Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

গল্প: বিশ্বাসঘাতক

                  গল্প: বিশ্বাসঘাতক





আজি প্রায় এমাহমানৰ পৰা মোৰ তলপেটৰ বিষটো ঘনাই হ'বলৈ ধৰিছে। বহুতো পেইন কিলাৰ খাই খাই অভ্যস্ত হোৱা মোৰ এই শৰীৰৰ ভিতৰখনত আৰু বহুতো উপসর্গই ঠাই লৈছে বুলি মই অনুমান কৰিব পাৰিছোঁ। নিঃসংগ জীৱনটো উপভোগ কৰিব পৰাকৈ মোৰ যিমান অর্থ-সম্পত্তিৰ প্রয়োজন, তাতোকৈ অধিক হোৱা এই সম্পত্তিবোৰ মই লাহে লাহে অতি কম দামত বিক্রী কৰিবলৈ ওলাইছোঁ যদিও গ্রাহকৰ সংখ্যা অতি নগণ্য। তাৰো দুই-একে বস্তুকেইপদ লিৰিকি- বিদাৰি চাই গ্রাহক হোৱাৰ প্রতিশ্রুতি দি গুচি যায়। কিন্তু নির্ধাৰিত দিনত নিবলৈ আহিম বুলি বিভিন্ন অজুহাত দেখুৱাই নাহে। হয়তো মোৰ এই পেছাৰ বাবেই।

মোৰ অনুমান সঁচা বুলি প্রমাণিত কৰি সৌ সিদিনা এগৰাকী মহিলাই মোৰ ঘৰৰ পদুলিমুখত বাক্যবাণ প্রয়োগ কৰিলেহি।

: হেৰা, মাইকী মানুহবোৰেই যে মাইকী মানুহৰ ঘোৰ শত্রু তুমি কিন্তু প্রমাণ কৰি দিলা দেই।

: মই বুজা নাই বাইদেউ।

: হেৰা, বুজা নাই নে নুবুজাৰ ভাও জুৰিছা। তুমি প্রতিদিনে দহ-বাৰটাৰ লগত প্রেম কৰিলা, নিতৌ নতুন বস্তু ল'লা, এতিয়া সেই আগৰ প্ৰেমবোৰ বিসর্জন দি আমাৰ মতাবোৰৰ মূৰ খাবলৈ লাগিছা, আমি পৰিয়াল লৈ সুখে- সন্তোষে আছো, তুমি অন্ততঃ অশান্তি কৰি আমাৰ পৰিয়াল নাভাঙিবা। মই তোমাৰ আগত হাতযোৰ কৰিছোঁ।

খং আৰু উন্মাত মানুহগৰাকীয়ে বৰকৈ ফোপাইছিল।

: মই আপোনাক কি অশান্তি কৰিলোঁ। মোৰ অসুখৰ ডাক্টৰী খৰচৰ বাবে বহু টকা-পইছাৰ প্রয়োজন হ'ব। সেয়ে মোৰ কিছুমান ঘৰুৱা সামগ্রী বিক্ৰী কৰি পইছাৰ যোগাৰ কৰিবহে বিচাৰিছোঁ।

: আ-হা-হা, পৰৰ সংসাৰ ভঙা মাইকীৰ মুখত বৰ বৰ কথা। যদি তোমাৰ ইমান পইছাই নাই, সেই যে ধনীৰ দুলাল, কি নাম আছিল... অ' মনত পৰিছে, জহৰমাল নে জফৰ তাকে নোকোৱা কিয়?

কথাবোৰ যদিও সঁচা, কিয় জানো সৰগ পৰা মানুহৰ দৰে থৰ হৈ ৰ'লোঁ। মনত পৰিল মোৰ সেই অতীত, ত্যাগ আৰু মমতাৰ প্রতীক আইৰ মুখখনলৈ। মনত পৰিল ঘর্মাক্ত শৰীৰেৰে পথাৰৰ পৰা ঘূৰি অহা মোৰ সেইজন দেউতালৈ, যাৰ অবিহনে মই একপল সময়ো অতিবাহিত কৰিবলৈ অক্ষম হোৱা সেই দিনবোৰলৈ।

দেউতা পেছাত এজন শিক্ষক আছিল। শিক্ষকতাৰ চাকৰিৰ উপৰিও আমাৰ পথাৰৰ বোৱা-তোলা সকলো কামতে দেউতাই সদায় অগ্রাধিকাৰ লৈছিল। পঢ়া-শুনাৰ ক্ষেত্ৰত মই সিমান পাৰ্গত নাছিলোঁ যদিও ক্রমিক নম্বৰৰ পাঁচৰ ঘৰতে মোৰ নাম আছিল। আমাৰ পাঁচোটি সন্তানৰ মই তৃতীয়, মোৰ পিছত ভন্টী বীতা, ভাইটি বাবলু, ডাঙৰ বাইদেউ বিনীতা, সৰু বাইদেউ কণীমা। 

মই যেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ তেতিয়াই ডাঙৰ বাইদেউৰ বিয়া হৈছিল। সৰু বাইদেউৰ বিয়াত মই দশম শ্রেণীত। দুইজনী বাইদেউক বিয়া দি চাৰি-পাঁচ বছৰে দৰমহা নোপোৱা দেউতা ধাৰত পোত গ'ল। মানসিক অশান্তিত ভুগি থকা দেউতাক এদিন পথাৰৰ পৰা ঘূৰি আহোঁতে চুবুৰিৰ ৰমেশ হাজৰিকাৰ সপ্তম শ্রেণীত পঢ়ি থকা পুতেক জেংগিজে গাড়ীৰে খুন্দিয়ালে। ততাতৈয়াকৈ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হ'ল। আস্ সেইদিনা কর্তব্যৰত ডাক্টৰ এজনো নাছিল। দেউতাৰ মূৰৰ পৰা ধাৰাসাৰে তেজ বৈছিল। এটা সময়ত মাৰ বুকুত মূৰ থৈ দেউতাই শেষ নিশ্বাস ত্যাগ কৰিছিল। মা পাগলীৰ দৰে হৈছিল।



দহা-কাজ কৰাৰ সময়লৈকে গাঁৱৰ সকলোবে লগ দিছিল। লাহে লাহে আমি দুখীয়া শ্রেণীলৈ নিম্নগামী হ'লোঁ। খেতি-মাটি আধিলৈ দিয়া হ'ল। মেট্ৰিকৰ দেওনা পাৰ হৈয়েই মোৰ শিক্ষা জীৱনৰ যবনিকা পৰিল আৰু নিপোটল লোদোৰ-পোদোৰ ভাইটিটোৰ হাড়-জ্বাল ওলাল। সৰু ভণ্টী বীতা চুবুৰিৰ মণিকা পেহীৰ জীয়েক বর্ণালীৰ ঘৰত কাম কৰা ছোৱালীৰূপে থাকিল। তাই যদিও চহৰত থাকে, 'নিজৰ ভনীৰ দৰে ব্যৱহাৰ কৰোঁ' বুলি বর্ণালী বাইদেবে কোৱা সত্ত্বেও কিয় জানো ঘৰলৈ আহিলে তাই যাবলৈ মন নকৰে। যোৱাৰ আগদিনাৰ পৰাই চকুৰ পানী নাকৰ পানী সমান হৈ থকা তাইৰ মুখখনলৈ চাবলৈ মোৰ বৰ কষ্ট হৈছিল। আৰু মা... মা যেন নিমাতী কইনাজনীহে। কাকো একো আদেশ নিদিয়ে, উপদেশ নিদিয়ে, কথা নকয়, খাবলৈ দিলে খায়, নাপালেও আপত্তি নাই। দিনটো মাথোঁ শুই-বহি কটাই দিয়ে।





পল-অনুপল কৰি দিন-মাহ-বছৰ বাগৰিল। কেলেণ্ডাৰৰ পাত সলনি হ'ল। সলনি হ'ল এটা বছৰত মানুহৰ মনোজগতখন। দেউতাই ধাৰ লোৱা মানুহবোৰে আমাৰ ওচৰত টকা-পইছাৰ হিচাপ দেখুৱাই ঘনাই বিচাৰি আহিবলৈ ধৰিলে। মই আৰু ভাইটিয়ে চাৰিওফালে অন্ধকাৰ দেখিলোঁ। দিনটো চিলাই আৰু তাঁতত বোৱা কাপোৰ বিক্ৰী কৰি পোৱা পইছাৰে কোনোমতে খাবলৈকে নোযোৰে, তেনে অৱস্থাত ইমান টকা ক'ৰ পৰা দিও বাৰু?

লাহে লাহে গাঁৱৰ ডেকাবোৰৰ আগমন ঘটিল। দেউতাৰ বয়সৰ লোকেও চিনেমা চাবলৈ যাবলৈ লগ ধৰা হ'ল। অবাইচ মাতৰ পয়োভৰত ৰাতি কাণত হাত দিবলৈ বাধ্য হ'লোঁ। 

শিলগুটি, মাটি দলি নিক্ষেপ হ'বলৈ ধৰিলে আমাৰ ঘৰৰ বেৰৰ চাললৈ। ভাইটিক বুকুত বান্ধি টোপনি যাবলৈ চেষ্টা কৰোঁ যদিও পাছমুহূর্ততে দুৱাৰত হোৱা প্রচণ্ড গোৰত সাৰ পাই উঠো।

শ্বৱনম বাইদেউ, যি মোৰ জীৱনলৈ আনি দিলে টার্নিং পইন্ট। এফালে দিলে সুখ-সম্ভোগ, আনফালে দিলে দৈহিক যাতনা, লাঞ্ছনা।

সেইদিনা শ্বৱনম বাইদেউ আহিয়েই মোৰ কষ্টময় জীৱনৰ ওপৰত চমু ৰেখাপাত কৰিলে। বাইদেউক আগ্রহেৰে সুধিছিলোঁ, পামনে মই বাৰু কিবা চাকৰি? পাৰিমনে মই দেউতাৰ আত্মাক ঋণমুক্ত কৰিব? পাৰিমনে, পাৰিমনে বাৰু মাৰ মুখত হাঁহি বিৰিঙাব। পাৰিমনে ভাইটিক পুনৰ স্কুললৈ পঠাব?


শ্বৱনম বাইদেৱে জর্দা-পাণৰ পিককণ পেলাই মিচিকি হাঁহিৰে মাথোঁ কৈছিল- 'কিয় নোৱাৰিবি ৰুলীকা, তোৰ দৰে ছোৱালীয়েই গোটেই দেশত চাকৰি কৰি ঘৰ-সংসাৰ চলাই আছে, বায়েক-ভনীয়েকহঁতক পড়ুৱাইছে, তোৰ ইমান সুন্দৰ চেহেৰা, নিপোটল দেহ, উঠন বুকু, পূর্ণিমাৰ জোন যেন মুখ, কাজলবৰণীয়া চকু, লাহি কঁকাল, যিকোনো লোককে মন আকর্ষণ কৰিব পৰা কমনীয়তা সুস্পষ্ট। তই কিয় চাকৰি নাপাবি, পাবিয়েই।


মই আচৰিত হৈছিলোঁ, সাধাৰণ মেট্রিক পাছ ছোৱালী এজনীৰ চাকৰিৰ ক্ষেত্ৰত দেহৰ সৌন্দৰ্য্যৰ কি প্রয়োজন। তথাপিও টকাৰ খাতিৰত, ঘৰখনক আর্থিকভাবে টনকিয়াল কৰাৰ সপোন ৰচি সেই প্রশ্নৰ উত্তৰ নিবিচাৰিলোঁ শৱনম বাইদেউৰ পৰা।

দুদিনৰ পিছত কাউৰি পুৱাতে উঠি প্রাতঃ কর্মলানি সামৰি দেউতাৰ ফটোত সেৱা কৰিলোঁ। মাৰ নির্লিপ্ত চকুত দেখিলোঁ চকুলোৰ ৰেঙণি। ভাইটিয়ে দুৱাৰৰ চুকত কান্দি কান্দি উখহাই দিছে চকু। সান্ত্বনা দিলোঁ তাক- "তই পুনৰ স্কুললৈ যাবি, মই শ্বৱনম বাইদেৱে ঠিক কৰি দিয়া টাউনৰ চাকৰিটো কৰি তোলৈ পইছা পঠিয়াই থাকিম। তই ডাঙৰ ডাক্টৰ হ'ব লাগিব, বুজিছ।" সি মাথোঁ মোক গবামাৰি ধৰি খুউব কান্দিছিল। কোনো উত্তৰৰ পৰিৱৰ্তে স্পষ্টৰূপত ফুটি উঠিছিল উচুপনি।

'আশ্বাস' নামৰ বাছখনত উঠি চহৰ পাইছিলোঁহি। সেই বাছখনে মোৰ যৌৱনৰ কল্পনাব কাৰেংঘৰৰ একমাত্র বাহন আছিল। মই সদায় কলেজলৈ সেইখন বাছত যাম, ৰিপুণদাৰ লগত একেটা ছিটতে বহিম, কথা পাতিপ, হাঁহিম, চানা খাম ইত্যাদি ইত্যাদি।

বিপুণদালৈ আজিও মোৰ মনত পৰি থাকে। ইমানবোৰ মানুহৰ মাজত মই কিন্তু ৰিপুণদাৰ দৰে ব্যক্তিত্বৰ এজনকো লগ নাপালোঁ। ৰিপুণদা কি এক সুন্দৰ চেহেৰাৰ অধিকাৰী, গহীন মুখ, কিতাপ, ঘৰ, সমাজৰ কামতে ব্যস্ত থকা সেই বিপুণ দাটোক দেউতাৰ মৃত্যুৰ পাছত দেউতাৰ সকামত ঘনাই লগ পাইছিলোঁ। ভন্টী আৰু মোক মুখেৰে সান্ত্বনা দিয়া ৰিপুণদাই ভাইটিক পিণ্ড দিবলৈ যাওঁতে গবামাৰি ধৰি নিছিল- যি সময়ত মোৰ ভিনদেউ দুজনে পিছফালৰ চোতালত তামোলৰ সেলেঙি বোৱাই গাঁৱৰ জীয়ৰী-বোৱাৰীৰ লগত কথাৰ মেল মাৰিছিল।



প্রায় সাতজনীমান ছোৱালীৰ লগত এটা ডাঙৰ ঘৰৰ আছুতীয়া কোঠাত শ্বৱনম বাইদেৱে মোক থাকিবলৈ দিলে। শ্বরনম বাইদেউক চাকৰিৰ কথা সোধাত তেতিয়া কিন্তু তেওঁ গেঙেৰি মাৰি উঠিল। ঘৰৰ মিঠা মাতৰ বাইদেউজনীৰ চহৰ পোৱাৰ লগে লগে ঘটা দ্রুত পৰিবৰ্তনত মই সচকিত হৈ পৰিলোঁ।

এক অচিনাকি পৰিবেশ, মা-ভাইটিক এৰি থৈ অহাৰ শোক, হিন্দী গান, পুৰুষৰ উচ্চ কণ্ঠস্বৰ, ছোৱালীৰ খিলখিলনি, কাঁচৰ বাচনৰ খুটুং-খাটাং শব্দত কিয় জানো মোৰ মনটো বৰ ভয় ভয় লাগিল। এক উজাগৰী নিশাৰ অন্তত শ্বৱনম বাইদেউক বিচাৰি নাপালোঁ। তেওঁৰ দৰে এগৰাকী মানুহে মাথোঁ ক'লে- মোক বিছ হাজাৰ টকাত বিক্রী কৰা হৈছে।

দেউতাই দিয়া মৰমৰ নাম ৰুলীমা লুপ্ত হ'ল, তাৰ ঠাইত নতুন নাম হ'ল- বেছমা। কলেজীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি ট্রাক ড্রাইভান, বিভিন্ন ধনী-দুখীয়া মানুহ, বিভিন্ন চেহেৰাৰ উশৃংখল মানুহ মোৰ গ্রাহক হ'বলৈ ধৰিলে। হাতলৈ অহা টকাৰ আশাত সেই সকলো গ্রাহককে সন্তুষ্ট কৰিবলৈ চেষ্টাৰ ত্রুটি নকৰিলোঁ।

মই থকা কুঠৰিটোৰ এজন দাৰোৱানৰ লগত সু-সম্পর্ক বজাই ৰাখি মনে মনে ঘৰলৈ পইছা পঠাবলৈ ল'লোঁ। এৰা, তেনেকুৱা এটা বীভৎস দিনতে হঠাৎ লগ পালোঁ বিজনক। এজন গ্রাহকৰূপে মই তেওঁক ব্যৱহাৰ কৰিলোঁ যদিও কিয় জানো মোৰ পৰা তেওঁ একো বিচৰা নাছিল। মাথোঁ চকীখনত বহি মোক একান্তমনে চাই থাকিছিল। দুই-তিনিদিনৰ অন্তৰে অন্তৰে বিজন আহিবলৈ ধৰিলে। তাৰ ব্যক্তিত্বৰ মাজত মই ৰিপুণদাক ঘুনুটিয়াবলৈ ধৰিলোঁ। কোনো দৈহিক সম্পর্ক ঘটি নুঠা বিজনক মোৰ ভাল লাগি গ'ল। ধনীৰ দুলাল বিজনে বিয়া পতাৰ প্রতিশ্রুতিৰে মোক নৰকৰূপী ঠাইৰ পৰা উদ্ধাৰ কৰিব বুলি কল্পনাৰ সাগৰত ডুব যাব ধৰিলোঁ।

ঘৰলৈ সৰহকৈ টকা পঠাবলৈ সক্ষম হ'লোঁ। এদিন ভাইটিলৈ চিঠি লিখিলোঁ-

"মৰমৰ ভাইটি,

মৰমবোৰ ল'বি। মই কৰা কোম্পানিটোত দৰমহাৰ কোনো হিচাপ নাই, কেতিয়াবা বেছিকৈ পাওঁ আৰু কেতিয়াবা কম পাওঁ। তই ধাৰখিনি পৰিশোধ কৰাৰ লগতে স্কুললৈ গৈ থাকিবি। মোলৈ চিন্তা নকৰিবি। মই যথেষ্ট সুখত আছোঁ। এতিয়া থকা ঘৰটো বৰ সৰু, মাত্র এটা কোঠাহে।

ডাঙৰ ঘৰ পালে তোক আৰু মাক লৈ আহিম। মাক মোৰ সেৱা দিবি। ইতি- তোৰ বাইদেউ।"

মোৰ কল্পনাৰ নীলা আকাশত খুপি খুপি তৰাৰ আগমন ঘটাই এদিন সঁচাকৈয়ে বিজনে মোক বিয়া পাতিম বুলি তাৰ পৰা লৈ আহিল। অনা-অসমীয়া বিজনে মোক পত্নীৰ মৰ্য্যাদা দিলে। এগৰাকী সুখী গৃহিণী, পত্নীৰূপে নিজৰ স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'লোঁ যদিও গাঁৱৰ ঘৰলৈ মাত্র এবাৰ যাবলৈ দিবলৈ বিজনক মাস্তি কৰাব নোৱাৰিলোঁ। বিজনৰ মৰমৰ দুবাহুৰ পৰা মুক্ত হ'বলৈ ময়ো চেষ্টা নকৰিলোঁ।








এদিন পুৱাই নগদ পাঁচ হাজাৰ টকা দি সি ব্যৱসায়ৰ কামত দুদিনমানৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাওঁ বুলি ওলাই গ'ল আৰু মোক থৈ গ'ল নগৰৰ পৰা আছুতীয়া এডোখৰ নিৰিবিলি ঠাইৰ দুটা কোঠাৰে আমাৰ সেই সৰু ভাড়াঘৰটোত। সেইদিনা ৰাতিলৈ আগমন ঘটিল বিজনৰ দুই ইঞ্জিনীয়াৰ বন্ধু। আতিথ্য গ্রহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে মোৰ মাজত বিচাৰিবলৈ ধৰিলে দৈহিক কমনীয়তাৰ সোৱাদ। আস্ কি বৰ্ণৰ অত্যাচাৰ চলাইছিল মোৰ শৰীৰত। হয়তো সেইদিনাই মই আত্মহত্যা কৰিব লাগিছিল। জাহ যাব লাগিছিল এই কণ্টকময় পৃথিবীৰ পৰা। মনে মনে ভাবিছিলোঁ, কাইলৈ পুৱাৰ সূৰ্য্যৰ মুখ নাচাওঁ, নাচাও পৃথিবী, কিন্তু ভাইটি আৰু মাৰ মুখ দুখন মনত পৰাৰ লগে লগেই বিৰত ৰাখিছিলোঁ মোৰ সেই দেহত্যাগৰ মৰ্মগাথা।

পুনৰ বিশ্বাসঘাতকতাৰ বলি হ'লোঁ।

এদিন ভাইটি আহিছিল তাৱৈৰ ল'ৰা মৃদুলব লগত। মোৰ ঘৰ, আচবাব-সম্পত্তি দেখি সিহঁত বিভোৰ হ'ল। দুয়োটা থকাকৈ আহিছিল যদিও ধৰা পৰাৰ ভয়ত ভাত খুৱাই পঠিয়াই দিলোঁ। ভাইটিৰ মুখে গম পালোঁ ধাৰ মাৰি প্রায় শেষেই।

মা সম্পূর্ণ সুস্থ। পুৱা-গধূলি গোসাঁই ঘৰত চাকি জ্বলাই সেৱা কৰে, ভাত-চাহ-কটি বনায়। ভাইটিও এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব। ভণ্টা ৰীতাক বর্ণালী বাইদেউহঁতে বিয়া দিলে। ল'ৰাজনে বাছ চলায়। তাইৰো এমাহমানৰ আগতে কপাহৰ দৰে কোমল গুলপীয়া, ভাইটিৰ দৰে
লোদোৰ-পোদোৰ এটা পুত্র সন্তান জন্ম হৈছে। কিমান যে চাবৰ মন গৈছিল বীতাৰ ভবিষ্যৎ প্রজন্মক। সাহস কৰিব নোৱাৰিলোঁ, মাথোঁ মোৰ এই পেছাৰ বাবে। যদি কোনোবা গ্রাহক তাইৰ ঘৰত পাই যাওঁ মোৰ কি গতি হ'ব? এক ভয়ে যেন মোৰ পিছে পিছে খেদি ফুৰিছে। মই আত্মগোপনৰ পথ এটাৰ অনুসন্ধান কৰিবলৈ ধৰিলোঁ।

মূল চহৰৰ পৰা একাষৰীয়া এই ঠাইডোখৰলৈ লাহে লাহে বসতি ঘন হ'বলৈ ধৰিলে। খাল-বিল পূতি মূল্যবান গছ কাটি তহিলং কৰি আটকধুনীয়া অট্টালিকা বনাবলৈ ধৰিলে। মোৰ এই পেছা ধৰা পৰাৰ উপক্রম হ'ল। এদিন পুলিচ আহিল। চহৰখনৰ ধনী মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি এম.এল.এ, উচ্চপদস্থ বিষয়া, বিভিন্ন ব্যবসায়ী তথা বহু হাত-দীঘল ব্যক্তি মোৰ হাতৰ মুঠিত বাবে মোৰ নোম এডালো লৰচৰ কৰিব নোৱাৰিলে।

অ', মানুহগৰাকীয়ে সেইদিনা মোক জহৰ নামৰ ধনী ব্যবসায়ীজনৰ কথা কৈ থৈ গৈছিল। এৰা, জহৰ নহ'লে বর্তমান মোৰ কোনো কামেই হৈ নুঠে। সি মোক হাস্পতাললৈ নিয়ে, বজাৰ কৰি দিয়ে, দৰব-পাতিৰ যোগান ধৰে। সেইদিনা ঘৰৰ ভিতৰত মূৰ ঘূৰাই পৰি যাওঁতে মোক হাস্পতাললৈ নিছিল। সেই ব্লাড টেষ্ট, ইউৰিন টেষ্ট, এক্স-বে সকলোতে সি টকা-পইছাৰ সহায়ৰ লগতে মোৰ লগত দিনটো থাকি উৎসাহ যোগাইছিল অতি শীঘ্রে সুস্থ হৈ উঠিম বুলি।

ব্লাড ৰিপ'ৰ্টত মোৰ ভয়ানক অসুখটোৰ কথা কৈছিল যদিও একমাত্র টকাৰ কাৰণেই জহৰৰ পৰাও লুকুৱাই ৰাখিলোঁ। জহৰৰ মৰমৰ আতিশয্যকো আওকাণ কৰি সংগোপনে বুকুত সাবটি ধৰি থাকিলোঁ এইডছৰ দৰে ভয়ানক অসুখটো।

আহ্, জহৰ মোৰ প্রিয়তম, মোৰ বন্ধু, তুমিতো এদিন জানিবাই তোমাৰ ৰেছমাৰ অসুখৰ কথা। তুমি জানো মানি ল'ব পাৰিবা? মোৰ বাবে গ্রাহকৰ যোগান ধৰা জহৰ, তোমাৰো কমিছনৰ বাট নাইকিয়া হ'ব। মোৰ মৃত্যু মানে তোমাৰো এটা নিয়োগৰ বাট বন্ধ হোৱা নহয় জানো? তোমাকো ভয় লাগে ক'বলৈ সত্য কথাটো, জানোচা তুমিও নোহোৱা হৈ যোৱা শ্বৱনম আৰু বিজনৰ দবে। তুমি যদি কৈ দিয়া গ্রাহকসকলক মোৰ অসুখৰ কথা। 
অন্ততঃ শক্তি থকালৈকে আৰু শৰীৰত স্পষ্ট ৰূপত অসুখটোৱে ধৰা নিদিয়ালৈকে মোক অন্ততঃ নিঠৰুৱা নকৰিব। 
হয়তো গ্রাহকসকল মোৰ এই অসুখটোৰ
বিষয়ে অবগত হৈছিল। বহুতো নিয়মীয়া গ্রাহকৰ ক্ষীণ আগমনত মোৰ অন্তৰাত্মাই হাহাকাৰ কৰি উঠিল। আৰু মাত্র দুমাহ সময় দিয়া ভগবান, ভাইটিৰ মেডিকেলৰ শেষ পৰীক্ষাৰ পইছাখিনি জমা দিবলৈ। নহ'লে যে দেউতাৰ সপোন বাস্তৱ নহ'ব আৰু মোৰ সেই দেউতাৰ শৱদেহত ধৰি কৰা প্রতিজ্ঞাটো ভাইটিক গাঁৱৰ সেই চিকিৎসালয়খনতে এজন সু-চিকিৎসকৰূপে নিয়োগ কৰাৰ মোৰ সপোন, মোৰ দেউতাৰ দৰে অন্য দহজনে যাতে ডাক্টৰী চিকিৎসা নোপোৱাকৈ মৃত্যুৰ সৈতে যুঁজিবলগীয়া নহয়। মোৰ হাস্যমুখৰ মাৰ দৰে যেন অন্য দহজনীৰ হাস্যবদন ম্লান নপৰে, ৰঙা সূৰ্য্যৰ তিলকৰ ঠাইত যেন উকা কপালখনে আগুৰি নলয়। হে কৰুণাময়, থাকিমনে বাৰু সুস্থ হৈ আৰু মাত্র দুমাহ।

বর্তমান হাস্পতালত। আজি দহদিন হ'ল। হাতত ছেলাইন, সেউজীয়া পর্দাৰে আবেষ্টনী এটা কোঠাত বন্দী। মোৰ ওচৰলৈ ঘনাই ডাক্টৰ- নাৰ্ছ নাহে। আহিলেও মুখত মাক্স আৰু হাতত গ্লচ্ছ পিন্ধি আহে। বিশেষ কথা-বতৰা নাপাতে। এখন যেন যমপুৰী।

জহৰলৈ বৰ মনত পৰিছে, ভাতৃসম জহৰটোৱে চাগৈ মনৰ দুখতে অহা নাই। বাতৰি কাকত আৰু বিভিন্ন আলোচনীসমূহত এই অসুখৰ বিষয়ে পঢ়াৰ অন্তত মোৰ ভয় লাগিল। ভাইটিলে হাস্পতালৰ ঠিকনাত চিঠি পঠালোঁ। সি ইতিমধ্যে হাউছ-ছার্জন হিচাবে নিযুক্তি পালে। মনে মনে গুণা-গঠা কৰিলোঁ লাজ-মান কাটি কৰি ভাইটিক সকলো বুজাই ক'ম। সি আৰু মা নিশ্চয় মোক চাবলৈ আহিব। মই এদিন ভাল হৈ যাম। গাঁৱৰ ঘৰত মা আৰু ভাইটিৰ সৈতে সুখে-সন্তোষে থাকিম। ভণ্টী-বাইদেউৰ ল'ৰা-ছোৱালীবোৰলৈ বৰ মনত পৰিছে, মনত পৰিছে ৰিপুণদালৈ। দেউতাৰ মুখখন ঘনাই ঘনাই চকুৰ আগলৈ আহিছে। আগৰ সাধাৰণ পানীলগা অসুখটো হ'লেই দেউতাই মোক আলপৈচান ধৰি তত নাপায়, তেনেস্থলত হাস্পতালৰ বিছনাত চিকিৎসাধীন হৈ থকা অৱস্থাত দেখা পোৱা হ'লে দেউতাক সান্ত্বনা দিবলৈ তাৱৈৰ প্রয়োজন হ'লহেঁতেন।

আজি প্রায় এমাহ পাৰ হৈ গ'ল। ভাইটিয়ে নিশ্চয় চিঠি পালে। জহবক কালি সপোনত দেখিছিলোঁ, পুৱতি নিশাৰ সপোন নিশ্চয় বাস্তব হ'ব। সি মোৰ ক্ষীণ আৰু ভগ্ন শৰীৰ দেখি হয়তো কান্দি পেলাব। মোৰ কাষত বহিব, হয়তো ভায়েক বুলি, প্রিয়তমা বুলি, সাৰথি- বুলি ভাবি মোৰ অস্পৃশ্য শৰীৰত হাত ফুৰাব। সপোনক বাস্তৱত ৰূপ দি দুপৰীয়া জহৰ আহিল। তাক দেখি ক্ষত-বিক্ষত মোৰ ৰুগীয়া শৰীৰ যিমান উৎফুল্লিত হ'ল তাৰ মুখত কিন্তু কোনো প্রতিক্রিয়া প্রস্ফুটিত নহ'ল। সি মাথোঁ ক'লে চন্দ্রাৰ কথা - কেনে শৰীৰ, কেনে মৰম লগা মুখ, গ্রাহকৰ মন আকৰ্ষণ কৰিব পৰা মোহনীয়তা আৰু তাৰ অধিক কমিছনৰ কথা। সি মাথোঁ আহিছিল মোক শেষবাৰ দৰ্শনৰ বাবে।

হাস্পতালৰ ছুইপাৰ এজন সোমাই আহিল। লগত এগৰাকী মহিলা। সহায়কাৰীৰ হাতত এটা এনভেলপ। আখৰকেইটা মোৰ অতিকে চিনাকি। হয়, হয় মোৰ ভাইটিৰ চিঠি।

মই সঠিক অনুমান কৰিছিলোঁ, ভাইটিয়ে মোৰ চিঠি পোৱা মাত্রকে মোক এই নৰককুণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ অহাৰ তাৰিখ আৰু সময় দিছে চাগৈ । খৰধৰকৈ খুলি পঢ়িবলৈ ল'লোঁ যদিও মহিলা সহায়কাৰীগৰাকীৰ কাঢ়া নির্দেশত হাওলি চিয়াৰত বহি পৰিলোঁ। মোক অন্য এটা কোঠালৈ লৈ যোৱা হ'ল।

যিটো কোঠা অতি সৰু আৰু ঠেক। বিছনা আৰু টেবুলখন কোনোমতেহে ধৰিছে। ভাইটিৰ ওপৰত গভীৰ আস্থা ৰাখি পুনৰ সোমাই পৰিলোঁ অন্য এটি নৰকসদৃশ কোঠাত।

এক গভীৰ আশা বুকুত বান্ধি মোৰ হাড়- ছাল ওলোৱা মৃতপ্রায় হাত দুখনেৰে চিঠিখন মেলি ধৰিলোঁ। এই সাধাৰণ চিঠিখন ধৰি ৰাখিবলৈ অক্ষম হোৱা মোৰ হাত দুখনৰ মৃদু কঁপনিত চিঠিখন সৰি পৰিল।







"মৰমৰ বাইদেউ,

তোৰ চিঠিখন পালোঁ। মই বর্তমান হাউছ ছাৰ্জন কৰি আছোঁ তেল কোম্পানিৰ এখন হাস্পতালত। তই কোৱাৰ দৰে ভবিষ্যতে মই গাঁৱৰ হাস্পতালত চাকৰি কৰি মোৰ জীৱনটো বৰবাদ কৰিব নোৱাৰোঁ। গাঁৱত টকা-পইছা বেছি নাপায় বাবে মোৰ দৰে বহুতে গাঁৱলৈ যাব নিবিচাৰে।

মা বর্তমান গাঁৱৰ ঘৰতে কাম-কৰা ল'ৰা নৰেনৰ লগত থাকে। তোৰ অসুখটোৰ বিষয়ে সেইখন হাস্পতালত কাম কৰা বন্ধু ডাক্টৰ এজনৰ পৰা গম পালোঁ যদিও তেওঁ তই যে মোৰ বাইদেউ গম নাপায়। তোৰ অসুখটো সভ্য সমাজৰ সভা মানুহৰ আগত ক'বলৈ লাজ লগা। সেয়ে চিনাকি দিয়াৰ পৰা বিৰত থাকিলোঁ। ইতি- বাবলু।" ।



                            ( সমাপ্ত )

                  লেখিকা : মিতালী মহন্ত

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.