পৃথিৱীৰ মৰম
প্রচণ্ড শব্দৰে ধুমুহা-ঢেৰেকনিৰে পবিতৰাৰ আকাশৰ বুকু যেন ছিৰাছিৰ হৈ ফাটিছিল। মানব আৰু পশু-পক্ষীয়ে যিয়ে যেনেকৈ পাৰে মানে থৰকাছুটি হেৰুৱাই নিৰাপদ ঠাইলৈ ঢাপলি মেলিছিল। ম'বাইল ফোনৰ গ্রাহকসকলে বিপদাশংকাত ছুইচ অফ কৰিছিল। গৃহিণীসকলে ফ্রিজ-টিভিৰ দুইচবোৰ অনিচ্ছাবে অফত ৰাখিছিল। উদ্ভিদৰাজিয়ে মজবুত কৰিছিল মাটিত শিপাৰ খোপনি। কাৰোবাৰ ঘৰৰ চালৰ টিনপাটবোৰ প্রায় ঠিকনাবিহীন হৈছিল। বৰফৰ কঠিন টুকুৰাই সজোৰে আঘাত কৰিছিল ঘৰৰ চৌপাশত।
এয়া আছিল বতৰৰ আকস্মিক পৰিৱৰ্তন। এই বতৰৰ সৃষ্টি কৰিছিল গ্লিজ-ফাইভ-এইট বান নামৰ তৰাটিৰ পৰিয়ালৰ এটি গ্রহ, 'কৃষ্ণ'-ৰ অধিবাসী বিজ্ঞানীৰ এটি দলে। তেওঁলোকে ইতিমধ্যে পৃথিৱীলৈ দুবাৰকৈ আহি, অৰণ্যৰ আঁৰৰ সুবিধা গ্রহণ কৰি পিপিতাই ফুৰি উভতি গৈছে। কৃষ্ণ গ্রহৰ অতি সংবেদনশীল কিছুমান উদ্ভিদক পৃথিবীৰ অৰণ্যত ৰোপণ কৰি গৈছে। যি সংগ্রহ কৰিব পৃথিবীৰ বিষয়ে প্রয়োজনীয় তথ্যপাতি। কৃষ্ণ গ্ৰহৰ এই উদ্ভিদসমূহৰ বাকলিৰ তৰপৰ মাজৰ ৰসত মানৱৰ মগজুৰ স্মৃতিকোষৰ দৰে অলেখ নিউৰণ আছে, যি প্রতিটো অভিজ্ঞতাৰ কম্পনক ধৰি ৰাখিব পাৰে নিখুঁতভাবে। ইয়াৰউপৰি উদ্ভিদৰ গাত সংস্থাপন কৰা হৈছে কেমেৰাযুক্ত, অবিকল গছৰ পাতৰ আকৃতিৰ আশ্চৰ্যাকৰ প্রযুক্তিৰ স্বয়ংক্রিয় কম্পিউটাৰ। তথ্যসম্বলিত উদ্ভিদৰ নিউৰণবোৰ কম্পিউটাৰত উপলব্ধ শক্তিশালী বিদ্যুতে নিজৰ ইলেকট্রনিক স্মৃতিকোষলৈ কঢ়িয়াই নিয়ে আৰু সংৰক্ষণ কৰে।.
এটা সাধাৰণ পৰিবেশত এই 'অজান্তি মুলুক'ৰ বিজ্ঞানীৰ দলটোরে পৃথিবীত প্ৰৱেশ কৰিবলৈ কিছু অসুবিধা পাব বুলিয়েই কৃত্রিমভাবে বিজুলী-ঢেৰেকনিৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰিছিল। সিহঁত এই সুযোগতে নামি পৰিছিল পবিতৰাৰ অৰণ্য ৰাজ্যত।
ক্রমে আন্ধাৰ নামি আহিছিল। আবস্তু হৈছিল নিশাচৰ প্ৰাণীৰ উচ্ছল জীবন-যাত্রা। উদ্ভিদবোৰেও দিনৰ খাদ্য প্রস্তুত কাৰ্য্যসূচী সমাপ্ত পৰি ইজোপাই-সিজোপাৰ লগত মেল মাৰিবলৈ সাজু হৈছিল। তাতে আজি এটা নতুন বিষয়- বস্তুৱে পবিতৰাৰ উদ্ভিদৰাজিৰ মাজত চঞ্চলতা আনি দিছে। হালধীয়া আকাশীলতাবোৰে খৰ গতিৰে ইজোপাৰ পৰা সিজোপালৈ বেও মেলি ফুচফুচাইছে নতুন খবৰ, নতুন খবৰ। তাকে শুনি নিলাজী বন, নেমু আদি হুল থকা উদ্ভিদবোৰে গাৰ হুলবোৰ দৃঢ় কৰি তুলিছে। বিপদৰ বতৰা নে সম্পদৰ বতৰা, এতিয়াও সিহঁতে ধৰিব পৰা নাই। কেৱল সেয়াই নহয়, বিভিন্ন নেমুৱে ফলৰ ৰসত এচিডৰ মাত্ৰা বঢ়াই দিছে, যাতে আটায়ে শত্রুপক্ষক বেজবেজাই দি আঁতৰাই পঠাব পাৰে। লতাবোৰ পাক খাবলৈ আৰম্ভ কৰিছে, যাতে এখন ফাণ্ড তৈয়াৰ হয়। চোৰাত গছবোৰৰ কথা ক'বই নালাগে। সিহঁতে পাতবোৰৰ ৰং উজ্জ্বল চিচিকীয়া কৰি তুলিছে। অৰণ্যৰ অন্য উদ্ভিদবোৰৰ কিবা বিপদ যেন দেখিলেই সিহঁতে নিজৰ শৌৰ্য্য-বীর্য্যবে শত্রুক কাষলৈ আকর্ষণ কৰি নিপাত কৰিব।
মহাকাশযানখন নামি অহাৰ খবৰ সকলোতকৈ আগতে গম পাইছিল নিলাজী বনবোৰেই। সিহঁতে মৃত ভাও ধৰাৰ আগে আগে মিহি মাতেৰে আগজাননী দিলে 'সাবধান, সাৱধান অন্যা গ্ৰহৰ জীৱ আহিছে।'
চাওঁতে চাওঁতেই অৰণ্যবাসীৰ চকুৰ আগতে যানখনে ফল্ডিং ছাতিটোৰ দৰেই নিজক সামৰিবলৈ অৰণ্যৰ বুকুৰ মাজত অৱতৰণ কৰিলেহি। অৰণ্যবাসীৰ দৰেই যানখনো সবাক অথচ নীবৱ আচৰণৰ। পৃথিৱীৰ প্রবাসী হৈ গুপ্তচৰৰ দৰে কাম কৰা পৰপৃথিৱীৰ উদ্ভিদবোৰৰ পাতৰ পৰা পাতল সেউজীয়া পোহৰ বিকিৰণ হ'বলৈ ধৰিছে। আপোন জীৱবোৰক লগ পোৱাৰ আনন্দতে বিকিৰিত হৈছিল এই মৰমৰ ৰশ্মি। পৃথিৱীৰ উদ্ভিদতকৈ বৰ বেছি সংবেদনশীল হয়তো। পৃথিৱীৰ উদ্ভিদ কিমান সংবেদনশীল, সেয়া জনাত পৰপৃথিৱীৰ বিজ্ঞানী দলৰ দুৰ্বাৰ হেঁপাহ। কিয়, সেই দলটোৰ এগৰাকী অন্যতম বিজ্ঞানী ৰবিশংকৰ, পৃথিৱীৰ এক মানৱৰে ক্লন; যিজনক কেইবাবছৰৰ আগতে সেই গ্রহৰে আন এটা বিজ্ঞানীৰ দলে বহু সাধনাৰে নিজৰ কৰি লৈ গৈছিল।
পবিতৰাৰ নিজস্ব উদ্ভিদৰাজিয়ে তেওঁলোকৰ প্রতি সদ্ভাৱ স্থাপন কৰিবলৈ লাহে লাহে সাজু হৈছিল।
: মহাশয়, ইতিমধ্যে মানুহকে ধৰি পৃথিৱীৰ উল্লেখযোগ্য পঞ্চাছবিধ প্রাণীৰ ক্লনিং কৰা হৈছে। আপুনি কৈছিল কৃষ্ণ গ্ৰহৰ প্ৰাণীয়ে তালগছৰ ফলবোৰ খাই ভাল পায়, মানে বেছিকৈয়ে ভালপায়। কিন্তু ইয়াৰ কঠিন আন্তৰ্ভাগৰ প্ৰতি আপুনি অসন্তুষ্ট আছিল। কিছু দোষ-ত্ৰুতি আঁতৰাই ইয়াৰো ক্লনিং কৰা হওক।
: নিশ্চয়। তালগছবোৰ বেছি ওখ হোৱাৰ প্রয়োজন নাই; লগতে ফলৰ অন্তৰ্ভাগৰ নাৰিকলখিনি কোমল কৰা হওক।
দলৰ নেতাৰ পৰামৰ্শ অনুসৰি কামত লাগি পৰিছিল ৰবিশংকৰ। কৃষ্ণ গ্ৰহৰ মৰমৰ বিজ্ঞানী তেওঁ।
পৃথিবীবাসী বিখ্যাত গায়ক ৰবীনৰ ক্লন আছিল বিজ্ঞানী ৰবিশংকৰ। অত্যন্ত কল্পনাপ্ররণ আৰু অতি সুন্দৰ গীত-কবিতাৰ স্রষ্টা ৰবীনৰ ক্লন ৰবিশংকৰৰ সৃষ্টি কৰা হৈছিল। ৰবীনৰ কল্পনাপ্রবণ মনটোক বিজ্ঞানভিত্তিক সৃষ্টিশীলতালৈ মডিফাই কৰা হৈছিল ৰবীনৰ জিনৰ গঠনশৈলীত কিছু তাৰতম্য ঘটায়। ৰবীনৰ বিপৰীতে ৰবিশংকৰ হৈ উঠিছে ন ন উদ্ভাৱনৰ কৃষ্ণ গ্রহখ্যাত বিজ্ঞানী। গীত-কবিতা-সুৰৰ বিপৰীতে বাস্তৱৰ জীৱন্ত শৈলীৰ স্রষ্টা। যি সৃষ্টিয়ে জীবন-যাপন কৰে কল্পনাৰ দৰেই।
শ্রেষ্ঠ নহ'বনো কিয়, গীত-কবিতা আৰু বিজ্ঞানৰ কেঁচামাল ভেটিটোৰ একেই। কল্পনাৰ ভেটিত দুয়োৰে জন্ম।
: মহাশয়, তালগছৰ ক্লনিং কৰা হ'ল, মডিফাই কৰা হ'ল। মই ভাবিছোঁ, পৃথিবীতো' ইয়াৰ সঁচ বথা যাওক।
দলটোৰ দলপতি যেন কিছু চিন্তাত পৰিল।
নতুন তালগছৰ আদবে প্রাচীন গছজোপাক হীনমন্যতাত ভোগাব পাৰে। ব্যতিক্রম দুই। এক ব্যক্তিৰ বাহিৰে পুৰণি তালগছক আদৰ কৰা লোকৰ সংখ্যা নাথাকিব। প্রকৃতিৰ নিজস্ব হিচাপমতেই তৈয়াৰ হৈছে প্রাচীন তালগছবোৰ। দলনেতাই তৎক্ষণাৎ সিদ্ধান্ত ল'লে আৰু ক'লে-
: ঠিক আছে, পৃথিবীত ইয়াৰ সঁচ ৰাখিবা;
: সেয়ে হওক।
গোটেই দলটোৱে সন্মতি প্ৰদান কৰি পৰৱৰ্তী কাৰ্য্যসূচীলৈ আগবাঢ়িল। তেওঁলোক এইবাৰ আগবাঢ়ি গ'ল প্রবাসী কৃষ্ণ গ্ৰহৰ উদ্ভিদকেইজোপাৰ ওচৰলৈ, যাৰ গাত তেওঁলোকে গোটেই দলটোৱে সম্মতি প্রদান কৰি মিনি কম্পিউটাৰসদৃশ যন্ত্রটো সংস্থাপন কৰিছিল। তেওঁলোকে যানৰ চৌপাশ আন্ধাৰত ৰাখি ভিতৰত সোমাই পৰিল আৰু অধ্যয়ন কৰিবলৈ সাজু হ'ল প্রবাসী উদ্ভিদকেইজোপাৰ পৰা খুলি অনা তথ্যসম্বলিত অত্যাধুনিক কৌশলটোত।
আটাইতকৈ বেছিকৈ বিজ্ঞানী ৰবিশংকৰে জানি আচৰিত হ'ল যে- পৃথিবীৰ উদ্ভিদৰাশিয়ে পৰম্পৰাৰ মাজত নিয়মীয়াভাৱে ভাবৰ বিনিময় কৰে। মানুহক স্পর্শ কৰিবলৈ মলয়া বতাহৰ সৃষ্টি কৰে। কেবল সেয়াই নহয়, বায়ুত অস্বাভাবিক কল্পনাৰ সৃষ্টি কৰি মানুহক বিপদ সম্পর্কে সজাগ কৰি তোলে। সাধাৰণ মানুহৰ প্ৰতি তেওঁলোক বেছি সংবেদনশীল; কাৰণ, বিনাকাৰণত তেওঁলোকে উদ্ভিদৰ গাত আঁচোৰ এটাও নিদিয়ে। অৰণ্যৰ নিয়মেই হৈছে কাকো বিমুখ নকৰা।
কিন্তু ইয়াৰ যেন বংশবৃদ্ধি দ্রুত নহয়। পৃথিবীৰ বিজ্ঞানীয়ে ঠিক কৰিব নতুন তালগছৰ বংশবৃদ্ধি : কিমান দ্রুত হোৱা উচিত।
যিয়ে অৰণ্য তথা উদ্ভিদক বিশেষ যতনেৰে প্রতিপালন কৰিছে, তেওঁক উদ্ভিদে বিচৰাতকৈয়ো বহুত বেছি দিছে। কেবল সেয়াই নহয়, সেই কম্পিউটাৰত ধৰা পৰিছে, উদ্ভিদৰাশিৰ গীতৰ সুৰ। নিশা তেওঁলোকে অনন্ত-অসীম-অপৰূপ তৰাময় আকাশৰ সৌন্দৰ্য্যত মুগ্ধ হৈ গীত গায়। কেতিয়াবা মানৱৰ প্ৰেমত। আকৌ কেতিয়াবা জোনাক-বিঢৌত নিশাত জোনৰ বন্দনা কৰি গীত গায়। কেতিয়াবা হয়তো মলয়াত এৰি দিছে- দূৰণিৰ অৰণ্যলৈ অমল মৰমৰ বতৰা।
উদ্ভিদৰ এই সকলোবোৰ গীতৰ, কাণ্ড- কাৰখানাৰ ফলত হোৱা বায়ুৰ কল্পনাক পৰপৃথিৱীৰ প্ৰচণ্ড সংবেদনশীল কম্পিউটাৰে ধৰি ৰাখিবলৈ সক্ষম হৈছিল। উদ্ভিদৰ গীতবোৰ শুনা গৈছিল নানা ধৰণৰ বাঁহীৰ মাতৰ সুৰত।
বিজ্ঞানী ৰবিশংকৰ অভিভূত হৈছিল। আনন্দৰ আৱেগত তেওঁৰ চকুপানী বৈ আহিছিল। তেওঁৰ বৰকৈ মনত পৰিছিল পিতৃসম শিল্পী ৰবীনলৈ।
: তোমাক ভাবুক হৈ পৰা যেন দেখিছোঁ, ৰবিশংকৰ?
: সকলো ঠিকেই আছেনে? এই পৃথিৱীৰ প্রতিটো দৃশ্যই, প্রতিটো ঘটনাই আমাক মুগ্ধ কৰে। পৃথিবীবাসীৰ লগত বন্ধুত্ব স্থাপন কৰা আমাৰো বৰ ইচ্ছা। কিন্তু পৃথিবীত হিংসা আৰু অবিশ্বাসৰ মাত্রা অতিপাত বাঢ়িছে। সাৱধানে খোজ নিদিলে আমাৰ হয়তো বিপদ হ'ব; আমাৰ অভিযান আধৰুৱা হৈ ৰ'ব। বন্ধুত্ব স্থাপনৰ সময় এতিয়াও উপস্থিত হোৱা নাই। মই ঠিকেই কৈছোঁনে?
: নিশ্চয়, মোৰ পৰম শ্রদ্ধাৰ নেতা। তথাপিও মোৰ হেঁপাহ হৈছে, এক কথাত মোৰ পিতৃসম শিল্পী ৰবীনক এবাৰ দেখা কৰিবলৈ। আপোনাৰ ওচৰত মই সবিনয়ে অনুমতি বিচাৰোঁ যে, উদ্ভিদজগতৰ এই আশ্চর্য্য বতৰা ৰবীনক দি যাওঁ। আপুনিও জানি উঠিছে যে পৃথিৱীৰ সুৰক্ষাৰ কাৰণে প্রয়োজনীয় উদ্ভিদৰ পৰিমাণ বিপদজনকভাবে কমি গৈছে। উদ্ভিদ জগতৰ এই ৰোমাঞ্চকৰ বতৰাই মানৱ জাতিক অণুপ্ৰেৰণা যোগাব উদ্ভিদক ভাল পাবলৈ, তাক সুৰক্ষিত তথা বিস্তাৰিত কৰিবলৈ।
: মৰমৰ বন্ধু ৰবিশংকৰ, আমি অপেক্ষা কৰিছোঁ। তুমি যোবা। প্রয়োজনীয় পোছাক পিন্ধিবা।
মহাকাশযানৰ ভিতৰত সংকুচিত কৰি ৰখা এখন বেবী-প্লেনত পৰপৃথিৱীৰ বিজ্ঞানী ৰবিশংকৰ উৰা মাৰিলে শিল্পী ৰবীনৰ ওচৰলৈ।
তেতিয়া মাজনিশা। শিল্পী ৰবীনে এটি গীতৰ কথাত সুৰ দি উঠি বিছনাত গা এৰি দিছে। তেওঁৰ মন এতিয়া সন্তুষ্ট আৰু নিকা। তেওঁ এতিয়া আশা কৰে এটি মধুৰ সপোন আহক। সপোনত তেওঁৰ পিতৃ-মাতৃয়ে যদি গাই শুনায় গুৰুজনাৰ এটি বৰগীত 'জয় জয় যাদব....!' অথবা প্রেয়সী প্রতিমাৰ মুখত প্রায়ে শুনা সেই মধুৰ কণ্ঠৰ শ্লোক: 'যামত্যদা শকুন্তলেতি হৃদয়ং সংস্পৃষ্টমুৎকণ্ঠায়।' আঃ। তেওঁৰ মনটো যেন আজি বৰ পৰিপূৰ্ণ হৈ উঠিছে। তেওঁৰ কিয় বাৰু আজি জাগি জাগিহে শুবলৈ মন গৈছে। যেন তেওঁৰ চৌপাশত উপচি পৰিছে কোনোবা সূৰ্য্যসম প্রেমৰ পোহৰ।
এই আনন্দময় অনুভূতিৰ সমুদ্রত ওপঙি উঠি তেওঁৰ চিলমিলকৈ টোপনি আহিবলৈ ধৰিলে। তেওঁ অনুভৱ কৰিলে গভীৰ প্ৰশান্তিৰ প্ৰাচুৰ্য্যৰে ভৰা এখন বুকুৱে তেওঁক যেন সাবটি ধৰিছে। পদুমৰ পাহিৰ দৰে সুকোমল সুবাসিত তেওঁৰ দুবাহু। তেওঁ টোপনি গ'ল।
পৰম আকাংক্ষিত পুৰুষ্যজনক বিজ্ঞানী ৰবিশংকৰে নজগালে । তেওঁ অদৃশ্য হৈ পৰিব পৰা পোছাকযোৰৰ মাজত সোমাই থাকি সাবটি ধৰি থাকিল ৰবীনক মধুৰ টোপনিয়ে কোলাপাতি নোলোৱালৈকে। তেওঁ কথা পাতোঁ বুলিও পাতিব নোৱাৰিলে পৰমাকাংক্ষিতজনৰ লগত; যাৰ শৰীৰৰ অংশ লৈ তেওঁ দেখিবলৈ পালে দুখনকৈ আশ্চৰ্য্য জগত। বিজ্ঞানী ৰবিশংকৰৰ শংকা হৈছিল কিজানি এই আচৰিত বতৰাই নিজস্ব ধৰণেৰে গঢ়ি তোলা তেওঁৰ জগতখনত আউল লগায়।
পবিতৰা অৰণ্য ৰাজ্যৰ প্ৰহৰীসকলৰ দৃষ্টিৰ পৰা যে যানখন দূৰত নাছিল, সেয়া প্রমাণ হ'ল। প্রচণ্ড ধুমুহা-ঢেৰেকনিৰ মাজতো তেওঁলোকৰ প্ৰহৰী চকুৱে ধৰা পেলাইছিল আচহুৱা কিবা এটা যেন নামি আহিছে পবিতৰাৰ বুকুলৈ। ধুমুহা শাম কটাৰ পিছত তেওঁলোকে কর্তৃপক্ষক ঘটনা সম্পর্কে জনাই পিনাপিন দিছিল ৰাজ্যত।
ঘৰ-বিভীষণ বুলি ক'লেও উপায় নাছিল পবিতবাৰ উদ্ভিদৰাশিৰ। তেওঁলোকে পৰপৃথিৱীৰ উদ্ভিদ আৰু জীৱক ইতিমধ্যে সম্ভাৱ প্ৰেৰণ কৰি সম্মানীয় অতিথি হিচাবে গ্রহণ কৰিছিল। সেয়েহে বিজ্ঞানীৰ দলটোলৈ তেওঁলোকে বিপদ-সংকেত পঠালে। কৃষ্ণগ্ৰহৰ প্রবাসী উদ্ভিদকেইজোপাই ফটোসহ শত্রুপক্ষৰ অবস্থানক নির্দেশ কৰিলে। শত্রুপক্ষ আছিল পবিতৰাৰ প্ৰহৰী।
: ববিশংকৰ উভতি আহিবলৈ কমেও দহ মিনিট লাগিব। ইতিমধ্যে অৰণ্যৰ প্ৰহৰীয়ে মাৰণাস্তবে আমাক আগুৰি ধৰিছে। এৰা, তেওঁলোকেতো নাজানে, আমি পৃথিৱীৰ চোৰাং চিকাৰীৰ চৰিত্ৰৰ নহয়। তেওঁলোকে এয়াও নাজানে যে বিচাৰিলে গোটেই পৃথিবীক আমি এঘণ্টাৰ ভিতৰতে নিজৰ নিয়ন্ত্রণলৈ আনিব পাৰোঁ। ৰক্তপাত আমি নিবিচাৰোঁ, অনাহক উত্তেজনাও। হয়তো ৰবিশংকৰক আমি এইবাৰলৈ এৰি থৈ যাব লাগিব।
: মহাশয়, আমি যদি প্রহৰীসকলক জনাওঁ, আমি তেওঁলোকৰ শত্রু নহও; বন্ধু হিচাবে কেৱল গবেষণাৰ বাবে আহিছোঁ। -আটাইতকৈ কনিষ্ঠ বিজ্ঞানীজনে দলনেতাক নিজৰ মতামত জনালে।
: আমাৰ আচহুৱা কণ্ঠধ্বনিয়ে তেওঁলোকৰ অবিশ্বাস বঢ়াই দিব, যদিও শুদ্ধ অসমীয়াত আমি কথা ক'ব পাৰিম। গোটেই ঘটনাটোৱে আমাৰ সময় নষ্ট কৰিব। সামগ্রিকভারে পবিতৰাৰ বাসিন্দা আমাক আদৰিবলৈ মানসিকভাবে এতিয়াও প্রস্তুত নহয়। উদ্ভিদে অতি শীতল বায়ু প্রবাহেৰে বিপদৰ ওচৰত বুলিয়েই জনাইছে। ব'লা আমি যাওঁ। সৌভাগ্যক্রমে ৰবিশংকৰে দূৰবীণেবে
আগতেই অৰণ্যৰ অৱস্থাক পর্যাবেক্ষণ কৰি লৈ কিছুদুৰত প্লেনখন ৰাখিছিলহি। তেওঁক লৈ যাবলৈ দলটোৰ অসুবিধা হোৱা নাছিল। দলটোব সকলোৰে হাতঘড়ি হৈ আছিল একোটাকৈ বিস্ময়কৰ ইলেকট্রনিক কৌশলৰ কম্পিউটাৰ।
শিল্পী ৰবীন পৰম প্রশান্তিবে দুঘণ্টামান শোৱাৰ পিছত হঠাতে সাৰপাই উঠিল। তেওঁ দেখিলে, কোঠাৰ ভিতৰৰ তেওঁৰ ব্যক্তিগত কম্পিউটাৰৰ স্ক্ৰীনত তেওঁক সম্ভাষণ জনোৱা হৈছে। জনাইছে তেওঁৰে ক্লন পৰপৃথিবীবাসী ৰবিশংকৰে। আশ্চর্য্যত তেওঁ অভিভূত হ'ল। কেবল সেয়াই নহয়, তেওঁৰ কম্পিউটাৰত ল'ড : কৰা হৈছে উদ্ভিদ জগতৰ আশ্চৰ্যা বতৰাৰাশি। যিবোৰ কথা জানিবলৈ আজিও গৰজ পৰা নাই পৃথিবীবাসীৰ, যি পৰম স্বাৰ্থপৰতাৰে অন্ধ হৈ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে, যি ধন-দৌলত সঞ্চয় কৰি ভবিষ্যৎ প্রজন্মক আর্থিক নিৰাপত্তাৰে সুৰক্ষিত কৰিব বিচাৰিছে, গছৰ বাবে ৰাখিবলৈ পাহৰি গৈছে- উশাহ। উদ্ভিদবিনে পৃথিৱী হৈ পৰিব অত্যন্ত গৰম! চিন্তিত হয় ববীন।
শিল্পী বধীনে মুহূর্ততে ঠিক কৰি পেলালে তেওঁৰ কৰ্তব্য। তেওঁ এতিয়া যিবোৰ গীত ৰচিব, গাব, সকলো প্রকৃতিৰ বাবে হ'ব। প্রকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে তেওঁ জনসাধাৰণৰ সৃষ্টি কৰিব। তেওঁৰ বিশ্বাস, তেওঁৰ গীত-সংগীতত সেই মাধুর্য্য, সেই যাদুশক্তি আছে।
পৰপৃথিৱীৰ যানখন প্রায় পোহৰৰ গতিত অদৃশ্য হৈ পৰিছিল। আৰু সকলোৰে অলক্ষিতে ৰৈ গৈছিল বিজ্ঞানী ৰবিশংকৰৰ বিজ্ঞানী প্রেয়সীগৰাকী পবিতৰাৰ অৰণ্যত। অৰণ্যৰ বুকুত এডৰা কেতেকীৰ সুবাসত পৰম আহ্লাদিত হৈ তেওঁ আপোনভোলা অৱস্থাত থাকোঁতেই গ্রেপ্তাৰ কৰিছিলহি মজবুত জালেৰে সৈতে বনৰক্ষীসকলে।
পৃথিবীৰ পালোৱান এজনৰ দৰেই আছিল পৰপৃথিৱীৰ নাৰীগৰাকীৰ শৰীৰৰ গঠন। জালৰ মাজেদিও দেখা গৈছিল তেওঁৰ বিশাল চকুৰ অপূর্ব জিকমিক। তেওঁৰ গাৰ ৰং ঈষৎ সেউজীয়া। জাল ফালি ওলাবলৈ পৰাকৈ সকলো সুবিধাই তেওঁৰ শৰীৰৰ পোছাকত মজুত আছিল; কিন্তু তেওঁ বুজিছিল যে পৃথিবীত তেওঁ এতিয়া অকলশৰীয়া। হাতৰ সৰ্বধাক ঘড়িত দলনেতাৰ নির্দেশ জিলিকি উঠিছে। অন্ততঃ কিছুদূৰ প্ৰহৰী মানৱৰ নির্দেশমতেই তেওঁ চলি যাব লাগিব।
বিশাল নাৰীগৰাকীক বেড়ি ধৰিলেহি পৃথিবীৰ বিজ্ঞানীসকলে। মাহজোৰা পৰীক্ষা- নিৰীক্ষাৰ অন্তত তেওঁলোকে সিদ্ধান্ত ল'লে- এই মহাশক্তি ধাৰিণী নাৰীগৰাকীৰ তেওঁলোকে ক্লনিং কৰিব। পৃথিৱীৰ প্রতি প্রান্তই লাভ কৰিব এগৰাকী এই অতি উচ্চশক্তিসম্পন্ন মগজুৰ নাৰীক। তেওঁলোকে পৃথিৱীক নতুন সপোন দেখুৱাব।
( লেখিকা: ৰাণু শইকীয়া পাটৰ )