Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

উপন্যাসিকা : নিষিদ্ধ প্ৰেমৰ জয়গান

       উপন্যাসিকা : নিষিদ্ধ প্ৰেমৰ জয়গান 




( লিখক : অপূৰ্ব দাস )



নিসংগতাৰে ভৰা এই জীৱন.... উসঃ কি বেদনাদায়ক!..........

সি আবেলিৰ বেলিটিলৈ চাই ৰʼল।‌ সৰু থাকোঁতে এইখিনি সময়ত খেল খেলিছিল - হাউ খেল, কাবাডী, চুৰ-পুলিচ... খুব ভাল আছিল সেই সময়। দুখ -বিষাদ কি তেতিয়া বুজি পোৱা নাছিল। মাথো আনন্দ! কৰবাত উজুটি খাই বাগৰি পৰিলেও দুখ অনুভৱ হোৱা নাছিল। পুৱা উঠি কিতাপ পঢ়া, স্কুললৈ যোৱা, আবেলি সমনীয়াহঁতৰ লগত ৰং-ধেমালি কৰা আৰু গধূলি অকণমান টিভি চাই কিতাপ পঢ়ি ৰাতি ৯:৩০ বজাত ভাত খাই শুবলৈ যোৱা.... সেই সময়ত বিহু আহিলেই মনত ৰং আনন্দ.... এতিয়া চোন তাৰ সেইবোৰ আনন্দ হেৰাই গʼল......  



১৪ বছৰীয়া হোৱাৰ পিছত নিজকে ঘৰত আবদ্ধ কৰি ৰাখিব লগা হʼল। ইফালে পঢ়াৰ বোজা , আনতকৈ ভাল নম্বৰ আৰু প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ হেঁচা। 
যেতিয়া ১৮ বছৰীয়া হʼল তেতিয়া কিবা এটা অনুভৱ কৰিবলৈ ধৰিল। কাৰোবাক দেখিলেচোন ভাল লাগি যোৱা হ'ল। কি এই অনুভূতি? হয়তো এয়াই বসন্তৰ প্ৰথম জাক বৰষুণ.... এক মিঠা সোৱাদ... এক বুজাব নোৱাৰা অনুভূতি.... তাৰেই নাম প্ৰেম!

: তোমাক বহুত ভাল লাগে। মোক ভাল পাবা নে?

: কি কথা কৈছোঁ তুমি, বলিয়া হলা নেকি? লʼৰাই লʼৰাক ভাল পায় নেকি? কেতিয়াৰ পৰা হিজড়া হলি? লাজ লগা নাই তোৰ!

সেয়াই আছিল জীৱনৰ বসন্তৰ সময়ত প্ৰথম কাৰোবাৰ পৰা পোৱা অপমান! "চি: মই কি কৈ দিলোঁ!" - সি নিজকে দোষী অনুভৱ কৰিলে।

"আজিৰ পৰা আৰু এনেকৈ কাকো কেতিয়াও নকওঁ।" লাজ আৰু অপমানে তাৰ হৃদয়ত আঘাট কৰিলে।
কিছুদিন পাৰ হ'ল। হায়াৰ চেকেণ্ডেৰীত একেলগে পঢ়া এজন বন্ধুৱে দেখোন "ভাল লাগে তোমাক, তুমি বহুত কিউট আৰু হেণ্ডচাম" বুলি কৈ থাকে।..... এই কথাটো বহুতেই কয়... কিন্তু আনে কলে একো যেন নালাগে তাৰ... সি ক'লে বাৰু কিয় ভাল লাগে? হৃদয়ত দেখোন কিবাহে গান গাব ধৰে.... যেন বসন্তৰ আগমন... কি যে মিঠা অনুভূতি.... 

মোবাইল ফোনত কথা পাতিবলৈ খুব মন যায় তাৰ সৈতে... কিন্তু ফোন নম্বৰটো দিয়া নাই। এদিন সি খুজি লৈ কথা পাতিলে। তাৰ সেইদিনা বহুত সুখ অনুভৱ হল।
তাৰ লগত কথা পাতি থাকোতে এদিন হৃদয়ৰ অনুভৱৰ কথাবোৰ কৈ দিলে। 
বন্ধুজনে খুব হাঁহিলে আৰু কʼলে ছোৱালী হʼলে বিয়া কৰাই আনিলো হৈ। এতিয়া তুমি লʼৰা.. তোক ভাল পাই মই কি পাম ? 

লাহে লাহে সিহঁত দুজনৰ ফোনত কথা পতা পাতলিল। বন্ধুজনৰ জীবনলৈ ভালপোৱা ছোৱালী এজনী আহিল। বন্ধুজনে তাৰ খবৰ নোলোৱা হ'ল। সিহঁতৰ বন্ধুত্বৰো সম্পৰ্ক নোহোৱা হৈ গʼল।

সি কলেজত BA 2nd sem পালে। তাৰ পঢ়াতো আগৰ দৰে মন নবহা হ'ল।
মনত চিন্তাবোৰে দোলা দিব ধৰিল.... সি ভাবিবলৈ ধৰিলে - "মই আনতকৈ পৃথক নেকি? মোৰ বাৰু কিয় লʼৰাহে ভাল লাগে?  মই কি.....? মই হিজড়া নেকি? তেনেহলে মোক ঘৰত বা গাওঁত গʼম পালে কি হʼব? মোৰ জীৱন কি হʼব?
কোনে মোক মৰম দিব...."

সি লʼগ সংগ বাদ দিয়াৰ দৰেই হʼল। অনবৰতে ঘৰৰ ভিতৰত সোমাই থকা হʼল। এতিয়া কেৱল মোবাইল ফোনটো সংগী। খাব লাগে খাইছে। কলেজ যাব লাগে গৈছে। কতো যেন আনন্দ নাই। জীয়াই থকাই যেন খুব কঠিন হৈ পৰিল। "মনৰ কথা খুলি কʼলে হেনো মনটো পাতল পাতল লাগে... কিছু দুখ আঁতৰে.... কিন্তু কাক ক'ব? কোনে শুনিব মনৰ কথা...... " - অনবৰতে চিন্তাবোৰে তাক খুলি খাব ধৰিলে।
হথাতে মোবাইল ফোনটো বাজি উঠিল। সেয়া মাকৰ ফোন....
: কʼত আছা সোণ ?
: মা, মই নদীৰ পাৰত বহি আছো।
: আহা ঘৰলৈ, গধূলি হʼল। পঢ়িব লাগে।
: গৈছো মা। 
সি বহাৰ পৰা উঠি ঘৰমুৱা হ'ল।


******** তিনি বছৰৰ পাছত ***********



হিমা, ঐ হিমা.... 

হিমাশ্ৰী : অ' ঋতু, আহা। আজি ৰবিবাৰ স্কুল নাই কাৰণে পুৱাৰ ভাত কেইটা খাই চোতালতে অলপ ৰʼদ লৈ বহি আছোঁ।

ঋতু : ঘৰত খুড়ীদেউ নাই নেকি? 

: মা, বৰ্তমান ঘৰত নাই। শাক-পাচলি নাই বাবে বজাৰলৈ গʼল। বহা চকী খনতে।
এইবুলি কৈ হিমাশ্ৰীয়ে নিজে উঠি তাইক বহিবলৈ দিলে।

: তুমিও বহিবলৈ চকী এখন লৈ আহা । এটা ডাঙৰ কথা আছে!

: ডাঙৰ কথা ! কি কথানো ওলাল ? হিমাশ্ৰীয়ে আন এখন চকী আনি তাইৰ ওচৰতে বহিল।

: দীপাংকৰৰ কথা। 

: দীপাংকৰৰ কথা ! -

 হিমাশ্ৰীৰ বুকুখন কঁপি উঠিল। তিনি বছৰতকৈ বেছি হ'ল হিমাশ্ৰী আৰু দীপাংকৰৰ প্ৰেমৰ সম্পৰ্ক। দীপাংকৰৰ কথা বুলি কোৱাত তাইৰ বুকুখন কঁপি উঠিল। কাৰণ ৬ মাহ আগতে তাৰ এটি সাধাৰণ দুৰ্ঘটনা হৈছিল। আগতেও হেনো এটি ডাঙৰ দূৰ্ঘটনা হৈছিল । কৰ্মস্থলীৰ পৰা ঘৰলৈ বাইকেৰে আহি থাকোঁতে পিছফালৰ পৰা এখন চাৰিচকীয়া বাহনে খুন্দিয়াই দিছিল। ভাগ্য ভাল একো ডাঙৰ অঘটন নহ'ল। বাওঁ ভৰিখনত অকণমান আঘাট পাইছিল।

: কি হ'ল, কিবা মনে মনে থাকিলা যে?

: তাৰ একো হোৱা নাইতো ? মোৰ বৰ ভয় লাগে । ছয় মাহ আগতে হোৱা দুৰ্ঘটনাটোৰ বাবে।

: তেনেকুৱা একো ঘটা নাই , পিছে এইটো কথা ক'বলৈ অলপ লাজ লাগে!

হিমাশ্ৰীৰ বুকুখন আকৌ কঁপি উঠিল! লাজ লগা কথা.....

: মোক সোনকালে খুলি কোৱা। একো লাজ কৰিব নালাগে।

: কথাটো শুনিলে তুমি মোকেই গালি পাৰিবা।‌ কেনেকৈ আৰম্ভ কৰিম লাজে ভয়ে আৱৰি ধৰিছে!

: লাজ-ভয় বাদ দিয়াচোন। মই তোমাক একো গালি নাপাৰো। Please খুলি কোৱা....

: দীপাংকৰ এজন Bisexual..... 

: Bisexual...! কেনেকৈ জানিলি তই ? সি তেনেকুৱা হʼবই নোৱাৰে। আজি মই তাক ভাল পোৱা তিনি বছৰৰ বেছি হ'ল। আজিলৈকে মই তাৰ চৰিত্ৰত তেনেকুৱা একো দেখা নাই । তই এইবোৰ কি কৈছো.... 

হিমাশ্ৰীয়ে জোৰ জোৰকৈ হাঁহিব ধৰিল।





: বিশ্বাস কৰা নাই নেকি? 

: কিবা প্ৰমাণ আছে ? 

: আছে , সেইকাৰণে তোক ক'বলৈ সাহস কৰিছো। শুনা তেতিয়া হʼলে - যোৱাকালি মই ছাত্ৰ কেইজনক টিউশ্ব্যন কৰি ঘৰলৈ উভতি আহি থাকোঁতে দীপাংকৰ আৰু প্ৰীতমক একেলগে নদীৰ পাৰৰ ডাঙৰ আহত গছজোপাৰ তলত বহি চুমা খোৱা দেখিলোঁ। মই চাইকেলখনৰ পৰা নামি মনে মনে আহত জোপাৰ পিছফালে থিয় হৈ থাকিলো আৰু ভিডিঅ' কৰিলোঁ। প্ৰীতমৰ দুচকুত চকুপানী। সি কান্দি কান্দি কৈছিল:

প্ৰীতম : দেহা , মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। তুমি যদি মোক এৰি দিয়া মই বিষ খাই মৰিম!

দীপাংকৰ : জান, মই সদায় তোমাৰ লগত আছো। মইও তোমাক বহুত ভাল পাওঁ। তুমি লʼৰা কাৰণে সমাজক দেখুৱাই মইতো তোমাক বিয়া কৰাব নোৱাৰো । সমাজক দেখুওৱাবৰ কাৰণে হিমাশ্ৰীক বিয়া কৰাবই লাগিব। তাইও যিহেতু মোক বহুত ভাল পায়। 

: তাইক বিয়া কৰালে মোক পাহৰি যাবা নেকি? 

: মই তোমাক সঁচাকৈয়ে ভাল পাওঁ। কেতিয়াও পাহৰিব নোৱাৰোঁ। কিন্তু আমি সদায়েই লগ কৰিব নোৱাৰিম। মানুহে সন্দেহ কৰিব। 

: যদি তুমি মোক সঁচাকৈ ভাল পোৱা বলা আমি এই ঠাই ত্যাগ কৰি আন এঠাইত দুয়ো একেলগে থাকিম।

: ইমান দিনে হিমাশ্ৰীক প্ৰতিশ্ৰুতি দিয়া কি হʼব? মই যে তাইক বিয়া কৰাম বুলি কথা দিছোঁ।

: তোমাৰ আৰু মোৰ সম্পৰ্কৰ কি হ'ব? হিমাশ্ৰী তোমাৰ জীৱনলৈ অহাৰ আগতেই তোমাৰ আৰু মোৰ সম্পৰ্ক হৈছে। তুমি মোক কথা দিছিলা সদাই থাকিম বুলি। তুমি এৰি দিলে মই সঁচাকৈ আত্মহত্যা কৰিম ! কাৰণ মোৰ দেহ-মন মাথো তোমাকেই অৰ্পণ কৰিছো। - এইবুলি কৈ প্ৰীতমে কান্দিব ধৰিলে।



দীপাংকৰ উপায়হীন হৈ গছতে তাৰ হাতখন মাৰি দিলে আৰু প্ৰীতমৰ দুচকুৰ চকু পানী মচি বুকুৰ মাজত সাৱটি ল'লে আৰু কʼলে -

: মই সদায়েই তোমাৰ হৈ থাকিম। তোমাক এৰি কেতিয়াও আঁতৰি নাযাও। এন্ধাৰো নামি আহিছে । আহা এতিয়া মোক মৰম দে.... বহুত ভাল পাওঁ তোমাক।
- এইবুলি কৈ সি প্ৰীতমক সাৱটি ল'লে। তাৰ ওঁঠত চুমা আঁকি দিলে।

ঋতুই এই সকলো কথা বতৰা আৰু সিহঁত দুটাৰ মৰমক মোবাইলেৰে ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিছিল।
হিমাশ্ৰীক ভিডিঅ'টো দেখুৱাই দিলে।

ভিডিঅ'টি চাই হথাতে হিমাশ্ৰীৰ আশা আৰু সপোন থান-বান হৈ ভাঙি পৰিল.... খং আৰু ঘৃণাত তাই চটফটাই উঠিল।

: হে প্ৰভু ! এইয়া কি? দীপাংকৰ এজন উভয়কামী.....! 

- হিমাশ্ৰীৰ খং আৰু অন্তৰত পোৱা আঘাটত দুচকু ৰঙা আৰু চলচলীয়া হৈ পৰিল। ঋতুই তাইক ধৈৰ্য্য ধৰিবলৈ ক'লে।

: শুনা, তই ধৈৰ্য্য ধৰা। আমি কিবা এটা উপায় ভাবিব লাগিব যাতে প্ৰীতমক দীপাংকৰে এৰি দিয়ে।

: কি উপায় আছে? যি জনে মই থাকোতে এজন পুৰুষৰ লগত সম্পৰ্ক ৰাখে তেনে এজনক মই ভাল পাই বহুত ভুল কৰিলোঁ। আগতে জনা হʼলে কেতিয়াও তাৰ লগত সম্পৰ্ক নাৰাখিলোহেঁতেন। চি, সি Bisexual !

: দুখ নকৰিবা , আমি কিবা এটা উপায় ভাবিম। এতিয়া মই যাওঁ। - এই বুলি কৈ ঋতু যাবলৈ ওলাল।

: ঋতু, তই এনেদৰে ভিডিঅ' নকৰিলে মই কেতিয়াও গম নাপালোঁহেতেন তাৰ চৰিত্ৰ। ভিডিঅ'টো মোক দি যোৱা।

ঋতুই তাইক ভিডিঅ'টো দি ঘৰলৈ গʼল। কিছু সময়ৰ পিছত তাই এটা কথা ভাবিলে । তাই এতিয়াই প্ৰীতমক লগ কৰিব।


 ******

: মিনাক্ষী বাইদেউ, তুমি আজি হঠাতে আমাৰ ঘৰলৈ আহিলি যে ?

: প্ৰীতম , তোৰ সৈতে কিছু কথা আছে। আহাচোন আমি দুয়ো অলপ ওলাই যাওঁ। 

: এনেকৈ হঠাতে! বহাচোন বাইদেউ ।

: নাই, মোৰ সময় কম । আহা মোৰ সৈতে ,ওলপ কথা আছে।

মিনাক্ষী আগে আগে প্ৰীতমে তাইৰ পাছে পাছে নদীৰ পাৰলৈ সেই আহত গছজোপাৰ তললৈ গ'ল।

: ইয়ালৈ কিয় মাতি আনিলা বাইদেউ? - প্ৰীতমে কিবা এটা বিপদৰ সংকেতৰ উমান পালে। তাৰ বুকুত ধপধপনি এটা অনুভৱ হʼল।

: এইটো ভিডিঅ' চোৱা .... 
- মিনাক্ষীয়ে তাইৰ মোবাইলো দি ভিডিঅ'টো চাব দিলে।

প্ৰীতমে ভিডিঅ'টো দেখি আচৰিত হ'ল। তাৰ ভয় আৰু লাজত মুখ শুকাই গʼল।
থোকাথোকি মাতেৰে সি কʼলে -

: বা... বা... বাইদেউ... এ... এইয়া কোনে ভিডিঅ' বনালে?

: ভিডিঅ' কোনে বনালে সেইটো জানি লাভ নাই। আগতে মোৰ কথাৰ উত্তৰ দিয়া। তই হিজড়া নেকি, হা? লাজ নালাগে তোৰ ... এনেকৈ আনৰ ভালপোৱা এজনৰ লগত এইবোৰ কৰিবলৈ ! দীপাংকৰ মোৰ । আমাৰ বিয়া হ'বলৈ গৈ আছে। আৰু তই তাক এনেকৈ মাতি আনি এইবোৰ কৰোঁ। চিঃ , ঘীণ লাগিছে তোক !  হিজড়া চাল্লা... তোৰ ইমানেই কচুৰ খজুৱতি নে ? চৰিত্ৰ হীন কৰবাৰ....

: বাইদেউ, এইয়া মোৰ পৱিত্ৰ প্ৰেম। মোক চৰিত্ৰ হীন বুলি নকবা। তোমাৰ আৰু দীপাংকৰৰ সম্পৰ্ক নোহোৱাৰ আগৰ পৰাই মই দীপাংকৰক ভাল পাওঁ আৰু আমাৰ দুয়োৰে মাজত ভাল গভীৰ সম্পৰ্ক গঢ়ি উঠিছে । কিন্তু দীপাংকৰে অকল মোকেই ভাল পোৱা নাই তোমাকো ভাল পায় । সেয়া মই সকলো কথা জানো। দীপাংকৰে মোক কৈছে - তুমি হে দীপাংকৰৰ নম্বৰ লৈ মেচেজ কৰা আছিলা আৰু তাক বলিয়া কৰিছা। সি তোমাক ভাল পাব বিচৰাই নাছিল।
 - তাৰ দুচকুৰে চকু পানী নিগৰি আহিল।
সি লাজ- অপমান আৰু দুখত কথাকেইটা ফেকুৰি কান্দি কান্দি ক'লে।

: তোৰ দেখোন বৰ বৰ কথা ! লাজ লগা নাইনে? পুৰুষ হৈ পুৰুষৰ দৰে থাকিবা। এনেকৈ পুৰুষ এটাই পুৰুষক প্ৰেম কৰে নেকি? সমাজে তঁহত দুটাৰ কথা গম পালে ঘীণ কৰিব, থুৱাব।

: বাইদেউ, মোক মোৰ দৰে থাকিব দিয়া। মই আচলতে তৃতীয় লিংগৰ। মোৰ শৰীৰটোহে পুৰুষৰ কিন্তু আত্মা নাৰীৰ। এই দুনিয়াত দীপাংকৰে মাথো এনে এজন ব্যক্তি যি মোক বুজি পায়, মৰম কৰে। এই দুনিয়াত মোক কোনেও বুজি নাপায়। আনকি মোৰ , মা দেউতাও মোক বুজি নাপায়!

: তোৰ এনেবোৰ কথা শুনিলে মানুহে হাঁহিব। শুনা, মই ভাল কথা কৈছোঁ। তই দীপাংকৰৰ জীৱনৰ পৰা আঁতৰি যা। নহ'লে তোৰ এই ভিডিঅ' মায়েৰাক আৰু গোটেই গাওঁৰ মানুহক দেখুৱাম। তেতিয়া তোক চৰিত্ৰ হীন বুলি সকলোৱে ঘীণ কৰিব।

: বাইদেউ, তেনেকুৱা নকৰিবা। ম... মই দীপাংকৰক এৰিব নোৱাৰোঁ। তাৰ অবিহনে মোৰ জীৱন শূণ্য। মই মৰি যাম... বহুত ভাল পাওঁ তাক....

: থৈ দে, তোৰ সমাজত মান্যতা নোপোৱা অপৱিত্ৰ, কলংকিত আৰু পাপ যুক্ত প্ৰেম ! এনে ভালপোৱাই কি দিব? 
দীপাংকৰক এখন ঘৰ দিব নে , নে সন্তান দিব ? 

: বাইদেউ, সমকামী সকলেও মানুহ । আমি অপৱিত্ৰ নহয়! আমাক বুজি চোৱা। আমাৰো প্ৰেম পৱিত্ৰ। আমাৰো জীয়াই থকাৰ হেঁপাহ আছে। 

: আমাৰ দেশত এইয়া অপৱিত্ৰ আৰু পাপ। এইয়া ধৰ্মৰ বিপৰীত। 

: বাইদেউ, ভগৱানে কেতিয়াও কোৱা নাই যে এইয়া অধৰ্ম আৰু পাপ! তুমিতো এগৰাকী টেট শিক্ষয়িত্ৰী। এইবোৰ কথা জানিব লাগে।

: শুনা, তুমি নিজকে পৱিত্ৰ বুলি ভাবিলেও সমাজে অপৱিত্ৰ বুলিয়েই ক'ব। যিহেতু এই সম্পৰ্কৰ সমাজত বৈধতা নাই। উচ্চতম ন্যায়ালয়ে এনে সম্পৰ্কক বৈধতা দিলেও সমাজত নচলিব এইবোৰ। সেয়েহে তই দীপাংকৰক বাদ দিয়া । ঘৰৰ কথা চিন্তা কৰা, তোমাৰ মা- দেউতাৰাৰ লগতে সমাজৰ কথা চিন্তা কৰি এইবোৰ ত্যাগ কৰা। ত্যাগৰ নামেই সঁচা প্ৰেম।

এনেদৰে কটুৱা মাতেৰে বুজাই মিনাক্ষী ঘৰলৈ গʼলগৈ।
সি এটি দেউকা ভঙা চৰাইৰ দৰে আশাহীন, উপায়হীন আৰু দুখী হৈ আহত গছজোপাৰৰ তলতে বহি কান্দি ৰʼল।


***************


বহুদিন দীপাংকৰে প্ৰীতমক দেখা নাই। ফোন লগাই চালে চুইচ অফ পালে। সি ভাবিলে -
"হথাতে দীপাংকৰ ক'ত গল? গা বেয়া নেকি বাৰু ? ফোন-মেচেজ এটাও নাই ! মই নিজেই তাৰ ঘৰলৈ গৈ খবৰ ল'ব লাগিব।"

: ইফালে-সিফালে চাই কি ভাবি আছা, মোৰ দেহা জান ?
- হথাতে হিমাশ্ৰীয়ে পিছফালৰ পৰা মাত লোগোৱাত দীপাংকৰ উচপ খাই উঠিল।

: তই এনেকৈ কি বিচাৰি আহিছা? - দীপাংকৰৰ খং উঠি গ'ল।

: কিয়, মই আহিব নোৱাৰো নেকি? বিয়াৰ পিছত দেখোন একেলগে থাকিবই লাগিব, মোৰ দেহা।
- তাই মিঠা মিঠা মাতেৰে দীপাংকৰৰ হাতত ধৰি ওচৰ চাপি আহি বুকুৰ মাজত সোমাব খুজিলে। দীপাংকৰে বাধা দি ক'লে -
: মোৰ বহুত কাম আছে। এতিয়া সেইবোৰ বেয়া কথা ! 
- এইবুলি কৈ সি হাতত দাখন লৈ তাইৰ ওচৰৰ পৰা আঁতৰি যায়।

: প্ৰীতম.... ! তোৰ মূৰত সেই হিজড়াটো সোমাই আছে। মই উলিয়াই পেলাম তোৰ মূৰৰ পৰা। - হিমাশ্ৰীয়ে খঙত বকিবলৈ ধৰিল।


******************


: খুড়ীদেউ , অ' খুড়ীদেউ...... 
- দীপাংকে চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে।

: অ' দীপাংকৰ বোপাই ! আহা , বহাহি। - প্ৰীতমৰ মাকে দীপাংকৰক চকী এখনত বহিবলৈ দিলে।

: খুড়ীদেউ , প্ৰীতম নাই নেকি? - সি ইফালে - সিফালে চাই সুধিলে।

: সি নাই , বহুদিন বায়েকৰ ঘৰলৈ যোৱা নাছিল । সি নিজেই কিছুদিন থাকিম বুলি কৈ গৈছে।

: কেতিয়া আহিব , খুড়ীদেউ ? - তাৰ দুচকুত কৌতূহল।

: নাই, নাজানো। মোক কৈ যোৱা নাই নহ'য়। মাথো কৈ গৈছে কেইদিনমান তাতেই থাকিব হেনো।


: হ'ব বাৰু খুড়ীদেউ, মই আহিছো। - এই বুলি কৈ সি যাবলৈ বহাৰ পৰা উঠিল।

: বহাচোন, চাহ একাপ খাই যোৱা। - প্ৰীতমৰ মাকে চাহ খাবলৈ জোৰ কৰিলে।

: মোৰ বহুত কাম আছে, খুড়ীদেউ। আজি নাখাও দে । 
- এইবুলি কৈ সি প্ৰীতমহঁতৰ ঘৰৰ পৰা ওলাই আহিল।

এসপ্তাহ পাৰ হ'ল। প্ৰতি দিনে দীপাংকৰে প্ৰীতমৰ অপেক্ষাত বাৰে বাৰে আহত গছজোপাৰ তললৈ গৈ বহি থাকে। ফোন কৰিলেও চুইচ অফ পায়। তাৰ মনত নানা ধৰণৰ চিন্তা সোমাই পৰিল। সিও প্ৰীতমক প্ৰাণ ভৰি ভাল পায়। এৰাহ ! সিয়েই যে এদিন তাৰ প্ৰাণ ৰক্ষা কৰিছিল। সেইদিনাৰ পৰাই সি প্ৰীতমক মনত ৰাখিছে। সি ৰাতিপুৱা ৪ বজাত মৰ্ণিং ৱাকলৈ যায় আৰু ৰাণিং কৰে । প্ৰীতমেও যায় , কিন্তু প্ৰীতমক কেতিয়াও মাত দিয়া নাছিল। সেইদিনা পিছফালৰ পৰা অহা তীব্ৰ বেগী এখন বাইকে দীপাংকৰক খুন্দিয়াই থৈ যায়। হথাতে তেজেৰে ৰাঙলী হৈ সি ৰাস্তাত ঢলি পৰে আৰু সংজ্ঞা হীন হৈ যায় । সেই সময়ত প্ৰীতমৰ বাহিৰে পথত কোনো নাছিল। প্ৰীতমে দেখা পাই দৌৰি আহি ওচৰ পায় আৰু লগে লগে ১০৮ তলৈ কল কৰি মৃত্যুঞ্জয় এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যায়। সি নিজৰ বন্ধু বুলি পৰিছয় দি দীপাংকৰে চকু মেলি চোৱালৈকে তাতেই ৰৈ আছিল।
দীপাংকৰক তেজ দিব লগা হৈছিল । বাওঁ ভৰিত আৰু মূৰত আঘাত পাইছিল সি। 
বয়সত ৭ বছৰেই সৰু যদিও সেইদিনাৰ পৰা দীপাংকৰৰ এজন প্ৰীয় বন্ধু হৈ পৰিল প্ৰীতম। অতিকৈ আপোন হৈ পৰিল প্ৰীতম। দুয়ো-দুয়োৰে ঘৰলৈ অহা-যোৱা কৰা। একেলগে ৰাতি থকা , প্ৰতিদিনে ১ ঘণ্টা ধৰি কথা পতা , এদিন ফোন নকৰিলে অভিমান কৰা ইত্যাদিৰেই দুটি জীৱন আগবাঢ়ি থাকিল। 


প্ৰীতমৰ লগত চিনাকি হোৱাৰ আগতে দীপাংকৰে এজনী ছোৱালীৰ প্ৰেমত পৰিছিল কিন্তু দীপাংকৰক চলনা কৰি আন এজনলৈ পলাই গ'ল। তাইৰ নাম আছিল অৰ্চনা। তাই পলাই যোৱাৰ দিনাখন সি খুব কান্দিছিল। কোনোদিনে মদ নোখোৱা ডেকাজনে মদ খাবলৈ বাধ্য হৈছিল। দীপাংকৰৰ মাকে খুব বুজাইছিল -

: বাবু, তুমি তাইৰ কাৰণে নিজৰ জীৱন ধ্বংস নকৰিবা। ভাল ছোৱালী এজনী চাই তোৰ লগত বিয়া পাতি দিম। 

: তাইক মই বহুত ভাল পাওঁ অ' মা! ম...ই এতিয়া কেনেকৈ জীয়াই থাকিম ? - সি মাকৰ কান্ধত মূৰটো থৈ ফেকুৰি ফেকুৰি কান্দিছিল।

সি খাবলৈ এৰি দিছিল। এনে অৱস্থাৰ বাবে দুৰ্বল হৈ নাৰ্ভৰ সমস্যা হৈ গৈছিল। অৱশেষত তাক চৰকাৰী হাস্পতালত ২০ দিনমান ৰাখিব লগা হৈছিল।

দিনবোৰ বাগৰিল। সি সুস্থ হৈ আহিল। অৰ্চনাক এতিয়া তাৰ মনত নপৰা হ'ল। ঘৃণা উপজিল তাইৰ প্ৰতি। কেতিয়াও ছোৱালীক বিশ্বাস নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে সি।

কিন্তু যেতিয়াৰ পৰা প্ৰীতমক লগ পায় তেতিয়াৰ পৰা তাৰ জীৱনটো আনন্দেৰে ভৰি পৰিল। সি প্ৰীতমৰ লগতেই বেছিভাগ সময় পাৰ কৰা হ'ল।
এদিন সি প্ৰীতমক সুধিছিল -
: তোমাৰ ভাল লগা ছোৱালী জনীৰ নাম আজিলৈকে কোৱা নাই যে? 

: নাই , মোৰ গাৰ্ল ফ্ৰেইণ্ড নাই। মোৰ ভাল পাবলৈ মনেই নাই । 
- প্ৰীতমে উদাস হৈ দূৰৰ পাহাৰখনৰ ফালে চাই কৈছিল।

: কিয়? ইমান ধুনীয়া লʼৰাটো হৈ গাৰ্ল ফ্ৰেইণ্ড নাই নে? 

- দীপাংকৰে আচৰিত হৈ সুধিছিল।

: মই মানুহতকৈ পৃথক! মোৰ কথা বাদ দিয়া। তোমাৰ কথা কোৱা। তুমি বাৰু কিয় গাৰ্ল ফ্ৰেইণ্ড বনোৱা নাই?

: মোৰ কথা জানাইচোন। অৰ্চনাই চলনা কৰাৰ পিছত মোৰ ছোৱালীৰ প্ৰতি বিশ্বাস হেৰাই গৈছে। খুব অন্তৰত আঘাত পাইছো। তাইৰ কাৰণে বহুত টকা উৰুৱাই দিলোঁ। এতিয়া আৰু প্ৰেমত পৰা সম্ভৱ নহ'ব। 

- এই বুলি কৈ দীপাংকৰ আবেগিক হৈ পৰিল। তাৰ দুচকু চলচলীয়া হৈ পৰিল।

প্ৰীতমে তাক সান্তনা দি দীপাংকৰৰ হাতখন নিজৰ হাতৰ মাজত থৈ ক'লে -

: মোৰ কথা জানিলে তুমি মোক ঘীণ কৰিবা। মই এইটো কথা সকলোৰে পৰা লুকুৱাই ৰাখিছো।

: তুমি কি ঘীণ কৰাৰ কথা কৈছা ? 
- দীপাংকৰে দুচকুৰ চকু পানী মচি এক কৌতূহল মনেৰে সুধিলে ।

: মই কেনেকৈ কম এই কথা! মই কাকো ক'ব নোৱাৰো। যেতিয়াৰ পৰা নিজকে আবিষ্কাৰ কৰিছো তেতিয়াৰ পৰা মই মানসিক চাপত ভুগি আছো। মোৰ অন্তৰৰ কথা কাক কম ? কোনেও নুশুনিব। ঘৰৰ মানুহে - লগ বন্ধুৱে- সমাজে মোৰ কথা জানিলে মোক ঘীণ কৰিব। মই মৰি মৰি জীয়াই আছোঁ।
 - প্ৰীতমৰ দুচকুৰ পৰা চকু পানী নিগৰি আহিল।


: মোক খুলি কোৱা, বন্ধু। মই সদায় তোমাৰ লগত আছো। কাৰণ তুমি মোৰ সেইদিনা জীৱন ৰক্ষা কৰিছা।

: জীৱন ৰক্ষা কৰাৰ বিনিময়ত মোক একো উপকাৰ নালাগে। মাথো মোৰ মনৰ বেদনা হ্ৰাস কৰিবলৈ মই তোমাৰ সৈতে এনেদৰে বহি থাকো।

: মোক তুমি আন মানুহৰ দৰে নাভাবিবা। তোমাৰ কথা শুনিম মই। তুমি মোৰ প্ৰিয় বন্ধু। কোৱা মোক তোমাৰ যন্ত্ৰণাময় কথা।

: থিক আছে, কৈছোঁ মই।  ম...ই এজন সমকামী। 
- সি কথাকেইটা কৈ হুক হুক কৈ কান্দিব ধৰিল।

- দীপাংকৰে তাৰ দুচকুৰ চকু পানী মচি দি তাৰ হাত দুখন জোৰকৈ ধৰি হাতৰ মাজত লʼলে। তাৰ দুবাহুত ধৰি সাৱটি লৈ তাৰ কপালত বাৰিষাৰ প্ৰথমজাক বৰষুণৰ দৰে এটি চুমা আকি দিলে। 

: মই তোমাক ভাল পাম। তুমি আজিৰ পৰা মোৰ... আৰু মই তোমাৰ.... 



: ঘীণ কৰিব তোমাক সমাজে, ঘীণ কৰিব বন্ধু-বান্বৱী আৰু আপোন মানুহে। নিষিদ্ধ এই প্ৰেম... নিষিদ্ধ এই জীৱন....!
- প্ৰীতমে তাৰ দুবাহুৰ মাজৰ পৰা ওলাই অকণমান আঁতৰত গৈ ক'লে ।

: মই তোমাক বুজি পাওঁ! বাকি মানুহৰ লাজত মই তোমাক আঁতৰত ৰাখিব নোৱাৰো। তুমিও এজন সুস্থ মানুহ। তোমাৰো প্ৰেম কৰাৰ , জীয়াই থকাৰ অধিকাৰ আছে। 

: কিন্তু, কি ক'ব সমাজৰ মানুহে? - প্ৰীতম অসহায় হৈ চাই ৰল দূৰ দীগন্তলৈ....



কঁহুবা বনবোৰ ওখহৈ নদীৰ পাৰত ফুলি উঠিছে। আবেলিৰ ৰঙা বেলিটোৰ মিঠা ৰ'দত চিকমিকাই উঠিছে নৈৰ পানী..... মৃদু বতাহ , গছ-গছনি ,চৰাই-চিৰিকটিৰ মধুৰ মাতত পৰিৱেশটো মনোমোহা হৈ পৰিছে। দীপাংকৰে পিছ ফালেৰে তাক জোৰকৈ সাৱটি ধৰি ক'লে -

: বাদ দিয়া সমাজৰ কথা । মোক মাথো তোমাৰ অন্তৰৰ কথা শুনিবলৈ দিয়া। আজিৰ পৰা মই তোমাৰ আৰু তুমি মোৰ। সঁচা ক'বলৈ গ'লে মোৰো তোমাক ভাল লাগে... বহুত। নাম নাজানো কি এই অনুভূতিৰ... এজন পুৰুষৰ যে আন এজন পুৰুষৰ প্ৰতি কিবা আকৰ্ষণ আছে সেয়া মইও উপলব্ধি কৰিব ধৰিছো। আচলতে প্ৰেমৰ কোনো সীমা নাই... প্ৰেমৰ কোনো সংজ্ঞা নাই... প্ৰেমৰ কোনো লিংগ নাই... প্ৰেমৰ কোনো জাতি -ধৰ্ম নাই.... আচলতে সমাজ আৰু ঘৰৰ মানুহৰ ভয়ত বা লাজত হে প্ৰকাশ কৰিব নোৱাৰি.... মই সমকামী নহয়... কিন্তু তোমাক মোৰো বহুত ভাল লাগে...


এই বুলি কৈ প্ৰীতমক দীপাংকৰে সাৱটি ধৰিলে। সিহঁত দুজন কঁহুৱাৰ মাজত কিমান সময় তেনেকৈ আছিল হিচাব নাই। 
প্ৰীতমৰ মোবাইল ফোনটো বাজি উঠাতহে দুয়োজনৰ তন্ময়তা ভাঙিল। সন্ধিয়া তেতিয়া ৭ বাজি গৈছে। দুয়ো দুয়োকে লাজ লাজ ভাৱেৰে চালে। কঁহুবাৰ মাজৰ পৰা ওলাই দুয়ো নিশ্চুপ হৈ নিজৰ নিজৰ ঘৰলৈ উভতিল। 
তেনেকৈয়ে সেইদিনাৰ পৰা দুজন পুৰুষৰ পৱিত্ৰ প্ৰেমে প্ৰাণ পাই উঠিল, কিন্তু সমাজ আৰু ঘৰৰ মানুহৰ চকুৰ পৰা বহুত নিলগত। 


*******************************

দুয়োৰে দিনবোৰ সুন্দৰ ভাৱেৰে পাৰ হ'বলৈ ধৰিল। এদিন দীপাংকৰকৰ ফেচবুকত এজনী ধুনীয়া ছোৱালীয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে, নাম মিনাক্ষী। দীপাংকৰে ছোৱালী জনীক চিনি পালে। ওচৰৰ গাঁও খনৰে তাই এগৰাকী টেট শিক্ষয়িত্ৰী। বয়স ২৩ বছৰমান হ'ব। ফ্ৰেইণ্ড ৰিকুৱেষ্টো দীপাংকৰে গ্ৰহণ কৰাৰ লগে লগেই তাই তালৈ মেচেজ পঠিয়ালে। 
'Hi, তোমাৰ সৈতে চিনাকি হ'ব পাৰিম নে? '
দীপাংকৰে একো ৰিপ্লাই নিদিয়াকৈ ফেচবুকৰ পৰা অফলাইন হ'ল।


সি নিজৰ অফিচৰ পৰা ওলাই আহি এখন ৰেষ্টুৰেণ্টত সোমাল। কিবা এটা খাই লৈ ওলাই আহোঁতে ওচৰৰ দোকান খনৰ পৰা প্ৰীতমলৈ ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি এটা কিনিলে। সি ৰাধা-কৃষ্ণক খুব ভাল পায়। আজি দৰমহা হৈছে কাৰণে সি তাৰ বাবে প্ৰথম উপহাৰ হিচাপে ভগৱানৰ মূৰ্তিটোকে কিনি ল'লে।

উপহাৰটো পাই প্ৰীতমৰ কিমান যে আনন্দ।
: মোৰ বাবে আনিছা? মোৰ দেহা জান, মই তোমাৰ কাৰণে কি উপহাৰ দিম?

: মই এনেদৰে তোমাৰ পৱিত্ৰ মৰম পাই থাকিলেই হ'ল। আৰুনো কি লাগে মোক.....

: এদিন আমি এই ঠাই এৰি বেলেগত দুয়ো একেলগে থাকিম। - প্ৰীতমৰ মুখত আশাৰ ৰেঙনি দেখা গ'ল।

: মাক-দেউতাক এৰি কেনেকৈ থাকিম, জান ? মই একমাত্ৰ ঘৰখনৰ সন্তান। গতিকে মই ওলাই গ'লে কোনে চাব?

: তেতিয়া হ'লে বিয়া পাতি লৈ যোৱা মোক! 

: ধেৎ ! পুৰুষে পুৰুষক বিয়া পাতে নেকি, কি কʼব আমাক ?

: তেনেহʼলে প্ৰেম কৰিছা কিয় ? প্ৰেম কৰিবা আৰু মানুহলৈ ভয় !

: আমাৰ দেশত যে দুজন পুৰুষৰ বিয়া বৈধ নহʼয়।

: কিমানেই যে বিয়া পাতিব ধৰিছে! এতিয়া এই সম্পৰ্কক বৈধতাও প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। তেন্তে ভয় কিহৰ? 

: তোমাৰ কথাটো ঠিকেই বাৰু, মোৰ জান। তেন্তে এই পৱিত্ৰ সম্পৰ্কৰ এটা নাম ৰাখিবলৈ অহাকালি মন্দিৰত ওলাবা তাতেই মই তোমাক সেন্দূৰ পিন্ধাই দিম । ভগৱানক সাক্ষি কৰি মই সেন্দূৰ পিন্ধাম। কোনেও গম নোপোৱাকৈ। আমি দুয়ো এক হৈ যাম।

দ্বিতীয় দিনাখন কথা মতে তিনি কিলোমিটাৰ দূৰৈত থকা ৰাধা-কৃষ্ণ মন্দিৰত পুৱা উপস্থিত হ'ল আৰু কোৱা মতে দীপাংকৰে প্ৰীতমৰ মূৰত কোনেও নেদেখাকৈ সেন্দূৰ পিন্ধাই দি ভগৱানৰ ওচৰত শপত ল'লে। দুয়ো দুয়োকে কেতিয়াও এৰি নিদিয়ে এই বুলি শপত খালে।
মন্দিৰৰ পুৰোহিতৰ পৰা দুয়ো আশীৰ্বাদ ল'লে। পুৰোহিত জনে ধৰিব পাৰিলে যে সিহঁত দুয়োজনে দুয়োজনক স্বামী-স্ত্ৰীৰ দৰে ভাল পায় , প্ৰেম কৰে । 

পুৰোহিত জনেও নিজৰ জীৱনত ঘটি যোৱা এটা কাহিনী সিহঁত দুজনৰ আগত খুলি ক'লে। সেইখিনি সময়ত মন্দিৰত সিহঁত তিনি জনৰ বাহিৰে কোনেও নাছিল।

: মোৰো জীৱনত এজন ভাল বন্ধু আছিল। সি মোক বহুত ভাল পাইছিল। একেলগে আমি স্কুলত পঢ়িছিলো। আমি দুয়ো একেলগে সময়বোৰ কটাইছিলো। দুয়ো একেলগে ৰং ধেমালি কৰিছিলোঁ। সিও মোক বহুত ভাল পাইছিল। ছোৱালীৰ প্ৰতি আমাৰ দুয়োৰে আকৰ্ষণ নাছিল। আমাৰ গভীৰ বন্ধুত্বৰ কথা দুয়োখন ঘৰেই জানে। লাহে লাহে দিনবোৰ বাগৰিল। আমাৰ দুয়োজনৰ বয়স তেতিয়া ছাব্বিশ বছৰত ভৰি দিছিল। ঘৰখনৰ একমাত্ৰ লʼৰা আছিল সি। সেয়েহে দেউতাকে তাক বিয়া পাতি দিবলৈ এজনী ছোৱালী চাইছিল। কাৰণ দেউতাকৰ কাপোৰেৰ ব্যৱসায় চলাবলৈ তাক প্ৰয়োজন হৈছিল আৰু ঘৰখনৰ ৰন্ধা -বঢ়া কৰিবলৈ এজনী বোৱাৰীৰ প্ৰয়োজন হৈছিল। মাকজনী বৰ শকত ,ঘৰৰ কাম-বন কৰিব নোৱাৰে।

- এনেদৰে মন্দিৰৰ পুৰোহিত জনে কৈ হথাতে ৰৈ দিলে। তেওঁৰ দুচকু চলচলিয়া হৈ পৰিল ।

: দেউ, তাৰ পিছত কি হ'ল? - দীপাংকৰে আগ্ৰহেৰে সুধিলে।
"দেউ, লাজ নকৰাকৈ কৈ যাওঁক। মই বুজি পাইছোঁ আপোনাৰ বেদনা।"

: এদিন সি আমাৰ প্ৰেমৰ কথা তাৰ ঘৰত কৈ দিলে। আমাৰ দুয়োজনৰ যে ছোৱালীৰ প্ৰতি আকৰ্ষণ নাই সেই কথাও জনালে। মাক-দেউতাকে এই কথাটো শুনি আচৰিত হ'ল। দেউতাকে তাক গালত তীব্ৰ চৰ এটা সোধালে । মাকে তাক খুব বুজালে -





: পুৰুষ হৈ পুৰুষক প্ৰেম কৰে নেকি ? এইবোৰ অসভ্যালি কোনে শিকালে ? তোৰ সেউজন বন্ধু ৰূপমে নেকি? সমাজৰ মানুহে কি বুলি ক'ব? আজিৰ পৰা যদি তাৰ লʼগ হোৱা মোতকৈ বেয়া কোনো নহ'ব।

: মা, মোৰ ছোৱালীৰ প্ৰতি অকণো আকৰ্ষণ নাই। কেনেকৈ ছোৱালী এজনী বিয়া কৰাই সুখী হʼম ? তাই মোৰ কথা এদিন নহয় এদিন গম পাবই। মই কি উত্তৰ দিম তাইক ? তাইৰ জীৱন ধ্বংস হ'ব , লগতে মোৰো জীৱনত সুখ নাহিব।
মই ৰূপমৰ অবিহনে জীয়াই থাকিব নোৱাৰো। বহুত ভাল পাওঁ তাক। - ৰাহুলে দুচকু চলচলিয়া কৰি থোকা-থুকি মাতেৰে ক'লে।

: চিঃ ! কি কথা বকি আছা? পাগল হৈছা নেকি? 
আজিৰ পৰা যদি এই কথা দ্বিতীয় বাৰ শুনো তেন্তে তোক ঘৰৰ পৰা উলিয়াই দিম... আৰু তাৰ সৈতে যদি বন্ধুত্ব ৰখা তেন্তে মইয়েই বিষ খাই মৰি যাম। এইয়া মোৰ নিজৰেই শপত খাই কলো। - মাকে খঙত অগ্নি শৰ্মা হৈ উঠিল।

সিওঁ খঙত উধাও মাৰি ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনা শেষবাৰৰ বাবে সন্ধিয়া সময়ত মোক লগ ধৰি কৈছিল -

: ৰূপ, তোৰ আৰু মোৰ প্ৰেমৰ কথা ঘৰত কৈ দিলোঁ। 



: সঁচাকে কলা, আমাৰ সম্পৰ্কক মানি লৈছেনে?

: অ' লৈছে! কিয়ো নলʼব.... ঘৰখনৰ যে একমাত্ৰ সন্তান মই। মোক বহুত মৰম কৰে মা-দেউতাই ! - সি কথাবোৰ লুকুৱাই বহুত সুখী হোৱাৰ ভাও জুৰিলে। 

: তেনেহ'লে আমাৰ ঘৰতো কৈ দিম আজি। মোৰো ঘৰৰ মানুহে সমৰ্থন কৰিব। সমৰ্থন নকৰিলে বুজাম । 
- ৰূপম আনন্দতে তাক সাৱটি ধৰিলে।

: এতিয়া মই যাওঁ। ৰাতি বহুত হৈছে। নহ'লে মা-দেউতাই চিন্তা কৰিব।

: শুনা, মোৰ দেহা। আমাৰ জিলাত আমি প্ৰথম সমলিংগ দম্পতী হ'ম। যি খন বিবাহ ধুম-ধামেৰে পাতি দেখুৱাম। আমাক দেখি বহু সমকামী দম্পতী ওলাই আহিব আৰু মুকলি মনেৰে জীৱন যুঁজত আগবাঢ়িব পাৰিব।

: মই বহুত ভাগ্যবান যে তোৰ দৰে এজন বন্ধু পাইছোঁ। তুমি মোক প্ৰতিটো সময়তে মৰম দিছা আৰু জীয়াই থাকিবলৈ সাহস দিছিলা। মই সদায় তোৰ হৈ থাকিম। এই জীৱন তোৰ বাবে..... এতিয়া মই যাওঁ। - ৰাহুলে কাথাকেইটা কৈ তাক জোৰেৰে সাৱটি ধৰিল। তাৰ ওঁঠত চুমা আকি দি সি ঘৰমুৱা হ'ল।


তাৰপিছত মইও ঘৰলৈ আহি শুই দিলোঁ। ঘৰৰ মানুহক ৰাতিপুৱা সাহস গোটাই কম বুলি নিশা শান্তিৰে শুই দিলোঁ।

: ঐ ৰূপ , ৰূপ .... সোনকালে উঠা। কথা এটা আছে ! 
- মাকে ৰূপমক চিঞৰি চিঞৰি মাতিব ধৰিলে। ৰাতিপুৱা তেতিয়া ৭ বাজি ১৫ মিনিট হৈছে ।

: কি হ'ল? ইমানকৈ চিঞৰি চিঞৰি মাতিছা যে.... 
- ৰূপমে বিৰক্তিৰে শোৱাৰ পৰা উঠি বিছনাতে বহি লʼলে।

: বহুত বেয়া খবৰ ! তোৰ বন্ধু ৰাহুলে নিজৰ ৰুমৰ ভিতৰতে ফাঁচী লগাই আত্মহত্যা কৰিলে। - ৰূপমৰ মাকে থোকা- থুকি মাতেৰে কৈ চকুপানী মচিবলৈ ধৰিল ।

কথাটো শুনিয়েই বিচনাৰ পৰা একেজাপে উঠি ৰাহুল হঁতৰ ঘৰলৈ লʼৰ মাৰিলো । তাৰ পিছত তাৰ মৃত শৰীৰটোৰ ওপৰত পৰি সি চিঞৰি চিঞৰি কান্দিলে- " কিয় মিছা কথা কৈ মোক এৰি গʼলা। মই তোৰ অবিহনে কেনেকৈ জীয়াই থাকিম...... " 

কিছু সময় মৌনতাৰ পাছত পুৰোহিতে আকৌ ক'বলৈ আৰম্ভ কৰিলে- "ৰাহুলৰ মাক দেউতাকে মোক ঘীণ কৰা হ'ল। আমাৰ দুয়োৰে গভীৰ প্ৰেমৰ কথা আমাৰ ঘৰৰ মানুহেও গম পালে। মোকো আমাৰ ঘৰৰ মানুহে ঘীণ কৰা হ'ল। গাওঁত মই ওলাব নোৱাৰা হ'লো। মইও এদিন নদীত জপিয়াই আত্মহত্যা কৰিবলৈ ওচৰতে থকা নদীখনৰ পৰা জাপ দিছিলোঁ । থিক সেই সময়তে এখন আশ্ৰমৰ গুৰু এজনে নদীত সূৰ্য পূজা কৰিবলৈ আহি মোক দেখা পাই ৰক্ষা কৰিলে। তেওঁ নিজৰ আশ্ৰমলৈ লৈ গৈ মোক দীক্ষা গ্ৰহন কৰিবলৈ ক'লে। তাৰ পিছতে মই এজন ধৰ্মগুৰুৰ শিষ্য হৈ আশ্ৰমতে থাকিলো। গুৰুজনাৰ মৃত্যুৰ পিছত মোক এইটো মন্দিৰৰ পুৰোহিত পদত নিযুক্ত কৰিলে। মই সংসাৰৰ মোহ-মায়া ত্যাগ কৰি তেতিয়াৰে পৰা ইয়াতেই আছো ।





: দেউ, যি হৈ গ'ল সেয়া ভগৱানে লিখি থৈ দিছিল চাগৈ কপালত। - দীপাংকৰে পুৰোহিত জনক সান্তনা দি ক'লে। 

চকুৰ পানী মচি পুৰোহিতে পুনৰ ক'বলৈ আৰম্ভ কৰিলে-

: তাৰ আত্মাই শান্তি লভিবলৈ মন্দিৰত শৰাই আগবঢ়ালো আৰু প্ৰতিজ্ঞা কৰিলোঁ - এই গোটেই জীৱন তাৰ বাবেই। এনেকৈ মই এদিন ঘৰ ত্যাগ কৰি গুৰুৰ আশ্ৰমত থাকি দীক্ষা লৈ আজি এই মন্দিৰৰ পুৰোহিত হৈ আছোঁ।

: দেউ, ধন্য আপোনাৰ প্ৰেম, মহান ব্যক্তি আপুনি । কিন্তু সমাজে এই প্ৰেমক অপৱিত্ৰ বুলি কৈ ঘীণ কৰিব। - দীপাংকৰে পুৰোহিতৰ মহান প্ৰেমক ধন্যবাদ জনালে।

: মানুহে যে মন্দিৰলৈ আহে , ভগৱান কি বস্তু জানে নে? নিশ্চয় নাজানে। মূৰ্তি এটাৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি নমস্কাৰ কৰিলে জানো ভগৱানক লাভ কৰে? - পুৰোহিতে দুয়োকে আধ্যাত্মিক জগত খনলৈ লৈ যাব বিচাৰিলে।

: দেউ, তেন্তে ভগৱান কি? - দীপাংকৰ আৰু প্ৰীতমে জানিবলৈ আগ্ৰহেৰে পুৰোহিত জনৰ মুখলৈ চাই থাকিল।

: আচলতে ভগৱান হৈছে - মাতৃ -পিতৃ , পত্নী জনৰ বাবে স্বামী আৰু স্বামী জনৰ বাবে পত্নী। ভগৱান সেইবোৰ - যিয়ে আমাক জীয়াই থাকিবলৈ শক্তি, সাহস, বুদ্ধি, জ্ঞান দিছে। ৰʼদ, বতাহ, পানী , মাটি, আকাশ, গ্ৰহ-নক্ষত্ৰ এই সকলোবোৰেই আমাৰ বাবে ভগৱান। গছ-গছনিও আমাৰ বাবে ভগৱান, কাৰণ আমাক বহু প্ৰয়োজনীয় বস্তু প্ৰদান কৰি আছে । আজি গছ-গছনি কটাৰ ফলতেই বায়ু প্ৰদূষণ বাঢ়িছে, গৰম বাঢ়িছে।

পোহনীয়া জীৱ-জন্তুবোৰে নিজৰ শৰীৰক বলিদান দিয়াৰ দৰে বিক্ৰী গৈ আমাৰ টকাৰ প্ৰয়োজন পূৰণ কৰে , আমাৰ বাবে এই পোহনীয়া জীৱবোৰেই ভগৱান। মানুহে নাজানে ভগৱান কোন ! ভাগৱতত লিখা আছে - তেওঁ আকাৰো আৰু নিৰাকাৰো। গতিকে শিলৰ মূৰ্ত্তি এটাত ভগৱান বিচাৰিলে ক'ত পাব?

: বাবা, আপুনিও এজন তৃতীয় লিংগৰ ব্যক্তি। তেনেহʼলে আপোনাকো কোনোবাই হিজড়া বুলি ক'লে খং নুঠিব জানো? - প্ৰীতমে নিজৰ দুৰ্ভাগ্যৰ প্ৰশ্ন বিচৰাত লাগিল।

: এইতো একেবাৰে ভুল। তৃতীয় লিংগ মানেই হিজড়া নহ'য়। 
পুৰুষে পুৰুষক নাইবা নাৰীয়ে নাৰীক ভাল পোৱা মানেই হিজড়া বা কিন্নৰ নহʼয়। এইটো একাংশ মানুহৰ ভুল ধাৰণা।
হিজড়া বা কিন্নৰ সেইসকল যি গুৰুৰ আজ্ঞা মানি ব্যক্তিগত প্ৰেম আৰু যৌনতাৰ পৰা দূৰত থাকি কেৱল ভগৱানক স্বামী হিচাপে মানি সকলোৰে মাতা হ'য়। 

: হিজড়া বা কিন্নৰ হ'লে পুৰুষৰ লিংগ নাথাকে নেকি? 
- প্ৰীতমে পুনৰ প্ৰশ্ন কৰিলে।

: আচলতে এজন পুৰুষৰূপী মানুহৰ শৰীৰত যেতিয়া নাৰীৰ আত্মা থাকে, তেনে নাৰীৰ দৰে স্বভাৱৰ ব্যক্তি এজনে লিংগ সলনি কৰি কিন্নৰ হ'ব পাৰে । সিহঁতৰ গুৰু মাতাৰ চৰণত শৰণ লৈ আৰু তেওঁৰ আজ্ঞা অনুসৰি যেতিয়া ব্যক্তিগত প্ৰেম আৰু যৌনতা ত্যাগ কৰি ভগৱানক স্বামী হিচাপে মানিব তেতিয়াহে তেওঁক কিন্নৰ বা হিজড়া বুলি কোৱা হ'য় । কিন্নৰ বা হিজড়া হ'বলৈ কঠোৰ নীতি-নিয়ম আছে, যি তেওঁলোকৰ গুৰু মাতাৰ আজ্ঞা অনুসৰি পালন কৰিব লাগিব। 

: বাবা , কিন্নৰ আৰু তৃতীয় লিংগৰ ব্যক্তি সকলক সমাজে কিয়‌ ঘীণ কৰে?
- প্ৰীতমে আকৌ প্ৰশ্ন কৰিলে।

: আচলতে কিছুমান কিন্নৰ বা হিজড়াই যৌন কামৰ লগত জড়িত। হিজড়াৰ বাবে কোনো চাকৰিৰ ব্যৱস্থা আৰু সন্মান নথকাৰ বাবে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিবলৈ এই পথ বাচি লয়। চৰকাৰ আৰু সমাজে তেওঁলোকক যদি চাকৰিৰ লগতে সন্মান দিলেহেঁতেন তেনেহʼলে ৰাস্তাই ঘাটে, যান-বাহনে ভীক্ষা মাগি বা পতিতালয়ত নিজৰ শৰীৰ বিক্ৰী কৰিব লগা নহ'ল হেঁতেন। তৃতীয় লিংগৰ ব্যক্তি সকলে একে লিংগৰ ব্যক্তি সকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে বাবে সমাজে ঘীণ কৰে। এজন পুৰুষে ছোৱালীৰ দৰে আচৰণ কৰাৰ বাবে হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হ'য়। মানুহে যানিবলৈ আৰু বুজিবলৈ চেষ্টা নকৰে যে তেওঁৰ মনে কি বিচাৰে বা তেওঁৰ সুখ-দুখ কি... হথাতে অপমান আৰু গালি পাৰি দিয়ে।

: সেইবুলি সকলো হিজড়া বা তৃতীয় লিংগৰ ব্যক্তি যৌন কামৰ লগত জড়িত নহ'য়। আমাৰো কাৰোবাক ভাল পাব মন যায়। তেওঁৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ মন যায়। আমিও ভাল কৰ্ম কৰাৰ লগতে সন্মান পোৱাৰ অধিকাৰ আছে। - প্ৰীতমৰ কণ্ঠ উচ্চ হৈ উঠিল।





: মহাভাৰতৰ যুগতো শিখণ্ডী বুলি এটি চৰিত্ৰ আছে, যি তৃতীয় লিংগৰ ব্যক্তি হ'য়। আগতে শিখণ্ডী আছিল এগৰাকী নাৰী, নাম আছিল অম্বালিকা। তাই নিজৰ প্ৰেমিকক স্বামী ৰূপে গ্ৰহণ কৰিছিল। যেতিয়া ভীষ্মই হৰণ কৰি লৈ গৈছিল তেতিয়া তাই বহু অপমানিত হৈছিল, ভীষ্মইও তাইক গ্ৰহণ নকৰিল। ইফালে ভীষ্মই হৰণ কৰি নিয়া কাৰণে তাইক নিজৰ প্ৰেমিকেও গ্ৰহণ নকৰিলে। তাই ভগৱানৰ আশীৰ্বাদ লৈ নিজৰ দেহ ত্যাগ কৰি আগৰ জনমত পুৰুষ শিখণ্ডী ৰূপে জনম লয় আৰু ভীষ্মৰ প্ৰতিশোধ লয়। শিখণ্ডী ৰূপে জনম লোৱাৰ সেই সময়ত তৃতীয় লিংগক অপমান কৰাৰ কথা পোৱা নাযায়। ইয়াৰ পৰা বুজা যায় যে যিসকল নাৰীয়ে পুৰুষৰ মৰমৰ পৰা বঞ্চিত তেনে নাৰী পৰৱৰ্তী জনমত পুৰুষ হিচাপে জন্ম গ্ৰহণ কৰে।

 আৰু যি সকল পুৰুষে নাৰীৰ পৰা মৰম নাপায় তেনে নাৰী পৰৱৰ্তী জনমত লেচবিয়ান ( সমকামী নাৰী) হিচাপে জনম পায়।



অৰ্জুনেও এগৰাকী নাৰীৰ যৌন কামনা পূৰ্ণ নকৰাৰ অভিশাপত বৃহন্নলা ( কিন্নৰ ) হৈছিল। সেই সময়ত এগৰাকী নৃত্য শিকোৱা কিন্নৰ শিল্পী হিচাপে সন্মান পাইছিল। 
- এইদৰে পুৰোহিত জনে সমস্ত কথা দুয়োজনকে বুজালে।

: অ' তুমি আহত জোপাৰ তলত বহি কি কৰি আছা? সময় তিনি বাজি গ'ল। ভাত কেতিয়া খাবা? - পিছফালৰ পৰা চিঞৰি উঠা মাকৰ মাততহে তাৰ তন্ময়তা ভাঙিল। 

মাকে পুনৰ ক'লে - 'ঘৰলৈ যোৱা, ঘৰত কোনো নাই। মই ৰমনী আইতাৰাহঁতৰ ঘৰলৈ যাওঁ।'

সি দৌৰা-দৌৰি কৈ উঠি ঘৰলৈ গৈ গাটো ধুই ভাত খোৱাত লাগিল। মনটো তাৰ ভাল লগা নাই। মোবাইলটো চালে হিমাশ্ৰীৰ ১৮ টা মিচ কল হৈ আছে। সি গমেই নাপায়। ম'বাইলটো চাইলেণ্ট কৰি থৈছিল। এইবাৰ সি হিমাশ্ৰীলৈ কলবেক কৰিলে।

: ইমানবাৰ কল কৰি আছো গম পোৱা নাই নেকি? মূৰত কি জাবৰ সোমোৱাই লৈছা? দিনকে দিনে দেখোন মোৰ পৰা আঁতৰি ফুৰিব ধৰিছা.... কি হৈছে তোমাৰ ?

: আঁতৰা নাই অ' ! মোৰ অলপ গা ভাল নহ'য়।

: মই গা ভাল লগা বেয়া লগা নাজানো। মোৰ কথা মন দি শুনা- সোনকালে আমাৰ বিয়খন পাতি ল'ব লাগে। ঘৰত মই মা-দেউতাক কৈছো। তুমিও ঘৰত কৈ দিয়া । অহাকালি আমি দুয়ো পাৰ্কলৈ যাম আৰু মোক কিছু বস্তু কিনি দিবা।

: কি? বিয়াৰ কথা! - সি থতমত খালে । 

: কি হ'ল ? বিয়াৰ কথা কোৱা কাৰণে ভয় খালা নেকি?

: ইমান সোনকালে বিয়া পাতিব নোৱাৰিম । এবছৰ সময় দিয়া মোক। - দীপাংকৰৰ চিন্তা লাগিল।

: এবছৰ সময় ! মোৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰোঁতে দেখোন তেনেকৈ ভবা নাছিলা। লগে লগে মান্তি হৈছিলা। এতিয়া বিয়াৰ কথাই ভয় খুৱালে নেকি? যিহেতু মোৰ শৰীৰ উপভোগ কৰিছা , বিয়া কৰাবই লাগিব। নহ'লে.....

: নহ'লে কি কৰিবা? - দীপাংকৰৰ খং উঠি গ'ল। সি খঙত জোৰেৰে তাৰ হাতখন পকী বেৰত মাৰি দিলে।

: এতিয়া খং উঠি লাভ নাই। মই ভাবো মোৰ কথা মানা।

: তই কি বুলি ভাবিছা নিজকে ? মই সদায় তোৰ হাতৰ পুতলা হৈ থাকিম নেকি? মোক কিয় শান্তি নিদিয়া... সদায় সদায় শ্বপিং, মোৰ লগত ইনজয় কৰিবলৈ মাতি থকা। আজি ইফালে কালি সিফালে ফুৰাবলৈ নিব লাগে..... মোক অলপ শান্তি দিয়া।

: কি কলা তুমি , মই তোমাক অশান্তি দি আছো ? মোক যদি বিয়াই নপতা, তেনেহলে কিয় মোৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িলা?

: কেতিয়া কলো মই বিয়া নকৰাও বুলি? মই মাথোঁ এটা বছৰ পিছত......

: হ'ব, আৰু একো ক'ব নালাগে। মই বুজি পালোঁ। সকলো পুৰুষ একেই। কেৱল চেক্স লাগে! মোক তোৰ দৰে চৰিত্ৰ হীন বুলি নাভাবিবা। মই তোৰ সৈতেহে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছোঁ। যিহেতু বিয়া হ'ম।


: মই চৰিত্ৰ হীন? তই নিজে কিমান ভাল ? নিজেই দেখোন মোক ৰাতি ৰাতি ফোন কৰি মাতি থকা। নাযাও বুলি ক'লেও আমনি কৰি থকা। চৰিত্ৰক লৈ কথা নকবা।

: অ' তুমি চৰিত্ৰ হীন! মই বাৰে বাৰে কম। হিজড়া এটাৰ সৈতে গোপনে সম্পৰ্ক ৰাখিবলৈ তোমাৰ লাজ নালাগে। 

: কি ক'লা? - এইবাৰ দীপাংকৰ বিছনাত শুই থকাৰ পৰা উঠি বহিল। প্ৰীতম আৰু তাৰ সম্পৰ্কৰ কথা কেনেকৈ গম পালে বুলি সি আচৰিত হ'ল।

: তোমাৰ কথা মই সকলো গম পাওঁ। সেইকাৰণে মোৰ পৰা আঁতৰি ফুৰা। মোৰ লগত কি নাই ? তুমি যে সেই হিজড়াটোক প্ৰেম কৰা। তোৰ এই সকলো কূ কৰ্মৰ ভিডিঅ' মোৰ লগত আছে। আহত গছৰ তলত কি কৰিছিলা?  চৰিত্ৰ হীন তুমি.... তোৰ লগত সম্পৰ্ক শেষ বুলি ধৰি লোৱা।

: গম পালা যেতিয়া শুনা, মই প্ৰীতমক বহুত ভাল পাওঁ। তাৰ কাৰণে আজি মই জীয়াই আছো। এবাৰ দূৰ্ঘটনা হোৱাত মোক সিয়েই প্ৰাণ ৰক্ষা কৰিছে। আৰু শুনা, সি এজন তৃতীয় লিংগৰ হ'ব পাৰে , তাৰ মন বহুত পৱিত্ৰ। সিও এজন পৱিত্ৰ মানুহ। তাৰো প্ৰেম পৱিত্ৰ। তোৰ দৰে অনবৰতে আমনি কৰি নাথাকে। - দীপাংকৰে এই কথাখিনি খঙত উচ্চ স্বৰত ক'লে। 

দুৱাৰ মুখত আহি থিয় হৈ থকা দীপাংকৰৰ মাকে এই কথাখিনি শুনিলে। মাকৰ মূৰত যেন সৰগখন খহি পৰিল এনে লাগিল।

হঠাৎ দীপাংকৰে মাকক দেখি ফোনটো কাটি দিলে আৰু এক অজান আশংকাত মাকৰ মুখলৈ চাই ৰ'ল। 

: তুমি সমকামী? - এই বুলি কৈ মাকে কান্দিবলৈ ধৰিল।

: মা, শুনা ! ম...ম... মই সমকামী নহয়। কিন্তু এইটো সঁচা যে মই প্ৰীতমক বহুত ভাল পাওঁ। সি মোৰ জীৱন ৰক্ষা কৰিছে। সি সমকামী, এই সমাজত তাক সকলোৱে ঘীণ কৰে। সেয়েহে মই তাৰ সাহস হিচাপে তাক মৰম দিওঁ, জীয়াই থাকিবলৈ উৎসাহিত কৰো। মোক সি প্ৰেম কৰে আৰু তাৰ হৃদয়ত মোক স্থান দিছে। এনে ক্ষেত্ৰত মই যদি ভুল কাম কৰিছোঁ তেতিয়া হ'লে মই ঘৰ এৰি গুচি যাম।

: মই জানো, তুমি মোৰ সন্তান। তুমি কেতিয়াও ভুল নকৰা। কিন্তু এই সমাজে তোমাক ঘীণ কৰিব। - মাকে চকুৰ পানী মচি কথাখিনি ক'লে।

: মা, তাৰমানে তুমি সমকামী সকলক সন্মান কৰা? 

: অ' কৰোঁ। তেওঁলোকো আমাৰ সমাজৰেই মানুহ। অন্য গ্ৰহৰ পৰা অহা নহয়। শিৱৰ অৰ্ধনৰেশ্বৰ ৰূপো আধা নাৰী আধা পুৰুষ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰ্তা ভগৱানো এজন তৃতীয় লিংগৰ। তেওঁ নাৰীও নহয়, পুৰুষো নহয়। তেওঁৱেই নাৰী -পুৰুষ সৃষ্টি কৰিছে যাতে নাৰী পুৰুষৰ মিলনত বংস বৃদ্ধি হয়। যেনেকৈ শূন্য সংখ্যাটো ধনাত্মকো নহʼয় আৰু ঋণাত্মকো নহʼয়। ই হৈছে মাজৰ সংখ্যা। ইয়াৰ পৰাই বাকী সংখ্যা বোৰৰ সৃষ্টি হৈছে। 
মই জানো , প্ৰেমৰ কোনো লিংগ, জাতি, বয়স নাথাকে। প্ৰেম পৱিত্ৰ। আমি সকলোকে সন্মান কৰা উচিত।

: মা, তুমি সঁচাকৈয়ে মহান! যদি এই সমাজৰ সকলো মানুহৰে হৃদয় তোমাৰ দৰে হ'ল হেঁতেন তেন্তে জাতি ভেদ, হিংসা, অন্যায়, অত্যাচাৰ আৰু অপমানৰ সৃষ্টি নহ'ল হেঁতেন। 

: হিমাশ্ৰীৰ দৰে এজনী ছোৱালীক বিয়া পাতি তুমি বহুত ভুল কৰিবা । তাই আধুনিক যুগৰ নাৰী। আমাৰ লগত মিলিব নোৱাৰিব। আমি হৈছো সাধাৰণ গাঁৱলীয়া। গতিকে তাইক বাদ দিয়া। এজনী বেলেগ ছোৱালী চাই দিম মই।

: কিন্তু তাইৰ লগত যে এটা ভুল কাম হৈ হৈ গল, মা। 

: একো ডাঙৰ কথা নহয় তাইৰ বাবে। কাৰণ তাই তোমাৰ টকা দেখি আৰু আমাৰ সম্পত্তি দেখিহে বিয়া হবলৈ মন কৰিছে। আচলতে জালত পেলাইছে তোমাক। 

: এনেকৈ কিয় ক'লা মা?

: কাৰণ মই জানো তাইৰো চৰিত্ৰৰ কথা। 

: কি কথা , মা?

: তাই নিজৰ কামনা শান্ত কৰিবলৈ নিজৰ ভিনিয়েকৰ লগত..... চিঃ..... 

: মা, সঁচাকৈ নে ? কেনেকৈ গম পালা?

: আজি ২ বছৰৰ হ'ল। চাৰি মাহৰ অন্তসত্তা আছিল তাই। যিজন ডাক্তৰে তাইৰ গৰ্ভপাত কৰাইছিল সেইজন ডাক্তৰ তোৰ নিজৰে মমায়েৰা। মমায়েৰাই মোক সকলো কথা কৈছিল। কিন্তু তোৰ আৰু তাইৰ পৱিত্ৰ প্ৰেমৰ মাজত বেৰ নহওঁ বুৰি ভাবিছিলো। যি হৈছে সেইয়া চাগৈ ভুলতেই হৈছে বুলি ভাবি পাহৰিবলৈ চেষ্টা কৰিছিলোঁ।  

: মা.... এই বুলি কৈ দীপাংকৰ বিছনাত পৰি হুক হুক কৰি কান্দি উঠিল। দুজনীকৈ ছোৱালীয়ে মোৰ জীৱন বৰ্বাদ কৰিল। মই আৰু ছোৱালীক কেতিয়াও বিশ্বাস নকৰোঁ!
মাকে দীপাংকৰৰ মূৰত হাত বোলাই কৈ গ'ল -

: দুখ নকৰিবা মোৰ সোণ ! কপালত যি আছে সেয়া কোনেও আঁতৰাব নোৱাৰে।


*************************************


এটা বছৰ পাৰ হৈ গ'ল। সেই সেউজীয়া আহত গছজোপাৰ ওচৰৰে বাইকখন চলাই পাৰ হৈ আহিলেই তাৰ মনলৈ প্ৰীতমৰ কথা মনত পৰে। আজিলৈকে সি ক'ত আছে গম নাপায়। তাৰ সেই ফোন নম্বৰটোও উপলব্ধ নাই।
প্ৰীতম হঁতৰ ঘৰতো এবছৰ আগতে খবৰ লৈছিল, কিন্তু মাক-দেউতাকেও নাজানে সি ক'ত আছে। 

আজি সি আকৌ এবাৰ প্ৰীতমৰ মাক হঁতৰ ঘৰলৈ গৈ খবৰ ল'ব। এই বুলি সি প্ৰীতম হঁতৰ ঘৰলৈ যাবলৈ ওলাল। প্ৰীতমৰ মাক-দেউতাকে গোলাপ জামুন খাই খুব ভাল পায়। সেয়েহে সি ১৫ টামান গোলাপ জামুন কিনি লৈ আহি সিহঁতৰ ঘৰলৈ গ'ল।

: খুড়ীদেউ , ঘৰত আছানে?

: দীপাংকৰ, তুমি?  ইমান দিনৰ মূৰত! আহা বহাহি।

: প্ৰীতম ঘৰলৈ অহা নাই নে, খুড়ীদেউ ?

: নাই অ' বোপা। তাৰ দুখতে দুখি হৈ আছো। মই সদায়েই তাৰ কথা ভাবি ভাবি পাগলীৰ দৰে হৈছো ! মোক কৈ গৈছিল সি বায়েকৰ ঘৰলৈ যাম বুলি। বায়েক হঁতৰ ঘৰতে থকা বুলি ভাবি ফোনো কৰা নাছিলোঁ। আমাৰ ফোনটোও বেয়া হৈছিল। দুখীয়া মানুহ ! কেনেবাকৈ পেটে-ভাতে খাই জীয়াই আছো। বহুদিন পিছত যেতিয়া ফোনটো ভাল কৰি আনি ফোন কৰিলো যেতিয়াহে গম পালো সি তাতেও নাই বুলি।
- মাকে চলচলিয়া হৈ থকা চকুৰ পানী মচি কথাখিনি ক'লে।

: খুড়ীদেউ, এইয়া মিঠাই আনিছো, লওঁক। সি আছে ক'ৰবাত। নিশ্চয় এদিন আহিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। - এই বুলি কৈ সি মিঠাইৰ টোপোলাটো আগবঢ়াই দিলে।

: কিয় আনিব লাগেনো, মিঠাই কেনেকৈনো খাওঁ? - তুমি যে খবৰ ল'বলৈ মাজে মাজে অহা, বহুত ভাল লাগে। 

: মই আহি থাকিম, খুড়ীদেউ। এইয়া লওঁক এহেজাৰ টকা। কিবাকিবি লাগতীয়াল বস্তু কিনিবা। 

- দীপাংকৰে তাৰ মানি বেগৰ পৰা পাঁচশ টকাৰ নোট দুখন উলিয়াই দিলে।

: নালাগে বোপা! তুমি যে খবৰ ল'বলৈ আহিছা সেয়াই বহুত।
- প্ৰীতমৰ মাকে ল'ব নিবিচাৰিলে।

: মই এইয়া মৰমতে দিছোঁ। লওক খুড়ীদেউ। এতিয়া মই যাওঁ দেই। আকৌ কেতিয়াবা আহিম। - এই বুলি কৈ সি জোৰকৈ খুড়ীয়েকৰ হাতত এহেজাৰ টকা দিলে আৰু যাবলৈ ওলাল।


*****************************

কোম্পানীৰ এটা প্ৰকল্পৰ কামৰ বাবে সি কলকাতালৈ যাব লগীয়া হ'ল। কলকাতা গৈ পাওঁতে এটা ৰাতি লাগিব। যিহেতু বাকী ট্ৰেইনত গ'লেও সময় নিমিলে। সেয়েহে তাক কোম্পানীৰ ফালৰ পৰা কামৰূপ এক্সপ্ৰেছতে যোৱাৰ সিদ্ধান্ত দি টিকট কৰি দিলে। ৰে'লখন হাওৰালৈ যাব, তাতেই সি নামিব। গুৱাহাটীৰ ৰেল ষ্টেচনত সি কিছু সময় ৰে'ল খনলৈ বাট চাই ৰ'ল। সময়মতে ৰেʼলখন আহি ৰ'ল। কামৰূপ এক্সপ্ৰেছৰ শ্লীপাৰৰ এটা দʼবাত সি উঠিলে।

নিৰ্দিষ্ট দিনা ৰাতিপুৱা ৮ মান বজাত হাওৰা ষ্টেচন গৈ পালে। হাওৰা ষ্টেচনত সি নিজৰ আসন এৰি বেগটো লৈ নামিল । এনেতে কিন্নৰ সকলৰ এটা দল আহি তালি বজাই তাৰ পৰা টকা খুজিব ধৰিল । দীপাংকৰৰ হথাৎ এজনী কিন্নৰৰ ফালে চকু পৰিল। কিন্নৰ জনীয়ে অন্য এজন মানুহৰ পৰা টকা খুজি আছিল। দীপাংকৰে ওচৰলৈ গৈ দেখিলে সি যেন চিনি পায় । এইয়া আন কোনো নহয়, সেইজনেই হৈছে প্ৰীতম।

: প্ৰীতম........

নামটো শুনাৰ লগে লগে সি ঘূৰি চালে আৰু হথাতে দীপাংকৰক দেখি আচৰিত হ'ল। সি তাৰ পৰা আতঁৰি যাবলৈ চেষ্টা কৰিলে। দীপাংকে জোৰকৈ তাৰ হাতত ধৰি ৰখালে।

: কিয় মোৰ পৰা আতঁৰি ফুৰিছা? তোক যে কিমান অপেক্ষা কৰি আছো.... ঘৰত তোৰ মা-দেউতাৰা কিমান যে দুখত ভুগি আছে....

: আপুনি ভুলতে মোৰ হাতত ধৰিছে। আপুনি ভবাজন মই নহয়। 
- এৰি দিয়া মোৰ হাত। নহ'লে চিঞৰি দিম। সকলো কিন্নৰ আহি আপোনাৰ অৱস্থা বেয়া কৰিব।

: আজি মই হাত এৰি নিদিওঁ। লাগিলে মোৰ যি হয় হ'ব। বʼল ঘৰলৈ। এই নৰকত এনেকৈ ঘূৰি থাকিব নালাগে।

প্ৰীতমে ডাঙৰ এটা হাঁহি মাৰি ক'বলৈ ধৰিল -
: সেইখন সমাজতকৈ এইখন নৰকেই যঠেষ্ট সুখৰ। ইয়াত অন্ততঃ আমি শান্তিৰে উশাহ ল'ব পাৰিছো। সমাজৰ অপমান সহ্য কৰি কৰি মই ভাগৰি পৰিছোঁ। মই যে আত্মহত্যা নকৰিলোঁ, সেইটোৱেই ভাবি আচৰিত লাগে।

: কিয় গুছি আহিলা তুমি ? মই দেখোন সদায়েই তোৰ হৈ আছো। 

: এতিয়া তুমি মোৰ হৈ থকা নাই। বিয়া কৰাইছা । তোমাৰ ঘৈনী আছে। হয়টো সন্তানো থাকিব পাৰে। এনে ক্ষেত্ৰত কিয় মোক সেইখন নৰকত যাবলৈ জোৰ কৰিছা?

: বিয়া ! নাৰী জাতিটোৱে যেতিয়া চলনাময়ী হয় তেতিয়া বিয়া নামৰ পৱিত্ৰ বান্ধনৰ কোনো প্ৰয়োজন নাই। কি পৱিত্ৰতা থাকিল তাত ? মাথো সমাজক দেখুৱাবৰ কাৰণে?

: তাৰ মানে হিমাশ্ৰীয়ে তোমাক এৰি দিলে! - প্ৰীতম আচৰিত হ'ল।

: তোমাৰ আৰু মোৰ ভিডিঅ' বনাইছিল। তাই দেখিলে।
আমি দুয়োজনেতো কোনো অপৱিত্ৰ কাম কৰা নাছিলোঁ। মাথো মই মৰমতে সাৱটি ধৰি চুমা খাইছিলো।

: তাই মোক চৰিত্ৰ হীন বুলি কৈ ত্যাগ কৰিলে। এইবোৰ কথা বাদ দিয়া। আজি মই বহুত সুখী। নিজ ঘৰলৈ উভতি যাবা নে মোৰ লগত? 

: দেহা, মই আৰু সেইখন সমাজত কেতিয়াও উভতি নাজাও। মই ব্যক্তিগত প্ৰেম আৰু যৌনতা ত্যাগ কৰি কিন্নৰ হৈ পৰিলোঁ। মই মোৰ লিংগ সলনি কৰিলোঁ। 

: Please, তেনেকৈ নকবা.....মই আজিও তোক ভাল পাওঁ। মই তোক বিয়া কৰাম। আমি এটি সন্তান তুলি লম। সমাজত তোৰ পৰিচয় হ'ব এগৰাকী সন্মানীয় নাৰী হিচাপে। মোৰ পত্নী হিচাপে। কোৱা..... হʼবানে মোৰ পত্নী?

কিছু সময় প্ৰীতম মৌন হৈ ৰ'ল.... হথাৎ তাৰ মনত পৰিল মন্দিৰত দীপাংকৰে মূৰত পিন্ধাই দিয়া সেন্দুৰৰ কথা। এইবাৰ সি দীপাংকৰৰ পৰা দূৰে দূৰে থাকিব নোৱাৰে। সিও প্ৰাণ ভৰি ভাল পায় তাক। তাৰ প্ৰেম কেতিয়াও অপৱিত্ৰ হ'ব নোৱাৰে।

প্ৰীতমৰ এনে লাগিল আহত গছজোপাৰ তলত যেন দুয়ো আকৌ লগ হৈছে। চাৰিওফালে যেন সেউজীয়া হৈ পৰিছে প্ৰকৃতি। মৃদু বতাহত ভাহি আহিছে সেই মন্দিৰৰ সুগন্ধি....
লগতে গাঁৱৰ চিনাকি গোন্ধ এটি.....




আৱেগত সি সাৱটি ধৰিলে দীপাংকৰক । দীপাংকৰেও তাক জোৰেৰে সাৱটি ধৰিলে। সমাজৰ সকলো বাধা নেওচি দুয়ো এক হ'ল। এয়াই সেই পৱিত্ৰ প্ৰেম যি লিংগৰ পৰিচয় নিবিচাৰে..... মাথো বিচাৰে দুয়ো দুয়োৰে হৃদয় এক হ'বলৈ।

তাত থকা সকলো কিন্নৰ দৌৰি আহিল । সিহঁতে ভক্তিমূলক গান গাই , তালি বজাই আৰু উৰুলি ধ্বনিৰে হাওৰা ষ্টেচন মুখৰিত কৰি তুলিলে।


                 ********* সমাপ্ত ********

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. সুন্দৰ উপন্যাসিকা। পঢ়ি চকুপানী উলাল

    ReplyDelete
  2. Best kahini. amar samajor hosa kahini. aakou porhibole powar akhare.

    ReplyDelete
  3. উপন্যাসখন পঢ়ি বহু নজনা কথা জানিব পাৰিলো। পঢ়ি ভাল লাগিল।

    ReplyDelete