( অপূৰ্ব দাস )
শেহতীয়াকৈ কৰ্ণাটক চৰকাৰৰ খাদ্য মন্ত্ৰালয়ৰ পৰা এটা প্ৰতিবেদন আহিছে। প্ৰতিবেদন অনুসৰি ২৩৫ টা কেকৰ নমুনাৰ ভিতৰত ১২টা নমুনাত এনে উপাদান আছিল যিয়ে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰে। ইয়াৰ ফলত বজাৰত বিক্ৰী হোৱা কেক নিৰাপদ নহয় নেকি বুলি প্ৰশ্ন উত্থাপন হয়। বিতংকৈ জানিবলৈ পঢ়িব -
আজিকালি মানুহে উদযাপনৰ সুযোগ বিচাৰি থাকে। জন্মদিন বুলি ক'লে পাগল । আজি-কালি জন্মদিন পালন কৰিবলৈ কেক নহ'লেই নহ'ব।
শেহতীয়াকৈ কৰ্ণাটক চৰকাৰৰ খাদ্য মন্ত্ৰালয়ৰ পৰা এটা প্ৰতিবেদন আহিছিল। প্ৰতিবেদন অনুসৰি ২৩৫ টা কেকৰ নমুনাৰ ভিতৰত ১২টা নমুনাত এনে উপাদান আছিল যিয়ে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰে।
আজিকালি বজাৰত পোৱা বেছিভাগ কেক কিয় বিপদজনক ?
১/ কেকত থাকে Trans Fatt
ট্ৰেন্স ফেট প্ৰায়ে পেকিং কৰা কেক আৰু বেক কৰা প্ৰডাক্টত ব্যৱহাৰ কৰা হয়। এইবিধ চৰ্বি শৰীৰৰ বাবে ভাল নহয়। ট্ৰেন্স-ফেটে হৃদৰোগ আৰু কেন্সাৰ আদি ডাঙৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। কেকটো দীৰ্ঘদিনলৈ নষ্ট নহ’বলৈ আৰু সোৱাদ বৃদ্ধি হবলৈ ইয়াক যোগ কৰিলেও আমাৰ শৰীৰত জমা হৈ বহু ৰোগ আৰু সমস্যাৰ সৃষ্টি কৰে।
২/ কৃত্ৰিম ৰং আৰু সোৱাদ
বজাৰত বিক্ৰী হোৱা বহু ৰেডিমেড কেকত কৃত্ৰিম ৰং আৰু সোৱাদ ব্যৱহাৰ কৰা হয়। যদি এই ৰাসায়নিক পদাৰ্থটো শৰীৰৰ ভিতৰত দীৰ্ঘদিনলৈ থাকি যায় আৰু ই আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাটো নিশ্চিত। ৰং আৰু ৰাসায়নিক পদাৰ্থই কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ইয়ে এলাৰ্জী আৰু পেটৰ সমস্যাও সৃষ্টি কৰিব পাৰে।
৩/ ৰিফাই আৰু পালমলিন অইল।
কেকত হাইড্ৰ’জেনেটেড ( ৰিফাই আৰু পাম তেল ) অইল ব্যৱহাৰ কৰা হয়, যাৰ ফলত শৰীৰত ট্ৰেন্স ফেটৰ মাত্ৰা বৃদ্ধি পায়। হাইড্ৰ’জেনেটেড অইল ব্যৱহাৰ কৰিলে শৰীৰত ফুলাৰ দৰে সমস্যা হ’ব পাৰে। এই তেল কেকটো অধিক সময় সতেজ আৰু কোমল কৰি ৰাখিবলৈ মিহলাই দিয়া হয় যদিও ই আমাৰ হৃদযন্ত্ৰ আৰু শৰীৰৰ বাবে বিপদজনক।
৪/ অতিৰিক্ত ছডিয়াম আৰু চেনি
বজাৰত বিক্ৰী হোৱা কেকত অধিক পৰিমাণৰ নিমখ আৰু চেনি থাকে। এইবোৰ বেছিকৈ খালে মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ আদি ৰোগৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি ইয়াক খালে আমাৰ শৰীৰত ডাঙৰ বেমাৰৰ সৃষ্টি হয়।
৫/ সংৰক্ষকৰ ব্যৱহাৰ
পেকেটত থোৱা কেকত ছডিয়াম বেনজ’ৱেট আৰু কেলচিয়াম প্ৰপিঅ’নেটৰ দৰে সংৰক্ষক দ্ৰব্য যোগ কৰা হয় যাতে কেকটো বেছি দিনলৈ নষ্ট নহয়। কিন্তু এই সংৰক্ষক পদাৰ্থবোৰ শৰীৰত জমা হৈ ৰোগৰ সৃষ্টি কৰে । ইয়াৰ অত্যধিক ব্যৱহাৰৰ ফলত কেন্সাৰ, এলাৰ্জী আৰু হজম শক্তিৰ সমস্যা হয়।
বিপদজনক কেকৰ পৰিৱৰ্তে এইদৰে নৱবৰ্ষ উদযাপন
কৰক :
খাদ্য বিশেষজ্ঞৰ মতে, আজিৰ সময়ত বজাৰত উপলব্ধ যিকোনো সামগ্ৰীক বিশ্বাস কৰিব নোৱাৰি।
বিশেষকৈ স্বাস্থ্যৰ কথা আহিলে ঘৰতে কেক বনোৱাটোৱেই উত্তম বিকল্প। তথাপিও যদি আপুনি কেক কিনিছে তেন্তে অন্ততঃ ইয়াৰ উপাদানসমূহ পৰীক্ষা কৰক।
• ঘৰতে আপুনি কেক বেক কৰক
বজাৰৰ কেকত ব্যৱহাৰ কৰা সংৰক্ষক, কৃত্ৰিম সোৱাদ আৰু ৰঙে হৃদযন্ত্ৰ আৰু পেটৰ দৰে ৰোগৰ লগতে কেন্সাৰৰো সম্ভাৱনা বৃদ্ধি কৰে। এনে পৰিস্থিতিত ঘৰতে কেক বনোৱাটো এটা উত্তম বিকল্প, কাৰণ ইয়াত বিশুদ্ধ উপাদান ব্যৱহাৰ কৰিব পাৰি। কেকত সতেজ ফল ব্যৱহাৰ কৰিলে ই অধিক পুষ্টিকৰ হ’য়।
• চেনিবিহীন কেক
যদি আপুনি বজাৰৰ পৰা কেক কিনিবলগীয়া হয়, তেন্তে এনেকুৱা কেক বাছি লওক যিবোৰ গোটা শস্য যেনে ওটছ, বাজৰা বা মাল্টিগ্ৰেইন আটাৰ পৰা তৈয়াৰ কৰা হয়। এইবোৰ ৰিফাইন আটা আৰু চেনিতকৈ ভাল। লগতে চেনী একেবাৰে কম ব্যৱহাৰ কৰা কেক কিনিব।
ৰিফাইন কৰা চেনি খোৱাৰ অৰ্থ হ’ল কেন্সাৰ হোৱাৰ আশংকা থকা। চেনি থকা কেকৰ সলনি মৌ আৰু গুৰ ব্যৱহাৰ কৰা কেক বাছি লওক।
• গ্লুটেন আৰু ৰাসায়নিক মুক্ত কেক
গ্লুটেনৰ প্ৰতি এলাৰ্জি থকা বা পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিব বিচৰাসকলৰ বাবে গ্লুটেন মুক্ত কেক এটা ভাল বিকল্প। এই কেকবোৰ প্ৰায়ে আলমণ্ডৰ আটা, নাৰিকলৰ আটাৰে তৈয়াৰ কৰা হয়। বজাৰত উপলব্ধ কিছুমান ৰাসায়নিক মুক্ত আৰু সংৰক্ষক মুক্ত ব্ৰেণ্ডৰ কেকও পোৱা যায়। এইবোৰ কিনাৰ সময়ত পেকেটত দিয়া উপাদানসমূহ নিশ্চিতভাৱে পৰীক্ষা কৰক।
• চেনি নথকা কেক
ডায়েবেটিছ বা ওজনৰ বাবে চিন্তিত সকলৰ বাবে চেনিবিহীন কেক এটা উত্তম বিকল্প। এই কেকত চেনিৰ সলনি ষ্টেভিয়া আৰু ইৰিথ্ৰিটল ব্যৱহাৰ কৰা হয়। কম কেলৰিযুক্ত কেকত কম চৰ্বি আৰু কম কেলৰিযুক্ত উপাদান ব্যৱহাৰ কৰা হয়, যাৰ ফলত ই আপোনাৰ স্বাস্থ্যৰ বাবে নিৰাপদ আৰু লঘু হৈ পৰে। কিন্তু কেক কিনাৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে ইয়াত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয় যাতে।