।
• হথাতে বুকুত বিষ অনুভৱ কৰা।
• মাজে সময়ে বমি বমি ভাৱ হোৱা।
• বহু সময় বহি থাকিলে বা শুই থাকিলে হাত-ভৰিৰ জিনজিননি ইত্যাদি।