Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

চৰ্দি আৰু কাহৰ ৯ টা আয়ুৰ্বেদিক ঘৰুৱা উপায়

চৰ্দী আৰু কাহৰ ৯ টা আয়ুৰ্বেদিক ঘৰুৱা উপায়




( অপূৰ্ব দাস )


শীতত ঠাণ্ডাত কাহ আৰু চৰ্দী সকলোৰে হয়। শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ সংক্ৰমণৰ ফলত এই ৰোগ হয়। এই ৰোগ দ্ৰুতগতিত বিয়পি পৰা সংক্ৰামক ৰোগ, যিটো ৰুগীয়া ব্যক্তিয়ে কাহ বা হাঁচি মাৰিলে সহজে বিয়পে। শ্বাসনলীত প্ৰভাৱ পেলোৱা ভাইৰাছৰ ফলত চৰ্দি বা জ্বৰ আৰু কাহ হয়।

চৰ্দীৰ ঔষধ খোৱাৰ পৰিৱৰ্তে ঘৰতে পোৱা ঘৰুৱা ঔষধ ব্যৱহাৰ কৰাটো ভাল কাৰণ ইয়াৰ দ্বাৰা শৰীৰৰ কোনো ক্ষতি নহয়। গতিকে চৰ্দি-কাহৰ সৈতে যুঁজিবলৈ কিছুমান ঘৰুৱা উপায় জনোৱা হ'ল -




হালধি যুক্ত গাখীৰ

 এগিলাচ গৰম গাখীৰত দুচামুচ হালধি গুড়ি দি পান কৰক। ইয়াৰ ফলত নাক বন্ধ হৈ যোৱা আৰু ডিঙিৰ বিষৰ পৰা সকাহ পোৱা যায়। নাকৰ পৰা পানী বৈ যোৱা বন্ধ হৈ যায়।

তুলসীৰ ব্যৱহাৰ

তুলসী কাহ-চৰ্দীৰ ক্ষেত্ৰত অমৃতৰ দৰে। কাহ আৰু চৰ্দি হ’লে ৫ ৰ পৰা ৬টা পাত পিহি মৌৰ সৈতে খাব লাগে।
সৰু ল’ৰা-ছোৱালীৰ কাহ-চৰ্দী হ’লে ৬-৭ টোপাল আদা আৰু তুলসীৰ ৰস মৌৰ লগত মিহলাই খাব দিব লাগে।  
বন্ধ হোৱা নাক আৰু নাকৰ পৰা পানী বৈ থকাও ভাল হয়। দিনত দুবাৰকৈ পুৱা গধূলি ৩-৪ দিন ব্যৱহাৰ কৰিব লাগে।



 হালধি আৰু আজৱাইন

 ২ কাপ পানীত ১০ গ্ৰাম হলধি আৰু ১০ গ্ৰাম আজৱাইনৰ গুটি গুড়ি কৰি উতলাই লওক। পানী আধালৈ কমি গ’লে তাত অলপ গুড় দি পান কৰক। ইয়াৰ ফলত চৰ্দী -কাহৰ পৰা তৎক্ষণাত সকাহ পোৱা যায় আৰু নাকৰ পানী ওলোৱা কম হয়।


ক'লা জালুক ( জাতি জালুক )

 মৌৰ লগত ৩-৪ টা ক’লা জালুকৰ গুড়ি চেলেকিলে চৰ্দী -কাহৰ পৰা সকাহ পোৱা যায় আৰু নাকৰ পানী ওলোৱা কম হয়।


সৰিয়হৰ তেল

 শুৱাৰ আগেয়ে দুয়ো নাকৰ ফুটাত খাটি সৰিয়হৰ তেল ২ টোপাল দিব। ইয়াৰ ফলত নাকৰ কোনো ধৰণৰ ৰোগ নহয়।




 আদা

 কফ কাহ হ’লে গাখীৰত আদা উতলাই খাব লাগে। মৌৰ লগত মিহলি আদাৰ ৰস খালেও চৰ্দী -কাহৰ পৰা সকাহ পোৱা যায়। আদা ১-২ টা সৰু সৰু টুকুৰা, ২ টা ক'লা জাতি জালুক, ৪ টা লং আৰু ৫-৭ টা সতেজ তুলসীৰ পাত পিহি এগিলাচ পানীত উতলাই লওক। উতলি আধা গিলাচলৈ কমি গ’লে তাৰ পিছত তাত এচামুচ মৌ দি পান কৰক। 

দেশী ঘিউত আদা সৰু সৰু টুকুৰা কৰি ভাজি পিহি দিনে ৩-৪ বাৰ খাব। ইয়াৰ ফলত নাক বৈ যোৱা সমস্যাৰ পৰা সকাহ পোৱা যায়।


 নহৰু

 নহৰুত এলিচিন নামৰ ৰাসায়নিক পদাৰ্থ এণ্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল, এন্টি-ফাংগেল গুণ আছে। ই চৰ্দি আৰু ফ্লুৰ সংক্ৰমণ দূৰ কৰে। ইয়াৰ বাবে ৬-৮ ফোট নহৰু ঘিউত ভাজি খাব লাগে।


 গৰুৰ ঘিউ

 বিশুদ্ধ দেশী গৰুৰ ঘিউ ৰাতিপুৱা নাকত দুটোপাল দিব। তিনিমাহ ধৰি নিয়মিতভাৱে এই কাম কৰক। ইয়াৰ দ্বাৰা পুৰণি চৰ্দিও নিৰাময় হয়।

 
কিচমিচ আৰু আদা

 ৮-১০ টা কিচমিচ আৰু এটুকুৰা আদাৰ গুড়ি পানীত দি উতলাই লওক। আধা পানী থাকিলে ইয়াৰ পানী খাব। ইয়াৰ ফলত নাকৰ পানী ওলোৱাৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।




কাহৰ পৰা সকাহ পাবলৈ ঘৰুৱা উপায় -

অমিতা গছৰ শুকান ঠাৰি জুইত চিগাৰেটৰ দৰে ধোঁৱা লৈ এৰি দিলে কাহ দূৰ হয়। দিনত তিনি বাৰকৈ পুৱা গধূলি আৰু ৰাতি শুৱাৰ আগতে হুপিব। এনেদৰে কেইদিনমান হুপিলে কাহ ভাল হ'য়।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.