( অপূৰ্ব দাস )
সুস্বাস্থ্যৰ বাবে আমাক নিয়মিতভাৱে পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। এই কাৰণেই স্বাস্থ্য বিশেষজ্ঞসকলে সকলো লোককে এনেবোৰ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে যাতে শৰীৰৰ বাবে প্ৰয়োজনীয় অধিকাংশ উপাদান যোগান ধৰিব পৰা যায়। খাদ্য বিশেষজ্ঞসকলে কয়, প্ৰটিন আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান। পেশী গঠনৰ পৰা আৰম্ভ কৰি ছাল, চুলি আৰু নখ ইত্যাদি সুস্থ আৰু শক্তিশালী কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
শৰীৰৰ সামগ্ৰিক কাম-কাজৰ বাবে প্ৰটিন অতি
প্ৰয়োজনীয়। ইয়াৰ উপৰিও কলা গঠন আৰু মেৰামতি, এনজাইম আৰু হৰম’ন উৎপাদন, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলি আৰু নখ মজবুত কৰি ৰাখিবলৈ আৰু ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিবলৈও প্ৰটিন সমৃদ্ধ খাদ্যৰ প্ৰয়োজন।
আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ আছে নে নাই সেইটো কেনেকৈ জানিব ? এই বিষয়ে বিতংভাৱে তলত পঢ়িব -
আমাক দৈনিক কিমান প্ৰটিন লাগে?
গৱেষকসকলে কয় যে, প্ৰাপ্তবয়স্ক লোকক প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনত প্ৰতিদিনে ০.৮ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, ৭৫ কিলোগ্ৰাম ওজনৰ ব্যক্তিয়ে দৈনিক ৬০ গ্ৰাম প্ৰটিন সেৱন কৰিব লাগে। প্ৰটিনৰ অভাৱৰ ক্ষেত্ৰত শৰীৰৰ গঠন সলনি হ’বলৈ আৰম্ভ কৰে। যদি ইয়াৰ উন্নতি নহয় তেন্তে ই যকৃতৰ ৰোগ, হাড়ৰ সমস্যাৰ সৃষ্টি কৰাৰ লগতে শিশুৰ বিকাশতো প্ৰভাৱ পেলাব পাৰে।
প্ৰটিনৰ অভাৱ হৈছে নে নাই কেনেকৈ জানিব পাৰি ?
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সাধাৰণতে ভিটামিন চি আৰু ডিক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে যদি আপোনাৰ প্ৰটিনৰ অভাৱ হয় তেন্তে ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে। প্ৰটিনৰ অভাৱৰ বাবে সংক্ৰমণৰ আশংকা হ’ব পাৰে আৰু ই গুৰুতৰ ৰূপও ল’ব পাৰে। পশুৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে মাত্ৰ ২% প্ৰটিনযুক্ত খাদ্য খুৱাই দিয়া জীৱ-জন্তুবোৰৰ সংক্ৰামক ৰোগৰ সম্ভাৱনা বেছি আনহাতে ১৮% খুওৱা পশুৰ সংক্ৰামক ৰোগৰ সম্ভাৱনা কম দেখা গৈছে।
মহিলাৰ ওপৰত কৰা এক সৰু অধ্যয়নত দেখা গৈছে যে ৯ সপ্তাহ ধৰি কম প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিলে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস পায়।
পেশীৰ দুৰ্বলতা আৰু সঘনাই ভাগৰুৱা হোৱা
পেশীবোৰ সুস্থ আৰু শক্তিশালী কৰি ৰখাৰ বাবেও প্ৰটিন অতি প্ৰয়োজনীয়। যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন গ্ৰহণ নকৰে তেন্তে আপোনাৰ শৰীৰে পেশীৰ কলা ভাঙি নিজৰ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰম্ভ কৰে। দীৰ্ঘদিন ধৰি প্ৰটিনৰ অভাৱত পেশীৰ ক্ষতি আৰু দুৰ্বলতা বৃদ্ধি পায়। যদি আপুনি দৈনন্দিন জীৱনত বস্তু তুলিবলৈ বা চিৰি বগাবলৈ অসুবিধা পায়, বা শক্তিৰ অভাৱ অনুভৱ কৰে, তেন্তে ই প্ৰটিনৰ অভাৱৰ কাৰণ হ’ব পাৰে।
ছাল আৰু নখৰ সমস্যা
চুলি, ছাল আৰু নখ প্ৰধানকৈ প্ৰটিনৰ দ্বাৰা গঠিত। খাদ্যত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নাথাকিলে শেষত চুলি পাতল হৈ পৰে আৰু চুলি সৰি যোৱাৰ প্ৰৱণতা থাকে। প্ৰটিনৰ অভাৱৰ বাবে নখ বেয়া হোৱাৰ লগতে ছাল শুকান আৰু দাগ যুক্ত হোৱাৰ আশংকা থাকে। এইবোৰ স্পষ্ট লক্ষণ যে আপোনাৰ শৰীৰত সুস্থ কলা বজাই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰ'টিনৰ অভাৱ। প্ৰটিনৰ অভাৱত ছাল আৰু নখৰ সমস্যা হ’ব পাৰে।
ইয়াৰ উপৰিও প্ৰ'টিনৰ অভাৱ হ'লে - যৌন শক্তি দুৰ্বল হ'য়, নাৰ্ভৰ সমস্যাও হ'বলৈ আৰম্ভ কৰে আৰু মানসিক চাপ বৃদ্ধি পায়। প্ৰ'টিনৰ অভাৱ হ'লে বয়সীয়াল যেন হ'বলৈ আৰম্ভ কৰে।
এইবোৰ কাৰণত প্ৰ'টিনৰ অভাৱ হ'ব পাৰে -
• প্ৰ'টিন যুক্ত খাদ্য কমকৈ খালে।
• দীৰ্ঘদিন ধৰি হজমৰ সমস্যা হ'লে ।
• বৃক্কৰ সমস্যা হ'লে মূত্ৰৰ জৰিয়তে প্ৰ'টিন ওলাই যায়, যাৰ ফলত মূত্ৰত ফেন বেছিকৈ দেখা যায় ।
• যিসকলৰ হজমৰ সমস্যা আছে তেনে লোকে অত্যাধিক যৌন সম্পৰ্ক স্থাপন কৰিলেও দেহত প্ৰ'টিনৰ অভাৱ হ'ব পাৰে।
• লিভাৰৰ সমস্যা থাকিলেও প্ৰ'টিনৰ অভাৱ হ'বলৈ আৰম্ভ কৰে।
• দেহত কলেষ্টেৰল ( LDL ) বাঢ়িলেও প্ৰ'টিনৰ অভাৱ হ'ব পাৰে।
সাৱধানতা: লগাতকৈ অধিক প্ৰ'টিন খালে লিভাৰৰ আৰু বৃক্কৰ সমস্যা হ'য়। হজমৰ সমস্যা থকা লোকে প্ৰ'টিন যুক্ত খাদ্য খাওঁতে সাৱধানতা অৱলম্বন কৰিব।