( অপূৰ্ব দাস )
বৰ্তমান বনভোজ খোৱাৰ সময়। ব্যস্ত জীৱনৰ পৰা ওলাই আহি আনন্দমনে এক মনোৰম প্ৰাকৃতিক পৰিবেশত লগ-সমনীয়াৰ লগত এসাঁজ খাই উপভোগ কৰিবলৈ বছৰটোৰ আৰম্ভণিতে এয়া এক সুন্দৰ সময়।
খেতি কৰা গাওঁলীয়া লোকৰ পথাৰৰ সোনগুটি আনি ভড়ালত থোৱাৰ পিছত ন-খোৱাৰ পৰম্পৰা আৰু মাঘৰ বিহুৰ আনন্দ উদযাপনৰ প্ৰস্তুতি চলিবলৈ আৰম্ভ কৰিছে। ৰʼদত ধান শুকুৱাই লৈ চিৰা, সান্দহ, পীঠাৰ বাবে যা-যোগাৰ এইখিনি সময়তেই আৰম্ভ কৰে লগতে নতুন বৰ্ষক আদৰণি জনাই পহিলা জানুৱাৰীৰ পৰাই বা তাৰ কিছুদিন আগৰে পৰাই মনোৰম পৰিৱেশত বনভোজ খোৱাৰ হেঁপাহ সকলোৰে আছে।
কিন্তু, বনভোজ খাবলৈ যাওঁতে আনন্দৰ মাজতে বিপদে ঘেৰি ধৰিব পাৰে , সেয়েহে সাৱধানতা অৱলম্বন কৰাটো অতি আৱশ্যকীয়।
আজি আপোনাক জনাম এই লিখনিৰ জৰিয়তে, যে কি কি সাৱধানতা অৱলম্বন কৰিব আৰু কি কি কথাত গুৰুত্ব ৰাখিব এই বিষয়ে। এই বিষয়ে তলত আপোনাক অৱগত কৰা হ'ল -
বনভোজ মানসিক প্ৰশান্তিৰ বাবে খোৱা হয়।
কিন্তু বনভোজ সময়ত অশান্তি আৰু অস্বাস্থ্যৰ হৈ পৰিব
পাৰে- যদিহে শুদ্ধভাবে ইয়াক পৰিকল্পনা আৰু উপভোগ কৰা নাযায় । স্বাস্থ্যৰ ওপৰত বনভোজৰ বেয়া প্ৰভাৱো থাকে। যেনে - দুৰ্ঘটনা জনিত আৰু খাদ্য জনিত।
• বনভোজৰ লগত জড়িত দুৰ্ঘটনা সমূহৰ বেছি ভাগৰে কাৰণ হৈছে মাদক দ্ৰব্য পান কৰা।
সেয়েহে বনভোজত মদ বা অইন যিকোনো মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো অতি গুৰুত্বপূৰ্ণ।
• ধুমপানেও শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগি থকা সকলৰ বাবে ক্ষতিকাৰক।
• বনভোজলৈ গ'লে নৈ, জলাশয়ত নামি গা ধোৱা বা সাঁতোৰা আদি নকৰাই ভাল । অচিনাকি এনেবোৰ জলাশয় বা নদীৰ গভীৰতা বা সোঁত সম্পৰ্কে বনভোজ যাত্ৰী সকল যিহেতু জ্ঞাত নহয়, যিকোনো সম্ভাৱ্য দুৰ্ঘটনাই পলকতে গুৰুতৰ ৰুপ ল’ব পাৰে। এনে দুৰ্ঘটনা হোৱাৰ বাতৰি প্ৰায়েই শুনিবলৈ পোৱা যায়।
• নতুন পৰিৱেশত সকলোৱে মিলি এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে আছে, কিন্তু এনে নতুন পৰিৱেশত গৈ লেতেৰা পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। নিজৰ ঘৰৰ পৰা যিমান সম্ভৱ পানী লৈ যাব লাগে, কাৰণ বিছিভাগ ৰোগ পানীৰ পৰাই হ'য়।
• খাদ্য খাওঁতেও সাৱধানতা অৱলম্বন কৰিব লাগে। পৰিস্কাৰ- পৰিচ্ছন্নতা বজাই ৰখাও অতি দৰকাৰ।
• বনভোজলৈ গ'লে first aid box আৰু ঔষধ লৈ যাব লাগে, যাতে কোনো বিপদ নহয়।
• মানসিক চাপ দূৰ হোৱাকৈ সকলোৱে মিলি থকাটো অতি গুৰুত্বপূৰ্ণ। বাদ-বিবাদ, তৰ্ক কৰাৰ পৰাও বিৰত থাকিব লাগে।
বনভোজ খাবলৈ যোৱাৰ আগতে জানো আহক অসম আৰক্ষীয়ে কি কি নিৰ্দেশনা জাৰি কৰিছে -
বনভোজক লৈ অসম আৰক্ষীৰ নিৰ্দেশনা, কি কি কৰিব নোৱাৰিব বনভোজৰ দলসমূহে জানিবলৈ পঢ়িব -
বনভোজৰ সময়ত দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি কৰিছে। সেয়েহে সকলোৱে নিষ্ঠাৰে পালন কৰিব। পালন নকৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
• বনভোজ থলীত সুৰা, ড্ৰাগছ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে আৰক্ষীয়ে। কোনো বনভোজকাৰীয়ে কৰিব নোৱাৰিব সুৰাপান।
• বনভোজৰ বাহনত অতিৰিক্ত বোজা কৰিব নোৱাৰিব । বহু সময়ত দেখা যায় বনভোজকাৰীৰ বাহনসমূহত অতিৰিক্ত লোক বিপজ্জনকভাৱে উঠি যায়।
• মালবাহী বাহনখনক বনভোজকাৰীৰ বাহন হিচাপে নিব নোৱাৰিব ।
• যাত্ৰাপথত আৰু বনভোজ স্থলীত উচ্চস্বৰত শব্দ বা গীত বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।
•লাইচেন্স নথকা ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰিব।
শেষত এটা কথা মনত ৰাখিব - সুস্থ পৰিৱেশতহে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন হয়। সেয়েহে পৰিৱেশ সুন্দৰকৈ ৰখাৰ দায়িত্ব আমাৰ। বনভোজলৈ গৈ ৰৈ যোৱা খাদ্য সামগ্ৰী, ভাত খোৱা ডীচ সমূহ দ-গাতত পুতি থৈ আহিব লাগে, যাতে পৰিৱেশ বিনষ্ট নহ'য়। প্লাষ্টিকৰ বটল সমূহ পুৰি পেলোৱা উচিত নাইবা পানী খাবলৈ সদায় ব্যৱহাৰ কৰা নিজা বটল ঘৰৰ পৰা লৈ যোৱা উচিত।