লিখক- অপূৰ্ব দাস ( সত্য কাহিনীৰ আধাৰত )
তাৰ নাম ৰূপজ্যোতি। সৰুৰে পৰা মাকৰ মেখেলা চাদৰ পিন্ধি, গহনা পিন্ধি, ওঁঠত লিপষ্টিক, চকুত কজাল লগাই ভাল পোৱা লʼৰাজনৰ মনত বহু সপোন.....
সি নিজকে কেতিয়াও লʼৰা বুলি নাভাবে, কিন্তু ঘৰৰ মানুহে আৰু সমাজৰ মানুহে কিয় নুবুজে? সি যে লʼৰা নহʼয়। পুৰুষৰ যৌনাংগটো থকা বাবেই নেকি?
স্কুলত লগৰীয়া সকলেও ঠাট্টা কৰে - সেই লেডীছ টোক দেখিবই নোৱাৰোঁ। কাম নাই এইবোৰৰ... কি যে জন্ম পায়!
গাওঁৰ লʼৰাবোৰেও তাক দেখিলেই জোকায় - অই' লেডিছ!
ওচৰৰে খুড়ীদেউ জনীও এদিন কৈছিল - এই হিজিড়াটোক দেখিলে যাত্ৰা এ নষ্ট হ'য়!
ঘৰত কোনো নাথাকিলে সি খুব কান্দিছিল ! অন্তৰে কান্দি কান্দি কৈছিল - হে ভগৱান, তুমি মোক কিয় এনেকৈ জনম দিলা? সকলোৱে মোক কিয় ঘীণ কৰে? মইতো নিজে এনে হম বুলি হোৱা নাই.... কিয় তুমি মোক এই জনম দিলা?
লাহে লাহে দিনবোৰ বাগৰিল । সি নিজকে লʼৰাৰ দৰে হ'বলৈ খুব চেষ্টা কৰে, কিন্তু বিফল হয়। আকৌ ছোৱালীৰ দৰেই মাত , খোজ কঢ়া আদি আহি যায়....
ভল পাবলৈ সকলোৰে মন যায়। এজন জীৱন সংগী হ'লে.... কাৰোবাৰ প্ৰেমত পৰিবলৈ কাৰ নো মন নাযায়? তাতে আকৌ সি যৌৱনত ভৰি দিছে। ফেচবুকত দেখা লʼৰাবোৰ দেখিলে "আই লাভ ইউ বুলি কৈ দিব মন যায়" । কিন্তু যদি গালি পাৰে?...... এদিন সৌৰভ নামৰ লʼৰাটোক ফেচবুকত "আই লাভ ইউ" বুলি মেচেজ দিছিল। যিহে গালি দিলে নহয়। ইমান অপমান - "কেলা, কোন বে তই ? মাদাৰ চুদ! "
তেতিয়াৰ পৰা ভয়তে কালৈকো মেচেজ নকৰা হ'ল। এদিন তৃতীয় লিংগৰে ব্যক্তি এজনে ফেচবুকত লিখি পোষ্ট কৰিছিল "মোক এজন বয় ফ্ৰেইণ্ড লাগে। কোনোবা ৰিলেশ্ব্যনচিপত আহিবানে?"
পোষ্টটো পঢ়ি তাৰ মনত আশা জাগি উঠিল। সি লগে লগে মেচেজ বক্সত মেচেজ এটা লিখি পঠিয়াই দিলে - হাই, মই ৰূপজ্যোতি। মই তোমাৰ সৈতে ৰিলেশ্ব্যনচিপত আহিব বিচাৰোঁ।
ক্ষন্তেক পিছত ৰিপ্লাই আহিল - তুমি টোপ নে বটোম ? তোমাৰ বয়স কিমান ইত্যাদি....
আচলতে টোপ বা বটোম সি বুজিএ পোৱা নাছিল। ভালদৰে বুজাই দিয়াত হে বুজিলে। টোপ হৈছে স্বামী জন আৰু বটোম হৈছে - ঘৈনীয়েক জন। এই খিনিতে ঠিকেই আছিল। যেতিয়া ফোন নম্বৰ ভাগ বতৰা কৰি ভিডিঅ' কল কৰিলে তেতিয়াহে সমস্যাটো হ'ল।
সৌৰভ নামৰ সেই তৃতীয় লিংগৰ লʼৰাজনে ক'লে " চি: তুমি লেডীছ টাইপ! তোৰ লগত মোৰ কোনো ফিলিংছ নাহে। "
- এনেকৈ কৈ সি ৰূপজ্যোতিক ব্লক কৰি দিল।
তাৰ এনে লাগিল যেন মূৰৰ ওপৰত সৰগখন খহি পৰিল। ইমান অপমান, ইমান নিষ্ঠুৰতা মানুহৰ পৰা....
তেতিয়াৰ পৰা সি ফেচবুকত অনলাইন নোযোৱা হ'ল। এবাৰ গাওঁৰে দীপালীৰ গিৰিয়েক অৰ্ণৱে ( বয়স ৪৪ ) কোনো নথকাত তাক মনে মনে ওচৰলৈ মাতিলে। জীয়েক ৰিয়াৰ সৈতে তাৰ খুব ভাল বন্ধুত্ব। এনে লাগে যেন তাই ৰূপজ্যোতিক নিজৰ বান্ধৱী বুলি মানে আৰু সিও ৰিয়াক নিজৰ ভাল বান্ধৱী বুলি ভাবে। সেইদিনা ৰিয়া আৰু মাকজনী ঘৰত নাছিল। সি অৰ্ণৱক দাদা বুলি মাতে।
: তই আহিবিছোন। মাক-জীয়েক দুজনী নাই যিহেতু তই ভাত কেইটা ৰান্ধি দিবি ।
: হ'ব, দাদা। মই ৰান্ধি দিম বাৰু। - সি ৰন্ধা -বঢ়াত বৰকৈ পাকৈত। ৰান্ধিবলৈ ক'লে খুব ভাল পায়।
কিন্তু তাৰ লগত এনে হ'ব বুলি সি ভবাই নাছিল। সেইদিনা অৰ্ণৱৰ যৌন কামনাৰ বলি হ'ব লগীয়া হ'ল হেঁতেন। অৰ্ণৱে তাৰ গাৰ কাপোৰ ফালি জোৰকৈ ধৰি বিছনাত বগৰাই দিছিল আৰু কৈছিল- তোক কৰিব খুব মন যায়। আজি খুব কৰিম.....
সি তাৰ হাতত কামুৰ মাৰি কেনেবাকৈ নিজকে ৰক্ষা কৰি তাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু কাক ক'ব সি নিজৰ এই দুৰ্ভাগ্যৰ কথা?
এনে জনম পোৱা বাবে তাক এই সমাজৰ মানুহে ঘীণ কৰে, কাৰোবাক ভাল পাবলৈ বিচাৰিলেও অপমান পোৱা যায়,
কিন্তু এই সমাজৰেই ভদ্ৰ মানুহেই কিয় কেৱল কামনাৰ দৃষ্টিৰে চায়? লেডীছ টাইপৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি ? লেডীছ টাইপৰ নিছিনা মানুহবোৰ মানুহ নহ'য় নেকি?
এনে মানুহক সমাজৰ সকলোৱে ঘীণ কৰাৰ কাৰণ কি হ'ব পাৰে? মাথো ছোৱালীৰ দৰে বাবেই নেকি?
আজি সি সমাজৰ এনে মানুহৰ বাবে অধিকাৰ বিচাৰি উচ্চতম ন্যায়ালয়ত ন্যায় বিচাৰিছে থিকেই.... কিন্তু দুখৰ বিষয় যে তৃতীয় লিংগৰে ব্যক্তিয়েই যে লেডীছ টাইপক ঘীণ কৰে তাতোকৈ ডাঙৰ নিষ্ঠুৰতা কি থাকিব পাৰে?
জানো আহক লেডীছ টাইপৰ প্ৰকৃত ৰূপ -
সমাজত বিশেষকৈ লেডীছ টাইপৰ নিছিনা সকলে বেছিকৈ অপমানৰ, নিষ্ঠুৰতাৰ আৰু কামনাৰ বলি হ'ব লগা হয়।
লেডীছ টাইপ সকল প্ৰকৃততে নাৰী ( স্ত্ৰী ) হ'য়। মাথো শৰীৰটো পুৰুষৰ লাভ কৰে বাবে সমস্যাৰ সৃষ্টি হয়। মন বা আত্মা প্ৰকৃততে নাৰী। এনে সকলে যেতিয়া লিংগ সলনি কৰি এগৰাকী নাৰীলৈ ৰূপান্তৰিত হয় তেতিয়া তেওঁক কোৱা হয় - ৰূপান্তৰিত নাৰী বা Trans Woman ।
হিজড়া বা কিন্নৰৰ ৰহস্য:
আৰু যেতিয়া কিন্নৰ সকলৰ গুৰু মাতাৰ আজ্ঞা অনুসৰি কিছুমান সিহঁতৰ নিয়ম-নীতি পালন কৰি পথত বা বাহনত হাত চাপৰি বজাই টকা মাগি ফুৰে তেতিয়া তেওঁলোকক কোৱা হয় কিন্নৰ বা হিজড়া বুলি। কিন্নৰ বা হিজড়া হ'বলৈ কিছুমান কঠোৰ নীতি -নিয়ম আছে। যিবোৰ পালন কৰাৰ পিছতহে হিজড়া বা কিন্নৰ বুলি কোৱা হয়। প্ৰকৃত কিন্নৰ সকল হৈছে ভগৱানৰ উপাসক। প্ৰকৃত কিন্নৰ সকলে ব্যক্তিগত প্ৰেম আৰু যৌনতাৰ পৰা দূৰত থাকে । এই নিয়ম পালন কৰিব পাৰিলেহে প্ৰকৃত কিন্নৰ বা হিজড়া হৈ পৰে। হিজড়া সকলে কেৱল ভগৱানকে স্বামী ৰূপে গ্ৰহণ কৰে আৰু সেয়েহে হিজড়া সকল হৈ পৰে সকলোৰে মাতা।
যি মাতা আদি শক্তিৰ প্ৰকৃত ৰূপ। যেতিয়া সাধাৰণ পুৰুষে এগৰাকী নাৰীক গ্ৰহণ নকৰে তেতিয়া তেওঁ কিন্নৰ ৰূপে জনম পায় আৰু ভগৱানে গ্ৰহণ কৰি লয়। কিন্নৰ জনম পোৱাৰ কাৰণ হ'ল যাতে তেওঁক কোনো সাধাৰণ পুৰুষে গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ ফলতেই তেওঁ সৰ্বদা ভগৱানৰ পত্নী হৈ পৰে আৰু মৃত্যুৰ পিছত ভগৱান আদি শক্তিৰ সৈতে বিলীন হৈ পৰে।
মহাভাৰতৰ কাহিনী অনুসৰি :
মহাভাৰতৰ কাহিনী অনুসৰি যেতিয়া এগৰাকী নাৰীয়ে পুৰুষৰ প্ৰেম বা মৰমৰ পৰা বঞ্চিত হয় তেতিয়া নাৰী গৰাকী পৰৱৰ্তী জনমত পুৰুষ শৰীৰ লৈ জনম পায়। মহাভাৰতৰ চৰিত্ৰ শিখণ্ডী এটি উদাহৰণ।
যেতিয়া অম্বালিকাক ভীষ্মই হৰণ কৰি আনিও পত্নী ৰূপে গ্ৰহণ নকৰিলে তেতিয়া অম্বালিকাই যি জন প্ৰেমিকক স্বামী হিচাপে মানি লৈছিল সেইজনৰ ওচৰলৈ গৈছিল, কিন্তু সেইজন প্ৰেমিকেও অম্বালিকাক গ্ৰহণ নকৰিল। এই অপমান সহিব নোৱাৰি অম্বালিকা ভীষ্মৰ প্ৰতি কঠোৰ হয় আৰু পৰৱৰ্তী জনমত পুৰুষৰ শৰীৰত শিখণ্ডী ৰূপে জনম লৈ ভীষ্মৰ প্ৰতিশোধ লয়। এই ক্ষেত্ৰত স্বয়ং ভগৱান কৃষ্ণই সহায় কৰে। যেতিয়া সাধাৰণ পুৰুষে এগৰাকী নাৰীক গ্ৰহণ নকৰে তেতিয়া তেওঁ কিন্নৰ ৰূপে জনম পায়। ইয়াৰ কাৰণ হ'ল যাতে তেওঁক কোনোৱে গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ ফলতেই তেওঁ সৰ্বদা ভগৱানৰ পত্নী হৈ পৰে।
পঢ়িছেনে শ্ৰীকৃষ্ণ অৱতাৰৰ সময়ৰ কাহিনী ? যেতিয়া ১৬ হেজাৰ গোপীনীক এটা দত্যই পত্নী কৰিবলৈ অপহৰণ কৰি নিছিল তেতিয়া শ্ৰীকৃষ্ণই গোপীসকলক মুক্ত কৰিছিল। কিন্তু দুখৰ বিষয়, গোপীসকলক কোনো পুৰুষে বিয়া কৰাবলৈ মান্তি নহৈছিল আৰু গাওঁত সোমাবলৈ দিয়া নাছিল।
তেতিয়া শ্ৰীকৃষ্ণই সকলোৰে মান-মৰ্যাদা ৰক্ষা কৰিবলৈ নিজৰ পত্নী কৰি লৈছিল। ইয়াৰ পিছত গোপীসকলে নিজৰ গাওঁত পুনৰ মৰ্যদাৰে জীৱন নিৰ্বাহ কৰিছিল।
যেতিয়া সাধাৰণ পুৰুষে গ্ৰহণ নকৰে তেতিয়া সেইজন ভগৱানৰ পত্নী হৈ পৰে। কিন্নৰ সকলো ভগৱানৰ পত্নী আৰু সকলোৰে মাতা।