এই বাস্তু দোষবোৰেই স্বামী-স্ত্ৰীৰ মাজত বিবাদৰ সৃষ্টি কৰে। আপোনাৰ ঘৰত এনে বাস্তু দোষ আছে নে নাই পৰীক্ষা কৰক।
( অপূৰ্ব দাস )
স্বামী-স্ত্ৰীৰ মাজত সৰু সৰু বিবাদ এটা স্বাভাৱিক কথা, কিন্তু যেতিয়া এই কাজিয়াবোৰ বাৰে বাৰে হ’বলৈ আৰম্ভ কৰে আৰু সম্পৰ্কত উত্তেজনা বাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়াই চিন্তাৰ বিষয় হৈ পৰে।
এনে পৰিস্থিতিত আপুনি ভাবিছেনে যে আপোনাৰ ঘৰত থকা বাস্তুৰ দোষো এই সমস্যাবোৰৰ আঁৰৰ কাৰণ হ’ব পাৰে?
ঘৰুৱা শক্তি আৰু ইয়াৰ প্ৰভাৱৰ প্ৰাচীন ভাৰতীয় বিজ্ঞান বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰ এখনৰ দিশ, সজ্জা আৰু অন্যান্য দিশসমূহে তাত বাস কৰা লোকসকলৰ জীৱন আৰু সম্পৰ্কত প্ৰভাৱ পেলায়।
• স্বামী-স্ত্ৰীৰ মাজত উত্তেজনা বৃদ্ধি কৰা বাস্তু দোষ
শোৱা কোঠাৰ ভুল দিশ
যদি শোৱা কোঠাটো দক্ষিণ-পশ্চিম দিশত নাথাকে তেন্তে স্বামী-স্ত্ৰীৰ সম্পৰ্কত অস্থিৰতা আৰু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। এই দিশ স্থিৰতা আৰু সমন্বয়ৰ প্ৰতীক।
• দাপোনৰ ভুল অৱস্থান
শোৱা কোঠাত বা বিচনাৰ ঠিক সন্মুখত আইনাখন ৰখাৰ পৰা বিৰত থাকিব লাগে। এনে কৰিলে নেতিবাচক শক্তি বৃদ্ধি পায়, যাৰ ফলত কাজিয়া আৰু মতানৈক্যৰ সৃষ্টি হ’ব পাৰে।
• ভঙা আচবাব
ভঙা বা ক্ষতিগ্ৰস্ত আচবাবে ঘৰলৈ নেতিবাচক শক্তি আকৰ্ষণ কৰে, যিয়ে সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব পাৰে।
• বেৰৰ ৰং
ঘৰৰ বেৰত লগোৱা গাঢ় , ক'লা আৰু ৰঙা ৰঙে উত্তেজনা আৰু মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। শোৱা কোঠাত পোহৰ আৰু শীতল ৰঙৰ ব্যৱহাৰে সম্পৰ্কবোৰ মধুৰ কৰি তোলাত সহায় কৰে। শুৱনি কোঠাত পাতল সেউজীয়া, পাতল গালাপী ৰং অতি উত্তম।
• উত্তৰ-পূব দিশত জাবৰ পেলোৱা :
ঘৰৰ উত্তৰ-পূব দিশৰ বাস্তুত অতি গুৰুত্ব আছে। এই অঞ্চলত জাবৰ জমা কৰিলে বা পেলালে সম্পৰ্কত টেঙা হ’ব পাৰে।
• মূল দূৱাৰৰ দোষ
মূল দুৱাৰ ভুল দিশ বা তাৰ ওপৰত ক’লা ৰং কৰিলে সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ঘৰৰ মূখ্য দুৱাৰ খন কেতিয়াও দক্ষিণ মুখৰ হ'ব নালাগে।
• বাস্তু দোষ আঁতৰোৱাৰ উপায় -
• শোৱা কোঠাটো দক্ষিণ-পশ্চিম দিশত ৰাখক, কিয়নো ই স্থিৰতা আৰু ভাৰসাম্যৰ প্ৰতীক।
• আইনাখন এনেদৰে ৰাখক যাতে বিচনাৰ সন্মুখত নহয়। ৰাতি হ'লে আইনাখন ঢাকি ৰাখিব লাগে।
• ভঙা আচবাব তৎক্ষণাত সলনি কৰক, কিয়নো ইয়াৰ ফলত সম্পৰ্কত ব্যাঘাত জন্মিব পাৰে।
• শোৱা কোঠাত পাতল আৰু শীতল ৰং ব্যৱহাৰ কৰক, যেনে পাতল গোলাপী, পাতল সেউজীয়া।
• ঘৰৰ উত্তৰ-পূব দিশটো সদায় পৰিষ্কাৰ আৰু সংগঠিত কৰি ৰাখক।
• মূল দুৱাৰৰ দিশ শুধৰাই তাত শুভ চিহ্ন স্বস্তিকা ব্যৱহাৰ কৰক।