মহো-হো আমাৰ সমাজত প্ৰচলিত এক উৎসৱ
( অপূৰ্ব দাস )
নামনি অসমত প্ৰচলিত হোৱা এটি লোক উৎসৱ হৈছে মহো-হো । ইয়াক মহখেদা উৎসৱ বুলিও কোৱা হ'য়। আঘোণ মাহত পথাৰৰ পৰা লখিমী আদৰি আনি ভঁৰালত ৰখা হয় লগতে ন-খোৱা পৰম্পৰাও আমাৰ সমাজত প্ৰচলিত। এই আঘোণৰ পূৰ্ণিমাতে শীতকালৰ আগমনৰ সময়ত মহ খেদা উৎসৱ পালন কৰা হয়।
আঘোণৰ পূৰ্ণিমাৰ দিনা গধূলিৰ সময়ত গাঁৱৰ ডেকা আৰু ল’ৰাই কেবাটাও দলত ভাগ হৈ হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়।
এই গীতবোৰক মহোহো গীত বোলে। এই গীত এনে ধৰণৰ -
অ’হোহো মহোহো।
মহ খেদবা টাকান লৌ॥
মহে বোলে মল্লু দে।
টেপল পুৰা খালু দে॥
টেপলত নহ’ল নুন।
চাউল লাগে দুণ দুণ॥
বাঁহৰ পাত চিকিমিকি।
আমাক নাংগে আধলি-সিকি॥
বাঁহৰ পাত পকা।
আমাক লাগে টকা॥
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে)
নলবাৰী অঞ্চলত প্ৰচলিত এইয়া নামনি অসমৰ প্ৰচলিত মহো-হো উৎসৱৰ গীত।
অ’হোহো মহোহো
মহ খেদ্বা যাউং যো॥
মহে বোলে মল্লু দে
তেপৰ মূৰা খালু দে॥
তেপৰত নহল লোণ
চাউল লাগে দোণ দোণ॥
সেই চাউলেদি নভ্ৰিল ডুনি
আইথেৰ ঘৰ লৰিচৰি॥
আইথেৰ ঘৰত পকা জামুক
জাপ দি আহে আমাৰ ভালুক॥
বাহৰ পাত চিকিমিকি
আমাক লাগে বগা সিকি॥
বজালী অঞ্চলত প্ৰচলিত মহো-হো উৎসৱৰ গীত।
এই গীত সমূহ পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি আহিছে। প্ৰতিঘৰ মানুহৰ চোতালত ল’ৰা বা ডেকাবিলাকে ঘূৰণীয়া আকৃতিৰে ঘূৰি ঘূৰি টোকোন বা লাঠিৰে শব্দ কৰি মহোহো গীতবোৰ গায়। এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছত বাকীবিলাকে ধৰে। মহোহো’ উৎসৱ প্ৰধানকৈ কামৰূপ, দৰং গোৱালপাৰা, নলবাৰী , বজালী আদি ঠাইত অনুষ্ঠিত হয় ।
ডেকা আৰু চেমনীয়াহঁতৰ হাঁহি ধেমালিৰে এই উৎসৱ পালন কৰে। মহোহো উৎসৱত ভালুক নাচৰো প্ৰচলন আছে । দলৰ এজনে ভালুকৰ দৰে সাজ পিন্ধি গাত শুকান কলগছৰ পাত মেৰিয়াই ভালুকৰ দৰে বাঁহৰ টাঙোনেৰে শব্দ কৰি মাজত সোমায় নাচে । এনেদৰে এই উৎসৱত আনন্দ উদযাপন কৰা হয়। গীতবোৰ গাই ঘৰে ঘৰে মহ খেদা বুলি জনবিশ্বাস প্ৰচলিত আৰু সিহঁতে গৃহস্থক আশীৰ্বাদ দি টকা বা চাউল লয়। এই চাউল বা টকাৰে সকলোৱে লগ লাগি আনন্দেৰে ভোজ-ভাত খায়। মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰৰ আনন্দময় উৎসৱ। এই উৎসৱত গোৱা গীতক ভাওল দিয়া গীতো বোলা হয়, ইয়াক 'ভাল হওক দিয়া' বুলিও কয়।
মহোহো উৎসৱ হৈছে লোক জীৱনৰ এক সংহতিপূৰ্ণ উৎসৱ, এই উৎসৱে আনন্দৰ লগতে মিলা-প্ৰীতিৰ ভাৱ জাগৃত কৰে।
আমাৰ অসমীয়া সমাজখন বাৰেবৰণীয়া সংস্কৃতিৰে পূৰ্ণ হৈ আছে । জাতি- উপজাতিৰ এনে কৃষ্টিবোৰ যুগ যুগ ধৰি চলি আহিছে । কিন্তু বৰ্তমানৰ সময়ত লাহে লাহে এনে লোক কৃষ্টি বা লোক গীত সমূহ হেৰুৱাবলৈ আৰম্ভ কৰিছে।
আমাৰ সমাজত এনে কৃষ্টি জীয়াই ৰখা অতি আৱশ্যক, কিয়নো ইয়ে জাতি বা জনজাতিটোৰ পৰিচয় বহন কৰে। হেৰাই যাব ধৰা আমাৰ লোক কৃষ্টি আৰু পৰম্পৰাক ধৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য।