( অপূৰ্ব দাস )
বৰ্তমান সময়ত বজাৰত আৰু গাওঁ অঞ্চলৰ ঘৰে ঘৰে শাকনি বাৰীত নানা ধৰণৰ শাক। সেউজীয়া শাকনি বাৰী দেখিলেই হিয়া-মন জুৰ পৰে। বাৰীৰ লাই-লফা-পালেং শাক লহ-পহকৈ বাঢ়ি থকা দেখিলে খাওঁ খাওঁ লাগে। শাকত জিংক, মেগনেচিয়াম, কেলচিয়াম, ভিটামিন ইত্যাদি থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ছাল-চুলিৰ উজ্বলতা বৃদ্ধি কৰে। সেয়েহে আমি শাক-পাচলি বেছিকৈ দিনৰ ভাগত খাব লাগে। ৰাতিৰ ভাগত শাক খাব নালাগে, কাৰণ শাক হজম হ'বলৈ শাৰীৰিক কাৰ্যকলাপ কৰা প্ৰয়োজন। হজমৰ সমস্যা থকা লোক সকলে শাক সিজাই তাৰ ৰস ভাতৰ লগত খাব লাগে।
শাক-পাচলি স্বাস্থ্যৰ বাবে ভাল বুলি জানিও এচাম লোকে খাবলৈ টান পায়। কাৰণ খাবলৈ সুস্বাদু নহয়।
কিন্তু আজি মই প্ৰস্তুত কৰা ধৰণে শাকৰ পিটিকা সন্মুখত দিলে নিশ্চয় খাই থাকিবলৈ মন কৰিব।
আহকচোন শাকৰ পিটিকাখন মই কেনেদৰে প্ৰস্তুত কৰিলোঁ জনাওঁ-
উপকৰণ :
(১) লাই , লফা, জিলমিল এমুঠি ল'ব।
(২) পিয়াঁজ এটা।
(৩) নহৰু এটা।
(৪) আদা এটুকুৰা।
(৫) জলকীয়া ৪ টা।
(৬) মিঠাতেল ৩ চামুচ।
(৭) নেমু এটুকুৰা।
(৮) নিমখ সোৱাদ অনুসৰি।
(৯) এখিলা কলৰ পাত।
প্ৰণালী :
প্ৰথমে কলৰ পাত খন জুইত সেকি ল'ব। এতিয়া ভালদৰে ধুই লোৱা শাক খিনি হাতেৰে মোহাৰি কলৰ পাতত ৰাখিব।
ইয়াত নিমখ, কেঁচা জলকীয়া আৰু আদা আৰু নহৰু বটা মিহলি কৰি কলপাতেৰে টোপোলা বান্ধিব।
কুকাৰত নাইবা কেৰাহীত পানী ৩-৪ বাতি দি টোপোলাটো দি ঢাকনি লগাই দিব। কুকাৰৰ এটা হুইছেল গলে আৰু কেৰাহীত সিজাৰ গোন্ধ পালে নমাই থব। টোপোলাটো খুলি ইয়াৰ ওপৰত কেঁচা ধনিয়াৰ পাত, নেমুৰ ৰস, কেঁচা পিয়াঁজ আৰু মিঠাতেল ৩-৪ চামুচ দি পিটিকিব। ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব। শাক দেখিলেই নাক কোচোঁৱা মানুহ জনেও জিভাৰ পানী উলিয়াই খাব।