( ভূতৰ গল্প )
✍ অপূৰ্ব দাস
ৰণ্টুই নিজৰ কিছুমান লাগতিয়াল সামগ্ৰী আৰু কাপোৰ-কানি পেকিং কৰাত লাগিল৷ কালি পুৱা হোৱাৰ আগতেই নিজ ঘৰ বৰপেটাৰ পৰা
ধেমাজিলৈ যাব লাগিব ৷ টেট শিক্ষকৰ চাকৰিটো পোৱাৰে পৰা তাৰ মনত বৰ আনন্দ যদিও ঘৰখন এৰি যাবলৈ বেয়া লাগিছে ৷ মাক-দেউতাকক এৰি দূৰৈত থাকিব লগা হ’ব কাৰণে তাৰ মন ভাল লগা নাই ৷ মাকৰ দুগালত দেখা চকুৰ পানীয়ে তাৰ হৃদয় আঘাত কৰিছে৷ একমাত্ৰ পুতেকজন দূৰণিলৈ যাব কাৰণে মাকে ৰাতিৰ ভাত সাজত কেইবাখনো ব্যঞ্জন ৰান্ধিছে৷ তালৈ নিবলৈ পিঠা-লাড়ু বনাইছে ৷ ঘৰখন এৰি যাব লগা হোৱা কাৰণে তাৰ এইবোৰ পেটতে নোসোমাল৷
ৰাতি সকলো কেইজনৰে টোপনিয়েই নাহিল৷
পুৱা সোনকালে উঠি গা-পা ধুই মাক দেউতাকক সেৱা লৈ জলপান ওলপ খাই নিজৰ পেকিং কৰা সামগ্ৰীবোৰ লৈ গাড়ীত উঠিল৷ আহিবৰ সময়ত মাকৰ কান্দোনে তাৰো বুকুখনত শোকে খুণ্ডা মাৰিলত৷
ৰাতি দহ মান বজাত গন্তব্য স্থান পালে৷
গাওঁ খনৰ যিখন প্ৰাথমিক স্কুলত সি চৰকাৰী চাকৰিটো পালে সেইখন স্কুলৰে চকীদাৰ জনৰ ঘৰত সেইদিনা ৰাতি কেনেবাকৈ কটালে৷ কাৰণ চকীদাৰ জনৰ ঘৰত মানুহ বেছি হোৱা কাৰণে থকা ঠাইৰ অভাৱ ৷ যিয়েই নহওঁক কালি স্কুলখনতে থকা ঠাই ওলাব ৷
পুৱা হোৱাত সি চকীদাৰ জনৰ লগত স্কুলৰ ফালে এপাক মাৰিবলৈ গ’ল৷ স্কুলখনতে থকাৰ ব্যৱস্থা আছে কাৰণে সি তাতেই থাকিবলৈ ওলাল৷ চকীদাৰ জনে তাক তাত থাকিবলৈ বাধা দিলে কাৰণ সেই ঠাইখন ওলপ জয়াল৷ ৰাতি হ’লে সেই ঠাইখনিলৈ মানুহ-দুনুহ নাযায় ৷ কোনো কোনোৱে হেনো সেই ঠাইখনিত প্ৰেত আত্মা দেখিছে ৷ ৰণ্টুই এইবোৰ কথাত গুৰুত্ব নিদিলে ৷ কাৰণ, সি ভূত-প্ৰেত বিস্বাস নকৰে৷ নিজৰ কথামতে সি দ্বিতীয় দিনাখনৰ পৰা স্কুলত থকা ঘৰটোতে থাকিম বুলি ক’লে৷ চকীদাৰ জনে ঘৰটো চাফা কৰি ৰণ্টুৰ বস্তুবোৰ থান-থিত লগাই দিলে আৰু ক’লে -
: ছাৰ, আপুনি যি সাহসত ইয়াত থাকিম বুলি কৈছে মোৰ হ’লে বহুত ভয় লাগিছে ৷ আপুনি এবাৰ ভাবি চাব৷
: চাওঁক, আগতেও আপোনাক কৈছো৷ মই এইবোৰ বিস্বাস নকৰোঁ ৷ - ৰণ্টুৰ মুখত বিৰক্তিৰ ভাৱ স্পষ্ট দেখা গ’ল৷ সি চিগাৰেট এটা জ্বলাই ধোঁৱাৰ আমেজ লোৱাত লাগিল৷
: ছাৰ, সকলো বস্তু থিক-থাক হ’ল৷ মই এতিয়া যাব পাৰোনে?
: আজি ৰবিবাৰ৷ স্কুল নাই যেতিয়া মোৰ লগতে আপুনিও ভাতসাজ খাওঁক৷ নে কি কয়?
: হ’ব বাৰু ছাৰ ! - দুয়ো হাঁহি হাঁহি বিভিন্ন আলোচনাত মগ্ন হ’ল৷
চকীদাৰজন ৰণ্টুতকৈ পয়ত্ৰিশ বছৰেই ডাঙৰ আৰু ৰণ্টুৰ বয়স এতিয়াহে ছাব্বিশ, মানে ভৰ যৌৱনৰ চফল ডেকা৷ বয়সত দুয়োজনৰে পাৰ্থক্য থাকিলেও এদিনতে বন্ধুত্বৰ দৰে এটা সম্পৰ্ক গঢ়ি উঠিল৷ দিন বাগৰি সন্ধ্যা নামিল৷
চকীদাৰজনে আকৌ এবাৰ ভূতৰ কথাটো সোৱৰাই দিলে আৰু ৰাতি হ’লে বাহিৰত ওলাবলৈ বাধা দি নিজৰ ঘৰলৈ সি গুচি গ’ল৷
লাহে লাহে আন্ধাৰ নামি আহিল৷ ঠাইখন বহুত জয়াল হৈ পৰিল৷ কাঁচি জোনৰ ঢিমিক ঢামাক পোহৰ চৌদিশে উপচি পৰিল৷ বাদুলী, ফেঁচা আৰু শিয়ালৰ মাতত পৰিৱেশটো আৰু যেন ৰহস্যময় হৈ উঠিল৷ আজি ৰাতিৰ সাজ ৰান্ধিব নালাগে ৷দুপৰীয়া ৰন্ধা ভাত-আঞ্জা আছে কাৰণে তাকে গৰম কৰিলে ৷ মাকলৈ মনত পৰাত ফোন এটা কৰি খা-খবৰ ললে আৰু চিন্তা কৰিবলৈ বাধা কৰিলে ৷
ঘড়ীটোলৈ চোৱাত ৰাতিৰ দহ বাজি পোন্ধৰ মিনিট হোৱাত আচৰিত হ’ল৷ ইমান সময় মাক-দেউতাকৰ লগত কথা পাতিল গ’মকে নাপালে ৷ তাৰাতাৰি ঠাণ্ডা হৈ পৰা ভাত সাজকে খাই সি বিচনাত দীঘল দি পৰিল ৷
পুৱা সোনকালে সাৰপাই বিচনাৰ পৰা উঠি ওচৰতে থকা নৈ খনিলৈ গা-ধুবলৈ গ’ল ৷ গা-পা ধুই নৈৰ পৰা উভতি আহোতে এজনী ছোৱালীক ল’গ পালে ৷ ইমান পুৱা এই ছোৱালী জনীয়েও গা ধুবলৈ আহে নেকি? তাৰ মনত প্ৰশ্ন হ’ল৷ সি ছোৱালী জনীলৈ চোৱাত লাগিল৷ তাই লাজ লাজ কৈ তাৰ ফালে চাই এটি মিঠা হাঁহি মাৰি দৌৰি গৈ নদীত গা ধুৱাত লাগিল ৷
প্ৰথম চাওনিতে ছোৱালীজনীলৈ তাৰ ভাল লাগি গ’ল৷ ইমান ধুনীয়া আৰু মৰম লগা ছোৱালী আজি সি যেন প্ৰথম দেখিছে এনে লাগিল ৷ একেথৰে চাই থাকোতে হথাৎ মবাইটো বাজি উঠাতহে সি গাত তৎ পাই নিজৰ ৰুমলৈ গুচি আহিল৷
চকীদাৰ জন বহুসময় ধৰি ৰৈ থাকিব লগাত সি ক্ষমা বিচাৰিলে৷ পুৱাৰ জা-জলপান খাই বৈ সি স্কুলৰ শ্ৰেণী কোঠালি কেইটা চোৱাত লাগিল ৷ চকীদাৰে ৰাতিটো কেনে গ’ল তাক সুধিলে৷ সি এটা ডাঙৰ হাঁহি মাৰি ক’লে-
মোক যিহে ভূতে পালে নহ’য়! মই বিচনাতে মল-মূত্ৰ এৰিলো ৷ ৰণ্টুৰ এনে ঠাট্টা সুৰত কোৱা কথাসাৰে চকীদাৰৰ মনত কিঞ্ছিত বেজাৰ লগালে৷ ইতিমধ্যে কণ কণ ছাত্ৰ-ছাত্ৰী সকল আহি উপস্থিত হ’লহি৷ গাওঁৰে অন্য হেড মাষ্টৰ জনো আহিল আৰু স্কুলৰ কৰ্ম বোৰ আৰম্ভ কৰিল৷
ৰাতি ৰণ্টুৰ মনলৈ সেই ধুনীয়া ছোৱালী জনীৰ ছবিখন আহি থাকিল৷ সি তাইক লগ পাবলৈ ব্যাকুল হৈ পৰিল৷ সি ভাবিলে -কালি কাহিলী পুৱাতে উঠি তাইক লগ কৰিব আৰু চিনাকি হ’ব৷ কম্বলখন গাত মেৰিয়াই মিঠা আৱেগত টোপনি গ’ল ৷ হথাৎ সি কৰোবাৰ মাতত সাৰ পালে আৰু নিজৰ কাষতে সেই ছোৱালী জনীক দেখি আচৰিত হ’ল ৷
: দাদা, উঠক৷ পুৱা হ’লেই দেখোন৷
সি হতভম্বৰ দৰে তাইলৈ চাই থাকিল৷
: দাদা! মই এটা কামৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিলো ৷ মই শুনিছো আপুনি এজন শিক্ষক৷ সেয়েহে আপোনাৰ সহায় বিচাৰি আহিছো৷
: কিন্তু তই মোৰ ৰুমৰ ভিতৰলৈ সোমাই আহিলি কেনেকৈ? - সি আচৰিত হৈ সুধিলে ৷
: আপোনাক বাহিৰৰ পৰা মাতিছিলো ৷ দেখিলো দুৱাৰ খন খোল খাই আছে৷ সেই কাৰণে মই সোমাই..... দাদা আপুনি বেয়া নাপাব৷- তাই লাজ লাজ কৈ কথাখিনি ক’লে৷
: ৰাতি চাগৈ মই দুৱাৰখন মাৰিবলৈকে পাহৰিছিলোঁ ৷ ইচ ৰাম!
: দাদা, এনেকুৱা কেতিয়াবা হ’য়েই !
- এইবুলি কৈ তাই এখিলা কাগজ ৰণ্টুৰ হাতত তুলি দিলে৷
ৰণ্টুৰ ভিতৰি ভিতৰি ভালেই লাগিল৷ যি জনীক মনতে ভাবি আছিল আজি তাইক কাষতে পালে ৷ এতিয়াৰে পৰা সি তাইৰ লগত চিনাকি হ’ল যেতিয়া মনৰ কথাটিও ক’বলৈ বেছি দিন নালাগিব৷ কাগজ খনত তাইৰ নামটি স্পষ্টকৈ লিখা দেখা পালে -"মায়া" ৷ কিহৰ বিষয়ে লিখিব লাগে বুলি সোধাত তাইৰ চকুত চকুৰ পানী দেখি আচৰিত হ’ল আৰু সান্তনা দিয়াৰ সুৰেৰে ক’লে-
: মনলৈ দুখ নানিবা ৷ যি হৈছে মোক বন্ধু বুলি ভাবি কোৱা ৷ যদি মই সহায় কৰিব পাৰো কৰিম৷
: মোক গাওঁৰ মানুহে দেখিব নোৱাৰে ৷ মোৰ দেউতা মই সৰু থাকোঁতেই ঢুকাইছিল আৰু মোৰ মাই বহু কষ্ট কৰি মোক ডাঙৰ কৰিছিল৷
গাওঁৰে এজন সম্পত্তিশালী লোকে আমাৰ মাটিখিনি কিনিব বিচাৰিছিল। কিন্তু মাই বিক্ৰী নকৰিলে, কাৰণ সেই মাটিতেই কষ্ট কৰি খেতি কৰি আমি দুয়ো খাই-বৈ জীয়াই আছিলোঁ।
সিহঁতে মাক আৰু মোক দেহ ব্যৱসায়ী আখ্যা দি ঘীণ চকুৰে চাবলৈ আৰম্ভ কৰিলে।
এদিন এই অপমান সহিব নোৱাৰি মা পুলিচৰ ওচৰলৈ গৈছিল। কিন্তু পুলিচ কেইটাইও মাক বেশ্যা বুলি ধৰ্ষণ কৰিলে। এই নিষ্ঠুৰতা আৰু কামনাৰ বলি হৈ মা আত্মহত্যা কৰি মৰিল । মাৰ মৃত্যুৰ পিছত মোকো গাওঁৰ ডেকা কেইজনমানে লগ লাগি ধৰ্ষণ কৰিলে ৷ মই মৰি মৰি জীয়াই আছো ৷ মোক ন্যায় লাগে ৷ তাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো৷
- কথাখিনি কৈ তাই হুক হুকাই কান্দিবলৈ ধৰিল৷
সি কিদৰে সান্তনা দিব একো বাক্য বিচাৰি নাপাই ক’লে -
: মই তোক সহায় কৰিম৷ এতিয়া যোৱা ঘৰলৈ৷ মই গধূলি তোমাৰ ঘৰলৈ যাম বাৰু৷
তাইৰ ঘৰলৈ কোনফালেদি যাব লাগে সেইতো দেখুৱাই দি তাই গ’লগৈ৷
: এনেকৈ কি ভাবি আছে? - চকীদাৰ জনৰ মাতত হে তাৰ গাত তৎ আহিল৷ চকীদাৰে আকৌ ক’লে "আজি দুপৰীয়া ইয়াতেই মইও ভাত খাম৷ খাহী পঠাৰ মাংস আনিছো এইয়া চাওঁক ! " - এইবুলি কৈ একিলো পঠাৰ মাংস তাৰ হাতত তুলি দিলে ৷ সি দৌৰা দৌৰি কৈ উঠি গা-পা ধুই ল’লে৷ চকীদাৰে খানা ৰন্ধাত লাগিল৷
সন্ধ্যা সময়ত সি মায়াৰ ওচৰলৈ যাবলৈ ওলাল৷ নিজৰ ৰুমৰ দুৱাৰত তলা লগাই হাতত থকা মোবাইটোৰ ফ্লাচ লাইটৰ পোহৰৰ সহায়ত মায়াই কোৱা মতে তাইৰ ঘৰ বিচাৰি গৈ থাকিল৷ কাঁচি জোনৰ পোহৰত জয়াল পৰিৱেশটো ওচৰৰ হাবিৰ পৰা অহা শিয়াল আৰু ফেঁচুৰ কান্দনত বৰ ৰহস্যময় হৈ পৰিছিল৷ সি নিৰ্ভয়ে আগুৱাই গৈ থাকিল৷ কিছু দূৰৈত চাকিৰ পোহৰ ঢিমিক-ঢামাক দেখা পালে ৷ সেইয়া মায়াই হাতত চাকি এগছি লৈ ৰৈ আছে৷ মায়াই তাক আগবঢ়াই নি ঘৰৰ ভিতৰত বহিবলৈ দিলে৷
: বহক৷ মই চাহ বনাও ৷ -তাই পাকঘৰলৈ সোমাই গ’ল৷ কিছু সময়ৰ পাছত হাতত একাপ লাল চাহ লৈ আহি খাবলৈ দিলে৷
সি মুখত চাহকাপৰ এহোপা মৰাত এটা ভেকেটা ভেকেটা গোন্ধ পালে৷ বাকি খিনি সি নাখালে৷
: তই ইয়াত ওকলে কেনেকৈ থাকা? তোৰ কষ্ট নহয় নে?
: মোৰনো কোন আছে! সকলো শেষ হ’ল৷ মোৰো জীয়াই থকাৰ আশা আৰু নাই৷ নালাগে মোক ন্যায় ৷ আপুনি যে মোৰ ঘৰলৈ আহিছে সেয়াই বহুত ৷
: মই তোক সহায় কৰিম !
: আপুনি কি সহায় কৰিব মোক?
: মই সকলো ন্যায় বিচাৰ কৰি দিম৷
: এতিয়া বহুত ৰাতি হ’ল আপুনি ঘৰলৈ যাওঁক৷
সি তাইৰ হাত দুখনত তাৰ হাত থৈ উভতি আহিল৷ এনেদৰে সদায়েই সন্ধ্যা সময়ত সি তাইৰ ঘৰলৈ গৈ থাকিল আৰু সিহঁত দুয়োজনৰে দৈহিক সম্পৰ্কও হ’বলৈ ধৰিল৷ যৌন মিলনৰ ফলত সি শুকাই ক্ষীণাই যাবলৈ ধৰিল৷ চকীদাৰে তাৰ এনে পৰিৱৰ্তন দেখি সুধিলে -
: আপোনাৰ কিবা হৈছে নেকি? এনেকৈ যে ক্ষীণাই গৈ আছে?
: নাই, একো হোৱা নাই৷ মায়াক মই ভাল পাওঁ৷ তাইক মই বিয়া কৰাম৷
: কোন মায়া? আপুনি যে আজি হে ক’লে ?- চকীদাৰ আচৰিত হ’ল৷
: নদীৰ পাৰৈত সৌখন যে হাবিৰ মাজত অকলে থাকে সেইজনী মায়াৰ কথা কৈছো৷
: আপুনি এইবোৰ কি বকিছে? মায়া !
হথাৎ দুৱাৰখন খুলি এজন মানুহ সোমাই আাহি চকীদাৰক ক’লে-
: ককা, আইতাৰ গা ভাল নহয়৷ খুব টান জ্বৰ উঠিছে ৷
কথাটো শুনিয়েই চকীদাৰ ঘৰলৈ ল’ৰ মাৰিল৷
দিনটো পাৰ হ’ল৷ সন্ধ্যা নামি আহিল৷ আজি ৰণ্টুই মায়াক বিয়া কৰাব বুলি কৈ দিব৷ কিমান দিন আৰু এনেকৈ মনে মনে মিলন হ’ব ৷ সেয়েহে সি আজি সোনকালে মায়াৰ ঘৰলৈ গ’ল৷ মায়াৰ ঘৰৰ ভিতৰত সোমাই দেখিলে মায়া ঘৰত নাই৷ সি ওলপ সময় বহি থাকিল৷ এটা ভেকেটা ভেকেটা গোন্ধই তাৰ নাকত ক্ৰিয়া কৰিলে৷ ইমান লেতেৰা ঘৰটো৷ এই কেইদিন আহি থাকোতে পৰিস্কাৰ আছিল৷ আজি হথাৎ … চাৰিওফালে মকৰাৰ জাল, ভঙা-ফুটা দুপদ মান বস্তু৷ দুটিমান বাদুলি তাৰ মূৰৰ ওপৰেৰে উৰি যোৱাত সি চক্ খাই উঠিল৷
বহু সময় ধৰি বহি থাকি বেজাৰ লগাত সি ঘূৰি আহিবলৈ থিয় হ’ল৷ ৰাতিও বহুখিনি হ’ল৷ আজি সি মোবাইলটো আনিবলৈয়ে পাহৰিল৷ কিমান সময় হ’ল সি অনুমান লগাব নোৱাৰিল৷
: দাদা, আপুনি আহি বহি আছে? পিছ দুৱাৰ মুখৰ পৰা মাত দিয়াত সি উচপ খাই উঠিল৷
: তই আজি ক’ত গৈছিলি? মই ঘৰৰ ভিতৰত বহু সময় অপেক্ষা কৰি আছো তোৰ বাবে৷
: আজি মই পুৱাই আইতাৰ ঘৰলৈ গৈছিলো৷
: তই কিয় কোৱা নাছিলা তোৰ আইতা আছে বুলি?
: আজি কম বুলিয়েইতো ভাবিছো৷
: মইওঁ তোক এটা কথা কম৷
: কি কথা? কওঁক না সোনকালে!
: মই তোক বিয়া কৰাম৷
: সঁচাকৈ নে?
: অ’ সঁচাকৈ!
: আ...পু...নি. মোক বিয়া কৰাব?
: কিবা সন্দেহ আছে?
: আপুনি মোৰ বহুত মৰমৰ ৷ মই আপোনাক ইয়াৰ পৰা আৰু যাব নিদিও৷ আপুনি মোক এৰি নিদিব...
এই বুলি কৈ তাই ৰণ্টুৰ মুখলৈ চালে৷ লগে লগে ৰণ্টুই তাইৰ বিকৎ ভয়ংকৰ আকৃতিৰ মুখন আৰু ৰঙা জ্বলি থকা চকু দুটা দেখি কঁপি কঁপি মাটিত বাগৰি পৰিল৷
যেতিয়া গাত তৎ আহিল তেতিয়া সি চাৰিওফালে বহুত মানুহে ঘেৰি থকা দেখা পালে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰী কেইজনেও তাক ঘেৰি ধৰি চাই আছিল৷ স্কুলৰ চোতালত বেঞ্চ এখনৰ ওপৰত সি নিজকে আৱিস্কাৰ কৰিলে৷ এজন বেজে তাৰ হাতত আৰু গলত তাবিজ দুটামান বান্ধি দি মন্ত্ৰ উচ্চাৰণ কৰিব ধৰিছে ৷ মাজে মাজে মন্ত্ৰ উচ্চাৰণ কৰি তাৰ গাত কমণ্ডলুৰ পানী চটিয়াব ধৰিল৷ বেজ জনে মন্ত্ৰ উচ্চাৰণ বন্ধ কৰি ক’লে-
: এতিয়া আৰু কোনো ভয় নাই ৷ মাথো ইয়াত অকলে কেতিয়াও থাকিবলৈ নিদিব৷
যোৱা ৰাতি তাৰ সৈতে ঘটি যোৱা সকলো ঘটনা তাৰ স্পষ্টকৈ মনত পৰিল৷
********