By Good Assam
চীনৰ পৰা আৰম্ভ হোৱা হিউমেন মেটানিউমোভাইৰাছ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত দ্ৰুতগতিত বিয়পি পৰিছে। ভাৰতত এতিয়ালৈকে কিমানজন লোক এই ৰোগত আক্ৰান্ত হৈছে জানিবলৈ পঢ়িব।
চীনৰ পিছত বিশ্বৰ বিভিন্ন দেশত হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)ৰ ৰোগী পোৱাৰ পিছত এতিয়া ভাৰততো এই সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। চেন্নাইতো ২ টা শিশুৰ ক্ষেত্ৰত এইচএমপিভি ভাইৰাছ ধৰা পৰিছে। জ্বৰ, চৰ্দি আৰু কাহৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা দুটা শিশু এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। ইয়াৰ পিছত ভাৰতত এইচ এম পি ভি ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫ জনতকৈও বৃদ্ধি পাইছে। ইতিমধ্যে নতুনকৈ কৰ্ণাটকৰ ২টা আৰু গুজৰাটৰ ১টা শিশু এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে।
ইয়াৰ পূৰ্বে এইচএমপিভিৰ ২জন পজিটিভ ৰোগী ধৰা পৰিছে।
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা উদ্ধাৰ হৈছে দুয়োজন ৰোগী। পজিটিভ পোৱা শিশুসকলৰ বয়স ৩ মাহ আৰু ৮ মাহ। ইয়াৰে ৩ মহীয়া আক্ৰান্ত ছোৱালীজনীক ডিচচাৰ্জ দিয়াৰ বিপৰীতে ৮ মহীয়া আক্ৰান্ত শিশুটিক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰান্ত কেঁচুৱা আৰু তেওঁলোকৰ পৰিয়ালৰ কোনো শেহতীয়া ভ্ৰমণ ইতিহাস নাই, অন্য অঞ্চল বা দেশৰ সৈতে সংস্পৰ্শলৈ অহাৰ কথা নুই কৰা হৈছে।