Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

শৰীৰত এই বস্তুৰ অভাৱৰ বাবে চুলি সৰিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰতিকাৰ জানিবলৈ পঢ়িব।

শৰীৰত এই বস্তুৰ অভাৱৰ বাবে চুলি সৰিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰতিকাৰ জানিবলৈ পঢ়িব।

 


( অপূৰ্ব দাস )


 চুলি সৰা সমস্যাৰ আঁৰৰ কাৰণ হ’ল ৰোগীৰ চিকিৎসা ইতিহাস, খাদ্যাভ্যাস, বেক্টেৰিয়াৰ সংক্ৰমণ ইত্যাদি। আনহাতে সাধাৰণতে চুলি সৰাৰ অৰ্থ স্পষ্টভাৱে হ’ল শৰীৰত কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱ।


যদি কাৰোবাৰ চুলি দ্ৰুতগতিত সৰিছে তেন্তে ইয়াৰ অৰ্থ স্পষ্ট যে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হোৱাৰ লগতে ৰক্ত সঞ্চালনত সমস্যাও হৈছে। বহু সময়ত চুলি সৰা কাৰণ হ’ল সঠিক পৰিমাণৰ অক্সিজেন মূৰলৈ নোযোৱা।
পুৰুষ আৰু মহিলা উভয়ৰে চুলি সমানে সৰে যদিও টকোলা হোৱাৰ সমস্যা মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছি দেখা যায়। এই লেখাটোত চুলি সৰাৰ কাৰণ আৰু ইয়াক প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰা হৈছে -


চুলি সৰা কেৱল ৰোগ নহ'বও পাৰে , বৰঞ্চ দিনটোত ৭
৩০-৪০ ডাল কৈ চুলি সৰা স্বাভাৱিক । এই চুলি সৰি যোৱাৰ পিছত নতুন চুলি গজে । কিন্তু যদিহে চুলি সৰি চুলি নগজে তেন্তে বিষয়টো গম্ভীৰ।

আজিকালি বিশেষজ্ঞসকলে এদিনত ৫০ ডাল চুলি সৰাটো স্বাভাৱিক বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ আজিৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে চুলি সৰাৰ প্ৰসাৰ ঘটাবলৈ আৰম্ভ কৰিছে। এইয়া হৈছে মানসিক চাপ বঢ়াৰ ফলত।




যিকোনো ব্যক্তিৰ চুলি সৰা মূলতঃ চাৰিটা কাৰণত হয়, প্ৰথম কাৰণ হ’ল হৰম’নৰ পৰিৱৰ্তন, দ্বিতীয়টো কোনো গুৰুতৰ ৰোগ বা চিকিৎসাজনিত অৱস্থাৰ বাবে, তৃতীয়টো বংশগত আৰু চতুৰ্থ কাৰণ হ’ল বয়স বৃদ্ধিৰ ফলত শাৰীৰিক পৰিৱৰ্তন। চুলি সৰা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। সুস্থ চুলিৰ বাবে দৈনন্দিন খাদ্যত কিছুমান পুষ্টিকৰ উপাদান থকাটো অতি প্ৰয়োজনীয়।


যেতিয়া শৰীৰত কোনো এবিধ পুষ্টিকৰ উপাদানৰ অভাৱ হয় বা ইয়াৰ পৰিমাণ অতি কম হয়, তেতিয়া চুলি সৰা প্ৰক্ৰিয়াটো আৰম্ভ হয়। অৰ্থাৎ দিনটোত আপোনাৰ চুলিৰ পৰিমাণ ৫০ বা তাতকৈ অধিক সৰিবলৈ আৰম্ভ কৰে।






  • চুলি সৰাৰ কিছুমান কাৰণ : 

(১) চেলুনত চুলি কাটিলে বেক্টেৰিয়াৰ সংক্ৰমণ বাঢ়ে। এই বেক্টেৰিয়াই দুৰ্বল চুলিত আক্ৰমণ কৰে যাৰ ফলত চুলি পাতল হ'য় আৰু সৰে।

(২) দেহত তেজৰ পৰিমাণ কম হ'লেও চুলি সৰে । কাৰণ তেজে ভিটামিন আৰু অক্সিজেন যোগান ধৰে।

(৩) অন্যান্য শাৰীৰিক বা মানসিক সমস্যা থকা লোকৰ চুলি সৰিব পাৰে।

(৪) তেলেতীয়া চুলি হ'লে বা ঘামিলে চুলি সৰিব পাৰে। তেলেতীয়া আৰু ঘামি থকা মূৰত বেক্টেৰিয়াৰ সংক্ৰমণ বাঢ়ে বাবে চুলি সৰে।

(৪) অত্যাধিক হস্তুমৈথুন বা যৌন সম্পৰ্ক কৰিলে চুলি সৰে নেকি? আচলতে এজন সুস্থ মানুহে হস্তুমৈথুন বা যৌন সম্পৰ্ক কৰিলে চুলি নসৰিব পাৰে যদিহে মানুহজন সুস্থ; কৰিলেও তেওঁ খোৱা খাদ্যৰ দ্বাৰা শৰীৰে ক্ষতি পূৰণ কৰি ল'য়।
ছোৱালীৰ যৌন ৰস বা বীৰ্যত ভিটামিন B12, জিংক , প্ৰ'টিন থাকে যিয়ে নাৰ্ভক সুস্থ কৰি ৰাখে আৰু শৰীৰ শক্তিশালী হৈ থাকে। অতিপাত ক্ষয় কৰিলে আগলৈ সমস্যাত পৰে।

(৫) বিভিন্ন প্ৰসাধন সামগ্ৰী যেনে - চুলিত লগোৱা ৰং, তেল, চেম্পু আদিয়েও চুলিৰ ক্ষতি কৰে। সেয়েহে ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব।

(৬) ফ্ল’ৰাইড আৰু আইৰণ যুক্ত পানীয়েও চুলিৰ বহু ক্ষতি কৰে। সেয়েহে ফিল্টাৰ পানী ব্যৱহাৰ কৰিব।






• এনেদৰে চুলিৰ যতন ল'ব -

(১) প্ৰতিদিনে বজ্ৰাসনত বহি ১০ মিনিট কুহুমীয়া সাধাৰণ গৰম কৰা নাৰিকল তেলেৰে চুলি লাহে লাহে মালিচ কৰিব।

(২) পানী ওলপ বেছিকৈ খাব।

(৪) প্ৰতিদিনে এক-দুই চামুচ তিল খাব।

(৫) নৰসিংহৰ পাতৰ আঞ্জা সপ্তাহত ৪ দিন খাব।

(৬) মহিলাই সপ্তাহত দুবাৰ আৰু পুৰুষে এদিন বা দুদিন এৰি মূৰ ধুব। বেক্টেৰিয়া নাশক ketoconazole চেম্পু ব্যৱহাৰ কৰিব। ইয়াক ব্যৱহাৰ কৰোঁতে চিকিৎসকৰ পৰামৰ্শ ল'ব।

(৭) অন্যান্য ৰোগ থাকিলে চিকিৎসা কৰিব। 

(৮) খাদ্য তালিকাত ভিটামিন ই, ফলিক এচিড, জিংক, আইৰণ, ভিটামিন বি ১২ আৰু Biotin আদি থকা খাদ্য অন্তৰ্ভুক্ত কৰক। যেনে- তিল, লাই শাক, পনীৰ, লোকেল কুকুৰাৰ মাংস, সৰু মাছ, নৰসিংহ পাত, মধুৰি আম, ব্ৰাহ্মী শাক আদি ।

(৯) টোপনি সদায় ৭-৮ ঘণ্টা সম্পূৰ্ণ হোৱা জৰুৰী।

(১০) শাৰীৰিক ব্যায়াম অতি জৰুৰী , কাৰণ শাৰীৰিক ব্যায়াম নকৰিলে তেজে মগজুলৈ অক্সিজেন কমকৈ যোগান ধৰে । যাৰ ফলত চুলি পকা আৰু সৰাৰ সমস্যা হ'য়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.