Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

আপুনিও চালানী মাছ খায় নেকি? তেন্তে সাৱধান হওঁক।


আপুনিও চালানী মাছ খায় নেকি? তেন্তে সাৱধান হওঁক।




ফৰ্মেলিন কি আৰু তাৰ আচল প্ৰয়োগ -

চালানী মাছত কিয় আৰু কেনেদৰে ফৰ্মেলিন প্ৰয়োগ কৰে -
ফৰ্মেলিনযুক্ত চালানী মাছে কৰা শাৰীৰিক ক্ষতি -
ফৰ্মেলিনযুক্ত চালানী মাছ কেনেকৈ চিনিব -
মাছ আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকৰী। অসমত স্থানীয় মাছৰ যথেষ্ট নাটনি। সেয়েহে আজিকালি অসমত চালানী মাছৰ পয়োভৰ দিনক দিনে বাঢ়ি আহিছে। চালানী মাছবোৰ বেলেগ ৰাজ্যৰপৰা অসমলৈ ট্ৰাকেৰে অহাৰ বাবে কেইবাদিনো লাগে। ইয়াৰ বাবে যোগানকাৰীয়ে এই মাছবোৰ গেলি-পচি নষ্ট নহ’বলৈ নানাবিধ ৰাসায়নিক সংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰে। আগৰেপৰাই এই চালানী মাছবোৰ সংৰক্ষণ কৰিবলৈ ফৰ্মেলিনৰ দৰে বিষাক্ত ৰাসায়নিক সংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰাৰ কথা আমি শুনি আহিছিলো। কিন্তু কেইদিনমান আগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ লখৰাত অৱস্থিত চালানী মাছৰ পাইকাৰী বজাৰৰ চালানী মাছ পৰীক্ষা কৰি তাত বিষাক্ত ফৰ্মেফ্লিনৰ উপস্থিতি ধৰা পেলাই দহ দিনৰ বাবে গুৱাহাটীত চালানী মাছৰ বিক্ৰী বন্ধ কৰিলে। ইয়াৰপৰাই আমি উপলব্ধ কৰিব পাৰো, কেনেদৰে ইমান দিনে আমি অজানিতে বা লোভ সামৰিব নোৱাৰি ফৰ্মেলিনযুক্ত বিষাক্ত চালানী মাছ ভক্ষণ কৰি আছো। ফৰ্মেলিন কি আৰু কেনেদৰে প্ৰয়োগ কৰা হয় আৰু ফৰ্মেলিনযুক্ত মাছ ভক্ষণে আমাৰ শৰীৰত কি কি ক্ষতি কৰিব পাৰে আৰু ফৰ্মেলিনযুক্ত চালানী মাছ কেনেকৈ চিকিব পাৰি চমুকৈ ইয়াত আলোচনা কৰা হৈছে।





ফৰ্মেলিন কি আৰু তাৰ আচল প্ৰয়োগ -


ফৰ্মেলিন এবিধ ৰাসায়নিক দ্ৰব্য। ৩০ৰ পৰা ৪০ শতাংশ লঘুকৃত ফৰ্মেলডিহাইডক ফৰ্মেলিন বুলি কোৱা হয়। ফৰ্মেলিন সাধাৰণতে মৃতদেহ সংৰক্ষণ কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত মৃতদেহ ৰাখিবলৈ, মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত শৰীৰৰ বিভিন্ন অংগ ফৰেণছিক পৰীক্ষাগাৰকৈ পৰীক্ষাৰ বাবে পঠিয়াবলৈ সংৰক্ষক হিচাপে ব্যৱহাৰ কৰা হয়। চিকিৎসা বিজ্ঞান, জীৱ বিজ্ঞান, পশু চিকিৎসা বিজ্ঞান আদিৰ পৰীক্ষাগাৰ আৰু সংগ্ৰহালয়ত মানৱ শৰীৰৰ বিভিন্ন অংগ আৰু জীৱ-জন্তুৰ শৰীৰ সংৰক্ষণ কৰিবলৈ ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। চিকিৎসা-শিক্ষা ক্ষেত্ৰত এনাটমী বিভাগত ছাত্ৰ-ছাত্ৰীক শৱচ্ছেদন কৰি মানৱ শৰীৰৰ শিক্ষা দিবলৈ কেডেভাৰ সংৰক্ষণ কৰাৰ বাবেও ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। অস্ত্ৰোপচাৰ কৰি বায়পসি পেথ’লজী বিভাগত টিছু প্ৰচেছিং কৰোতে ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। ফৰ্মেলিনক অস্ত্ৰোপচাৰ কক্ষ বীজাণুমুক্ত কৰিবলৈ এন্টিচেপ্টিক হিচাপেও ব্যৱহাৰ কৰা হয়। ফৰ্মেলিন চামৰা, প্লাষ্টিক আৰু প্লাইব’ৰ্ড কাৰখানাত ভেকুৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়।





চালানী মাছত কিয় আৰু কেনেদৰে ফৰ্মেলিন প্ৰয়োগ কৰে -


চালানী মাছবোৰ বেলেগ ৰাজ্যৰপৰা অসমলৈ ট্ৰাকেৰে অহাৰ বাবে কেইবাদিনো লাগে। সেয়েহে এই মাছবোৰ গেলি-পচি নষ্ট নহ’বলৈ ফৰ্মেলিনৰ দৰে ৰাসায়নিক সংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰে। সাধাৰণতে মাছবোৰ ফৰ্মেলিনত ডুবাই দিয়া দিয়া হয় অথবা ফৰ্মেলিন স্প্ৰে কৰা হয়। কেতিয়াবা বেজীৰেও ফৰ্মেলিন মাছত দিয়া হয় বুলি শুনা যায়।








ফৰ্মেলিনযুক্ত চালানী মাছে কৰা শাৰীৰিক ক্ষতি -


• ফৰ্মেলিন এবিধ জ্বলন সৃষ্টি কৰিব পৰা আৰু বতাহত উৰি ফুৰিব পৰা ৰাসায়নিক পদাৰ্থ। ফৰ্মেলিনযুক্ত চালানী মাছৰপৰা ফৰ্মেলিন চকু, নাক, ডিঙি আৰু ছালত লাগিলে ই এইবোৰত ঘাৰ সৃষ্টি কৰিব পাৰে। 

• চকু ৰঙচুৱা কৰাৰ উপৰি কনজাংটিভাইটিছ কৰিব পাৰে।

• ছালত লাগিলে খজুৱতি, এলাৰ্জী আৰু ঘা সৃষ্টি কৰিব পাৰে। 

• ডিঙি, নাক আদিত ঘা কৰাৰ উপৰি এইবোৰত কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। 

• বতাহত মিহলি ফৰ্মেলিন শ্বাসতন্ত্ৰত সোমাই শ্বাসতন্ত্ৰৰ নানা ৰোগ কৰিব পাৰে। 

• ফৰ্মেলিনযুক্ত চালানী মাছ খোৱাৰ ফলত মুখ, জিভা, খাদ্যনলী আৰু পাকস্থলীত ঘা হোৱাৰ উপৰি এইবোৰৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। 


• নিয়মিতভাৱে ফৰ্মেলিনযুক্ত চালানী মাছ খাই থাকিলে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। 

• এনেকুৱা মাছ খোৱা ফলত গেষ্ট্ৰাইটিছ, বদহজম আৰু পেটৰ অসুখ আদি হোৱা দেখা যায়। 

• ফৰ্মেলিনযুক্ত চালানী মাছ ভক্ষণে লিভাৰৰ ৰোগ সৃষ্টি কৰাৰ উপৰি স্নায়ুৰ ৰোগ আৰু বৃক্ক বিফলতাকে ধৰি বৃক্কৰ নানা ৰোগ কৰিব পাৰে। 

• নিয়মিতভাৱে ফৰ্মেলিনযুক্ত চালানী মাছ থাকিলে সৰু ল’ৰা-ছোৱালীৰ বাঢ়নত বাধা হোৱাৰ লগতে স্মৃতিশক্তি হ্ৰাস পায়। 

• বয়স্ক লোকৰ এলঝেইমাৰ হোৱা দেখা। ই শৰীৰত বিষ সৃষ্টি কৰে। 

• গৰ্ভৱতী মাতৃয়ে ফৰ্মেলিনযুক্ত চালানী মাছ খাই থকাৰ ফলত আগতীয়াকৈ প্ৰসৱ হোৱাৰ লগতে কেঁচুৱাৰ জন্মগত বিসংগতি আৰু অটিজিম অধিক হোৱা দেখা যায়। 

• ফৰ্মেলিনযুক্ত চালানী মাছ খাই থকাৰ ফলত মুখ, খাদ্যনলী, পাকস্থলী, কলন, যকৃৎ, বৃক্ক আৰু তেজৰ কৰ্কট ৰোগ হ’ব পাৰে।

ফৰ্মেলিনযুক্ত চালানী মাছ কেনেকৈ চিনিব -

সাধাৰণতে ফৰ্মেলিন দি সংৰক্ষণ কৰা মাছত ফৰ্মেলিনৰ গোন্ধ পোৱা যায়। ফৰ্মেলিনযুক্ত চালানী মাছ অতি ৰঙচুৱা হোৱা দেখা যায়। ফৰ্মেলিনযুক্ত চালানী মাছ টান টান লাগে। এনে মাছ চকুৰ কাষলৈ নিলে চকুৰ জ্বলন হ’ব পাৰে। এইবোৰে কেৱল চালানী মাছত ফৰ্মেলিন দিয়া বুলি সন্দেহ উপজাব পাৰে। পৰীক্ষাগাৰত প্ৰমাণ কৰাৰ বাবে সহজতে ঘৰতে চালানী মাছত ফৰ্মেলিন ধৰা পেলোৱাৰ উপায় নাই। বজাৰত উপলব্ধ হোৱা নাই যদিও অলপতে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰ কৰিছে নে নাই ধৰা পেলাবলৈ সুলভ ষ্ট্ৰিপ পোৱা যাব বুলি শুনা গৈছে। সেইবাবে যিয়েই নহওক কিয়, চৰকাৰে জনসাধাৰণক এই বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছৰ পৰা ৰক্ষা কৰাৰ বাদে অন্য উপায় নাই।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

লিখনি আমালৈ পঠিয়াইছে : উজ্বল কলিতাই ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.