Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

মানুহৰ বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰৰ উপায়

মানুহৰ বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰৰ উপায় 





পৃথিবীৰ বিভিন্ন দেশৰ লগতে অসমৰ বনাঞ্চল সমূহত আৰু অসমীয়াৰ ঘৰতে পোৱা বহু গছ-লতা, ফল-ফুল আদিৰ পৰা তৈয়াৰী বিভিন্ন বন-দৰবে মানুহৰ ৰোগ নিৰাময়ত কিদৰে সহায় কৰিব পাৰে তাৰেই এটি চমু আলোচনাৰে লেখাটি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে।




বন-দৰবৰ দ্বাৰা ৰোগৰ পৰা উপশম পাবলৈ তলত দিয়া উপাই সমূহ প্ৰয়োজনীয়ঃ-

১) কাহঃ-

ৰোগৰ লক্ষনঃ-ডিঙি শুৰশুৰাই, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, নাকেদি পানী ওলাই আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ ওলাই।

বনদবৰঃ-

১) ২০টোপালমান নহৰু ৰসৰ লগত মাটিকঠালৰ ৰস অলপ মিহলাই চৰবত কৰি খালে সকলো কাহ ভাল হয়।

২) পুৰণি কাহত এচামুচ কেঁচা হালধিৰ ৰসত ২চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে।

৩) শিশুৰ কাহ হলে ৪,৫ টা দোৰুন ফুল পিহি ১চামুচ মৌজোলেৰে মিহলা কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়।

৪) তৰুৱা গদমৰ ৫০গ্ৰাম পাতৰ ৰস ২চামুচ পানী আৰু ৫গ্ৰাম চেনী মিশ্ৰন কৰি খালে উত্তম ফল পোৱা যায়।

৫) কুঁহিয়াৰৰ ৰস ১০০মিঃলিঃমান দিনে ২বাৰকৈ খালে শুকান কাহ ভাল হয়।

৬) একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে।

৭) কেঁচা মূলাৰ ১২চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮চামুচ মিহলি কৰি দিনে ২বাৰকৈ খালে কাহ ভাল হয়।

৮) ৩,৪ টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়।

৯) তুলসী পাতৰ লগত মৌজোল মিহলাই খালেও কাহ ভাল হয়।

১০) সিজু গছৰ পাত চিঙি অলপ গৰম কৰিলে যি ৰস ওলাই তাৰে ১কাপমানত অলপ খাব পৰাকৈ নিমখ দি দিনে ২ বাৰ মান খালে কাহ ভাল হয়।

১১) বজাৰৰ পৰা অলপ মিঠৈ বা গুৰ আনি চচপেন এটাত লৈ তাত সামন্য পানী মিহলাই উতলালে আঠাৰ দৰে (কুঁহিয়াৰৰ পকা ৰসৰ দৰে) হলেই সেইখিনি গৰমে গৰমে সহ্য কৰিব পৰাকৈ পি খাই দিলেও কাহৰ পৰা ৰক্ষা পাব পাৰি।






২) দাঁতৰ বিষঃ-

ৰোগৰ লক্ষনঃ- প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিছলৈ দাঁতৰ গুৰিত বিষ হয়।

বন-দৰবঃ-

১) ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিলাই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।

২) সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিস্কাৰ হয়, দাঁতৰ বীজানু নাশ হয় আৰু দাঁতৰ বিষ দুৰ হয়।

৩) কুমলীয়া এচাৰি (জাতি বাঁহৰ) জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।

৪) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।

৫) ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু মিশ্ৰন পিহি বিষোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ নাইকিয়া হয়।

৬) মধুৰিআমৰ পাতৰ ৰস, কেঁহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত ঘহিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়।

৭) আদা এটুকুৰা নিমখ লগাই চোবাই খালেও দাঁতৰ বিষ কম পোৱা যায়।


৩) পায়োৰিয়া ৰোগঃ-

ৰোগৰ লক্ষণঃ- দাঁতৰ গুৰিয়েদি যেতিয়াই তেতিয়াই তেজ ওলাই। বিষ নাথাকে। মুখ বেয়া গোন্ধ কৰে।

বন-দৰবঃ-

১) কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়।

২) দিনে ৩,৪বাৰকৈ বকুল গছৰ বাকলিৰ ৰসেৰে কিছুদিন মুখ কুলকুলি কৰিলে তেজ ওলোৱা বন্ধ হয়।

৩) দুৱৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে।

৪) বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁত ঘহিব লাগে।

৫) ২০টামান মধুৰী আমৰ পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকলিয়াব লাগে।

৫) আমলখি ২টামান চোবালে দাঁতৰ তেজ ওলোৱা নাইকিয়া হয়।







৪) টকৌৱে খোৱাঃ-

ৰোগৰ লক্ষনঃ- চুলিৰ গুৰিত অলপ খজুৱাই, চুলিবিলাক কেচাই কেচাই সৰাৰ ফলত তালু ওলাই পৰে।

বন-দৰবঃ-

১) পিঁয়াজ (আকাৰত সৰু, বেছি জ্বলা) এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে।

২) টকৌৱে খোৱা অংশত নতুন বেজি এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি গুটি পিহি প্ৰলেপ দিব লাগে।

৩) নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে।

৪) হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে।

৫) শেৱালী ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে।

৬) ভেঁকুৰী ৮,১০টা মান খুন্দি তাত মৌজোল মিহলাই ৪,৫ ঘণ্টামান মূৰত প্ৰলেপ দি ধুব লাগে।

৭) ভোমোৰা ফলৰ বাকলি গুডি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে।

৮) জেতুকা গুটি পিহি মূৰত সানিব লাগে।


৫) উচ্চ ৰক্তচাপঃ-

ৰোগৰ লক্ষণঃ-এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণী হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয। চকুৰে জলক-তবক দেখা পাই। খুব গৰম লাগি থাকে আৰু ঘামি থাকে। টোপনি কম হয়, গা জিন-জিনাই, উত্তেজনা,উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে।

বন-দৰবঃ-

১) কেঁচা নহৰু ২ফুটাকৈ দিনে ভাতৰ লগত একেৰাহে একমাহ মান খালে উচ্চৰক্ত চাপ স্বাভাবিক অৱস্থালৈ আহে।

২) সৰ্পগন্ধাৰ ৰস ২চামুচকা দিনে ২ বাৰকৈ খাব লাগে।

৩) ছলকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়।

৪) কলীয়া তুলসীৰ ১০চামুচ ৰসৰ লগত ৮চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনে ২বাৰৈ খাব লাগে।

৫) বিলাহীৰ ৰস ২০০মিঃলিঃ প্ৰতিদিনে খাব লাগে।

৬) আমলখি ৭,৮টামান থুন্দি তাক মিচিৰিৰ লগত খালে ৰক্তচাপ কমে।

৭) চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা খালি পেটত চজিনাৰ পাতৰ ৰস ৫০মিঃলিঃ খাব লাগে।

৮) মানিমুনি বা ব্ৰাহ্ম শাকৰ ৰস ৭,৮চামুচকৈ মৌজোলৰ লগত মিচিৰি মিহলি কৰি একেৰাহে ১৫,২০ দিন খাব লাগে।

৯)নেফাফুৰ কুমলীয়া আগ ৪টা, ৪ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে।

১০) জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে।

১১) ভাতৰ লগত সদায় এফুটামান পকা তেতেলি খালে ৰক্তচাপ স্বাভাবিক অৱস্থালৈ আহে।

৬) নিম্ন ৰক্তচাপঃ-

ৰোগৰ লক্ষণঃ-শৰীৰ দুৰ্বল হয়, শৰীৰৰ উত্তাপ কমি যায়, মাজে মাজে মূৰ ঘুৰাণী হয়।

বন-দৰবঃ-
১) পনৌনোৱা শাক দিনে ১০০গ্ৰাঃ মানকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায় হয়।

২) ভীমকলৰ কলদিল দিনে ২বাৰকৈ একেৰাহে ২,৩দিন ৰান্ধি খোৱা ভাল।

৩) আধা লিটাৰ গাখীৰৰ লগত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় ।

৪) আহাৰৰ লগত দিনে ২ ফালমান কেঁচা পিয়াজ আৰু কুকুৰা কণী খাব পাৰিলে ভাল।

৫) পাৰৰ মাংসৰ লগত কলদিন খালেও এইৰোগ স্বাভাবিক অৱস্থালৈ আহে।

৬) কলীয়া কছুৰ থোৰ কেইটামান জালুক দি ৰান্ধি খাব লাগে।








৭) খৰঃ-

ৰোগৰ লক্ষণঃ-শৰীৰৰ যিকোনো ঠাইত এইৰোগে দেখা দিব পাৰে। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাক হোৱা ঠাইত খজুৱতি হয় আৰু খজুৱাই দিয়াৰ লগে লগে তাৰ পৰা আঠা জাতীয় পানী ওলায়। এই আঠা জাতীয় পানী পিন্ধা কাপোৰ বা দেহৰ আন অংশত লাগিলে সেই স্থানতো খৰ হোৱাৰ সম্ভাৱনা থাকে।

বন-দৰবঃ-
১) কেঁচা হালধি পিহি দিনত ৩বাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ খৰ হোৱা স্থানত খজুৱাই লগালে খৰ ভাল হয়।

২) নহৰু ৪,৫ফুটা খুন্দি খৰ হোৱা স্থানত লগালে খৰ সহজে ভাল হয়।

৩)মাখিয়তি গছৰ ঘাই শিপাজালৰ ৩ইঞ্চি মানকৈ তিনি টুকুৰা কৰি ভালকৈ খুন্দি খৰ হোৱা ঠাইত লগালে বহু পুৰণি খৰো ভাল হয়।

৪) কলীয়া তুলসীৰ পাত কেইটামান মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজুৱাই দিনে ২,৩বাৰকৈ লগালে খৰ ভাল হয়।

৫) অমিতাৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে ভাল হয়।

৮) কৃমিঃ-

ৰোগৰ লক্ষণঃ-টোপনিত দাঁত কৰচে, নাক খজুৱাই, শৌচৰদ্বাৰ পিৰপিৰাই, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰস্ৰাৱ হয়, মিঠা বস্তু খাবলৈ মন যায়, আঙুলিৰ বিষ হয়, গাঠি উখহি পৰে, জিভাৰ পানী ওলায থাকে আৰু ৰক্তহীনতাও হৱ পাৰে।

বন-দৰবঃ-

১) নেমুৰ গুটি ৫টা খুন্দি পানীৰ সৈতে খালি পেটত খালে কৃমি নাশ হয়।

২) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস এচামুচ খুৱালে শিশুৰ কৃমি মৰে।

৩) ১গ্ৰাঃ মিঠৈ বা গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়।

৪) তিতা বাহক আঞ্জা কৰি ৰান্ধি খুৱালেও কৃমি নাশ হয়।

৫) দুটোপাল ধঁতুৰা পাতৰ ৰস ৫চামুচমান গুৰ মিহিলি কৰি খালে কৃমি মৰে।

৬) দিনে ৪চামুচমানকৈ আমলখিৰ ৰস একেৰাহে ৫দিনমান খালে কৃমি নাশ হয়।

৭) আনাৰসৰ কোঁহ পাত পিহি তাৰ লগত অলপ চেনী মিহলাই শুদা পেটত খাব লাগে।

৮) নেমুৰ বাকলি কেঁচাই কেঁচাই চোবাই খালেও কৃমি নাশ হয়।

৯) ৫ফুটা নহৰুৰ লগত আধা কাপ গাখীৰ সিজাই খুৱালে কৃমি নাইকিয়া হয়।







৯) বেচুঃ-

ৰোগৰ লক্ষণঃ- ছাল ৰঙা পৰে আৰু সেই ঠাইত ফোঁহাৰ দৰে হয়। ফোঁহা ফাটি ৰস বাহিৰ হয আৰু তাত ঘা হয়। বেচু ৰোগ দুবিধ, এবিধ শুকান বেচু আৰু আনবিধ পানী বেচু।

বন-দৰবঃ-

১) টেঙেচি টেঙা বটি বেচু হোৱা ঠাইত লগালে ভাল হয়।

২) এৰাপাত ১ খিলা খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল।

৩)পচতীয়াৰ শিপা আৰু পাত খুন্দি তিলৰ লগত মিহলাই প্ৰলেপ দিব লাগে।

৪) বেচু হোৱা ঠাইত খজুৱাই নেমুৰ ৰস লগালে বেচু ভাল হয়।

৫)নিমৰ তেলেৰে মালিচ কৰিলে বেচু ভাল হয়।

৬) ধঁতুৰাৰ ২,৩ টা পাত খুন্দি তাক বেচু হোৱা ঠাইত কিছু সময় প্ৰলেপ দি ৰাখিব লাগে।

৭) ৰজনীগন্ধাৰ আলু পিহি এৰাতি বান্ধি ৰাখিব লাগে।

১০) হাঁপানিঃ-

ৰোগৰ লক্ষণঃ-কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণী শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।

বন-দৰবঃ-
১) এটা নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰণা আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়।

২) কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰণা আদাৰ ৰস সমপৰিমানৰ লৈ ৰাতিপুৱা আৰু গধুলি দিনে দুবাৰকৈ কিছুদিন খালে হাঁপানি ৰোগ ভাল হোৱা দেখা যায়।

৩) সৰিয়হ তেলত নিমখ মিহলৈ কৰি বুকুত মালিচ কৰিব লাগে।

৪) যেষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্ৰত্যেকৰ ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯দিন খালে হাঁপানি ৰোগীয়ে যথেষ্ট আৰাম পায়।

৫) পুৰণি গুৰ (অতি কমেও ৩বছৰীয়া হলে ভাল) ৩০ গ্ৰামৰ লগত সৰিয়হৰ তেলৰ ২চামুচ মিহলি কৰি খাব লাগে।

৬) পুৰণি ঘিউ আকণৰ পাতত লগাই সেই পাত জুইত সেকি বুকুত ৰাখিব লাগে।

৭) আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস, কাহ বা হাঁপানি ৰোগ উপশম হয়।

৮) দৈনিক ১০,১৫টাকৈ ভেঁকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হোৱা দেখা যায়।

৯) ৰবাব টেঙাৰ শিপা ২৫গ্ৰাম, শিলিখা ৫টা, আদা ২০গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধব লোণ মিহলি কৰি দিনে ২বাৰ ৰাতিপুৱা আৰু গধুলি খাব লাগে।

১০) বগা পদুম ফুল আৰু জালুক ১২গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁপানি ৰোগ ভাল হয়।

১১) ২টা জালুক আৰু ১০০গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দিনে ২বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়।


( তথ্য সংগ্ৰহ )


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.