( অপূৰ্ব দাস )
মহাৰাষ্ট্ৰৰ বুলধনা গাঁৱত সংক্ৰমণ হৈছে এক বিপজ্জনক ৰোগ। এই ৰোগত মানুহৰ চুলি দ্ৰুতগতিত সৰিছে। আটাইতকৈ আচৰিত কথাটো হ’ল মাত্ৰ তিনিদিনতে মানুহ টকলা হৈ পৰিছে।
মানুহে বৰ্তমানৰ এইচ এম পি ভি ভাইৰাছক অতিশয় ভয় কৰি আছে , ইয়াৰ লগে লগে ভাৰতত আন এটা অদ্ভুত ৰোগে প্ৰৱেশ কৰিছে। মহাৰাষ্ট্ৰৰ বুলধনাত এটা গুৰুতৰ আৰু অদ্ভুত ৰোগ বিয়পি পৰিছে। য'ত মানুহৰ চুলি হঠাতে সৰি পৰে।
এই অদ্ভুত ঘটনাৰ বাবে মহাৰাষ্ট্ৰৰ তিনিখন গাঁৱত আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে। হঠাতে চুলি সৰা আৰু টকনা হোৱাৰ সমস্যাৰ সৈতে যুঁজিছে পুৰুষ-মহিলা-শিশু। বুলধনা জিলাৰ এই গাঁওবোৰত প্ৰায় ৩০ৰ পৰা ৪০জন লোকে চুলি বহু সৰি পৰা বুলি কৈছে। ইয়াৰ পিছতে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বিষয়াসকলে।
তাতোকৈ চাঞ্চল্যকৰ কথাটো হ’ল কিছুমান ক্ষেত্ৰত মানুহৰ চুলি কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণৰূপে সৰি পৰি টকনা হৈছে। হঠাতে চুলি সৰি পৰাৰ আঁৰত কিবা বেমাৰ আছে নে আন কিবা কাৰণ আছে সেয়া ৰহস্য হৈয়েই আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছত সমগ্ৰ জিলাখনত উদ্বিগ্নতা আৰু আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে।
বহু লোকৰ হঠাৎ চুলি সৰাৰ ধাৰাবাহিক খবৰ পোৱাৰ পিছত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে বণ্ডগাঁও, কলৱাদ আৰু হিংগনা গাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু ৰোগীসকলক পৰীক্ষা কৰি এই পৰিঘটনাৰ কাৰণ জানিবলৈ দিয়ে - এগৰাকী মহিলাই কয় যে তেওঁৰ চুলি সৰি আহিছে যোৱা দেওবাৰৰ পৰা। একেবাৰে টকনা হৈ পৰে। সৰু বেগ এটাত চুলিখিনি সুৰক্ষিত কৰি ৰাখিছে তাই।
এজন যুৱকে কয় যে তেওঁৰ চুলিও সৰিছে আৰু যোৱা ১০ দিন ধৰি তেওঁৰ মূৰৰ চুলিবোৰ দ্ৰুতগতিত সৰিছে। তেওঁৰ মুখৰ দাড়িও সৰি পৰিছে। তদন্তকাৰী দলটোত অন্তৰ্ভুক্ত এজন ছালৰ যত্ন বিশেষজ্ঞই জনোৱা মতে, তিনিখন গাঁৱৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
জিলা স্বাস্থ্য বিষয়া আমোল গীতে কয় যে তথ্য লাভ কৰাৰ লগে লগে আমি প্ৰাথমিক তদন্তৰ বাবে এজন ছালৰ বিশেষজ্ঞ আৰু এজন মহামাৰী বিশেষজ্ঞক গাঁওখনলৈ পঠিয়াইছিলো। প্ৰায় ৯৯ শতাংশ ৰোগীৰ মূৰৰ ছালত ভেঁকুৰৰ সংক্ৰমণ দেখা যায়। যাৰ বাবে মানুহৰ চুলি সৰি পৰে। আমিও পানী পৰীক্ষা কৰি চাম যে ইয়াত গধুৰ ধাতু আছে নে নাই। কাৰণ ইহঁতে ভেঁকুৰৰ সংক্ৰমণৰ প্ৰসাৰ ঘটায়। আমি ২ৰ পৰা ৪ জন ৰোগীৰ ছালৰ নমুনা লৈ আকোলা মেডিকেল কলেজলৈ মাইক্ৰস্কোপিৰ বাবে প্ৰেৰণ কৰিম। গীতে কয় যে পানীৰ নমুনাৰ পৰীক্ষা আৰু বায়’প্সিৰ ৰিপ’ৰ্ট দুই-তিনি দিনৰ ভিতৰত আহিব। চুলি সৰা কাৰণৰ বিষয়ে এতিয়াও সুনিৰ্দিষ্ট একো ক’ব পৰা হোৱা নাই।