By Good Assam
এটা ঘৰত বিভিন্ন মতাদৰ্শৰ মানুহ থাকে, যিসকল ইজনে সিজনৰ লগত সংযুক্ত। মানুহৰ লগত আপোনাৰ সুস্থ আৰু সুষম সম্পৰ্কি আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী হʼয় আৰু দীৰ্ঘজীৱি কৰি তোলে।
আমাৰ দেশ ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ, য’ত খাদ্য, বস্ত্ৰ, উপভাষা আৰু জীৱন-ধাৰণৰ পদ্ধতি আনকি বিভিন্ন ৰাজ্যৰ উৎসৱবোৰো বেলেগ বেলেগ। কিন্তু তথাপিও আমি সকলোৱে নিজকে ভাৰতীয় বুলি কওঁ। একেদৰে ঘৰ এখনত বিভিন্ন মতাদৰ্শৰ মানুহ থাকে, যিসকল ইজনে সিজনৰ লগত সংযুক্ত হৈ থাকে। মানুহৰ লগত আপোনাৰ সুস্থ আৰু সুষম সম্পৰ্ক আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী ।
হয়, এইটো একেবাৰে সঁচা। এতিয়া আপুনি হয়তো ভাবিছে, স্বাস্থ্যৰ লগত মানুহৰ সম্পৰ্কৰ কি সম্পৰ্ক? জানিবলৈ পঢ়িব -
পৰিয়ালৰ সৈতে সুস্থ সম্পৰ্ক ৰখিলে কি কি স্বাস্থ্যৰ উপকাৰ হ'য় জানো আহক -
১/ মানসিক চাপৰ প্ৰভাৱ কমি যায়
সুস্থ সম্পৰ্কত থাকিলে শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ উৎপাদন হ্ৰাস পায়। যেতিয়া এজন ব্যক্তি পৰিয়ালৰ সদস্যৰ সৈতে সংযুক্ত হয় আৰু সকলোৰে সৈতে ভালে থাকে । এইদৰে আৱেগিক আৰু সামাজিক চাপে তেওঁলোকৰ ওপৰত কম প্ৰভাৱ পেলায়।
এজন পৰিয়ালৰ লগত থকা ব্যক্তিয়ে এজন অকলশৰীয়া ব্যক্তিতকৈ কম মানসিক চাপৰ সন্মুখীন হয়। কোনোবাই আপোনাক ভাল পায় আৰু সমৰ্থন কৰে বুলি জানিলে সেই ব্যক্তিজন শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও আপোনাৰ মানসিক স্বাস্থ্য বৃদ্ধি পায়।
২/ ব্যক্তিগত আৰু আৱেগিক বৃদ্ধিত সহায় কৰে
পৰিয়ালত ইজনে সিজনৰ মাজত থকা ঘনিষ্ঠ বন্ধনৰ বাবেই যেতিয়াই কোনো ব্যক্তিক আৱেগিক সহায়ৰ প্ৰয়োজন হয় তেতিয়াই পৰিয়ালৰ বহু সদস্যই তেওঁৰ পিছফালে থিয় দিয়ে। এই সময়বোৰত যেতিয়া এজন ব্যক্তিয়ে মানুহৰ মৰম আৰু বুজাবুজি অনুভৱ কৰে তেতিয়া তেওঁৰ আৱেগিক মানসিক চাপ বহু পৰিমাণে হ্ৰাস পায়। যেতিয়া পৰিয়ালৰ মানুহে ইজনে সিজনৰ গুৰুত্ব বুজি পায় তেতিয়া সকলোৱে নিজৰ নিজৰ আত্মমূল্য বুজিবলৈ সহায় কৰে। ইতিবাচক ভাল আৱেগও বাঢ়ি যায়।
৩/ জীৱন দক্ষতা শিকিবলৈ সহায় কৰে
যিকোনো স্কুল কলেজলৈ যোৱাৰ আগতে পৰিয়াল আমাৰ প্ৰাথমিক শিক্ষক। যিকোনো শিশুৱে নিজৰ জীৱনৰ প্ৰাৰম্ভিক সকলো দক্ষতা পৰিয়ালৰ পৰা শিকে। সুস্থ আৰু সুষম পৰিয়ালে শিশুৰ মানসিক বিকাশ ইতিবাচকভাৱে প্ৰসাৰিত কৰে। যিবোৰ পৰিয়ালত কাজিয়া আৰু অন্যান্য ধৰণৰ সংঘাত সংঘটিত হয়, সেইবোৰ পৰিয়ালত শিশুৰ মানসিক বিকাশ লেহেমীয়া হয়। একে সময়তে শিশুসকল অধিক খিংখিঙীয়া আৰু খঙাল হৈ পৰে। পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ অতি প্ৰয়োজনীয়।
৪/ শাৰীৰিক স্বাস্থ্যও অতুত থাকে
এনে বহু গৱেষণা পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে দৃঢ় পাৰিবাৰিক সম্পৰ্কই ব্যক্তিৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যও বৃদ্ধি কৰে। পৰিয়ালৰ পৰা আৱেগিক সহায়ত এজন ব্যক্তিৰ মানসিক চাপ কমি যায়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ইয়াৰ বাহিৰেও ইজনে সিজনৰ লগত খাদ্য ভাগ-বতৰা কৰা, শাৰীৰিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰা, মুকলিকৈ কথা পতা আৰু আনন্দ উদযাপন কৰা আদি সকলোবোৰেই সুস্থ জীৱনশৈলীৰ দিশলৈ আঙুলিয়াই দিয়ে।
পৰিয়ালত ঘনিষ্ঠতাৰ বাবে মানুহে ইজনে সিজনৰ যত্ন লয় আৰু ইজনে সিজনক সময়মতে খাবলৈ কয়। ইয়াৰ বাহিৰেও যেতিয়া পৰিয়ালৰ কোনোবাই দুখী হয় তেতিয়া আনজনে তেওঁক আশ্বাস দিবলৈ আৰম্ভ কৰে। এই সকলোবোৰ বস্তুৱে মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে, যাতে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যও বহুদিনলৈ থাকে।
৫/ জীৱনৰ আয়ুস দীঘলীয়া হৈ পৰে
সামাজিক আৰু পাৰিবাৰিক জীৱন যাপন কৰা লোকৰ আয়ুস অকলে জীয়াই থকা লোকতকৈ বেছি। সুস্থ সম্পৰ্কই আপোনাক মানসিক চাপৰ সৈতে অধিক ফলপ্ৰসূ আৰু সহজে মোকাবিলা কৰাত সহায় কৰে। এনে নহয় যে সকলোৰে লগত সম্পৰ্ক বজাই ৰাখিব লাগিব, আনকি নেতিবাচক মানুহৰ লগতো সংযুক্ত হৈ থাকিব লাগে, কিন্তু সম্পূৰ্ণ অকলশৰীয়া হোৱাটোৱে মানসিক স্বাস্থ্যৰ ওপৰত বহু নেতিবাচক প্ৰভাৱ পেলায়। গতিকে আপোনাক ভালপোৱা আৰু আপোনাৰ লগত থাকিব বিচৰা লোকসকলক শলাগ আৰু সমৰ্থন কৰক।
৬/ নিঃস্বাৰ্থ প্ৰেম আৰু গ্ৰহণযোগ্যতা
সৰ্বাধিক ভাল পাৰিবাৰিক সম্পৰ্কই মাক-দেউতাকৰ নিঃস্বাৰ্থ প্ৰেম আৰু গ্ৰহণযোগ্যতা প্ৰদান কৰে। পৰিয়ালৰ লোকে আমি যিদৰে আছো তেনেকৈ গ্ৰহণ কৰে । এই নিস্বাৰ্থ প্ৰেমে এক সুদৃঢ় ভেটি প্ৰদান কৰে আৰু আমাক আনক নিঃচৰ্তভাৱে ভালপোৱা আৰু গ্ৰহণ কৰাৰ শক্তি প্ৰদান কৰে লগতে মানসিক শান্তি প্ৰদান কৰে, যাৰ ফলত আয়ুস বৃদ্ধি পায়।
৭/ প্ৰতি বছৰে ১ জানুৱাৰীত উৎযাপন কৰক গ্লোবেল ফেমিলি দিৱস
এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে ঐক্যৰ ইতিবাচক প্ৰভাৱ জনসাধাৰণৰ মাজলৈ যোৱা। যাতে বিশ্বৰ বিভিন্ন সংস্কৃতি আৰু ধৰ্মৰ লোকে ইজনে সিজনক সমৰ্থন কৰে আৰু দেশ আৰু বিশ্বত শান্তি অটুট থাকে। ইয়াৰ মূল উদ্দেশ্য হৈছে যুদ্ধৰ অন্ত পেলোৱা আৰু সম্প্ৰীতি আৰু ঐক্যৰ প্ৰসাৰ। কেৱল দেশ আৰু বিশ্বতে নহয় সমাজৰ প্ৰতিটো ঘৰতে ইয়াক উদযাপন কৰা উচিত। আজিকালি পাৰমাণৱিক পৰিয়ালৰ ধাৰা বাঢ়িছে যদিও বাস্তৱত মানুহৰ মানসিক স্বাস্থ্যৰ বাবে ই একেবাৰেই ভাল নহয়।