আঘোণ
✍️ কবিতা : অপূৰ্ব দাস
সোণোৱালী ধাননি পথাৰ দেখি
দাওনীৰ হেঁপাহৰ হাঁহি,
সোণগুটি লক্ষ্মীমি আদৰি আনোগৈ
আঘোণৰ সোণালী পথাৰ ছোৱাহি।
কোমল ৰʼদালি দেহত লাগি
মাটিত পৰে ঘাম,
আঘোণৰ মাহতেই আপোনজনৰ সৈতে
হেঁপাহ পলুৱাই ন-খাম।
মহোহো দিয়োগৈ আঘোণৰ পূৰ্ণিমাত
হাতে হাতে টাঙোন লʼ,
কোন কʼত আছ ওলাই আহ
ঘৰে ঘৰে খেদিমগৈ মহ।
নিহালিখন দিনতে ৰʼদাই লৈ
বাৰীৰে বগৰী বুটলিবলৈ লগৰবোৰ আনো মাতি,
আইতাৰ মুখৰ সাধু শুনিমগৈ
কুঁৱলিৰে ঢাকি ধৰা আঘোণৰ শীতল ৰাতি।
লাই পালেং মূলা বিলাহী
নানাবিধ বাৰীত শাক,
ঔটেঙাৰ সৈতে ৰৌমাছৰ আঞ্জা
ৰান্ধিবলৈ দিমগৈ মাক।
আপোনজনৰ সৈতে সদায়েই মৰমেৰে
আঘোণৰ সোণালী ল'বা ৰং সানি,
পুৱাৰ সূৰুযৰ কোমল ৰʼদালিয়ে
দিব দেহে মনে অনেক সুখ আনি।