By Good Assam
স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ। সেইবাবেই সাধাৰণ মানুহ হওক বা চেলিব্ৰিটি হওক, সকলোৱে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব। একেদৰে যিকোনো ব্যক্তিয়ে ৰোগ আৰু স্বাস্থ্যজনিত সমস্যাৰ বলি হ’ব পাৰে।
২০২৪ চনত বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটি আৰু তাৰকাই প্ৰকাশ কৰিছিল যে তেওঁলোক কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে। কিছুমানৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগ ধৰা পৰাৰ বিপৰীতে কিছুমান মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগিছিল। কোনজন চেলিব্ৰিটিয়ে কোনটো বেমাৰত ভুগিছে জানিবলৈ পঢ়িব......
আলিয়া ভাট
বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে এক সাক্ষাৎকাৰত কয় যে তেওঁৰ এডিএইচডি হৈছে। এই ৰোগত মানুহে মনোনিৱেশ কৰাত অসুবিধাৰ সন্মুখীন হয়।
ছৈফ আলী খান
অভিনেতা ছাইফ আলী খানে কপিল শৰ্মাৰ শ্ব’ত কয় যে তেওঁৰ লেক্ট’জ ইনটলেৰেন্স আৰু গ্লুটেন এলাৰ্জী আছে।
হিনা খান
বিগ বছ ফেম টিভি অভিনেত্ৰী হিনা খানে স্তন কেন্সাৰ ধৰা পৰা বুলি স্বীকাৰ কৰে যাৰ বাবে তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।
মহান খালী
বিখ্যাত মল্লযুঁজাৰু তথা WWF ৰ মল্লযুঁজাৰু খালি এক বিৰল ৰোগত আক্ৰান্ত হৈ আছে যাৰ বাবে তেওঁৰ ভৰিৰ শক্তি প্ৰায় হেৰুৱাই পেলাইছে। এই ৰোগৰ বাবেই সৰুৰে পৰা তেওঁৰ শৰীৰৰ আকাৰ আৰু উচ্চতা স্বাভাৱিকতকৈ বেছি হৈ আহিছিল।
ৰণধীৰ কাপুৰ
খবৰ অনুসৰি কৰীনা আৰু কৰিশ্মা কাপুৰৰ পিতৃ তথা প্ৰবীণ অভিনেতা ৰণধীৰ কাপুৰ ডিমেনচিয়া নামৰ ৰোগত আক্ৰান্ত। ডিমেনচিয়াত এজন ব্যক্তিৰ স্মৃতিশক্তি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে।
ফাতিমা চানা
ছেম বাহাদুৰ আৰু ‘ডাংগল’ৰ দৰে ছবিৰ বাবে পৰিচিত অভিনেত্ৰী ফাতিমা ছানা শ্বেইখ মৃগী ৰোগত আক্ৰান্ত। শৈশৱতে এই ৰোগত আক্ৰান্ত হৈ ফাতিমা চিকিৎসাধীন হৈ আছে।