( অপূৰ্ব দাস )
প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু গণেশ ভগৱানক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰা হয়। কিন্তু, দীপাৱলী উদযাপনৰ আঁৰৰ কাৰণ কি? আজি আপোনাক এই লিখনিৰ জৰিয়তে জনাম।
কোৱা হয় যে দীপাৱলীৰ দিনটোতে ভগৱান ৰাম লংকা জয় কৰি অযোধ্যালৈ উভতি আহিছিল, তাৰ উদযাপনৰ বাবে সকলো নগৰবাসীয়ে দীপ জ্বলাইছিল। দীপাৱলীৰ দিনা মানুহে নিজৰ ঘৰ পৰিস্কাৰ কৰি বন্তি, ফুলৰ মালা আদিৰে সজাই তোলে। কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে দীপাৱলী কিয় পালন কৰা হয় বা এই উৎসৱ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আচলতে দীপাৱলী উদযাপনৰ আঁৰত বহুতো পৌৰাণিক কাহিনী আছে যিবোৰ অতি গুৰুত্বপূৰ্ণ। গতিকে সেই কাহিনীবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল -
পৌৰাণিক আখ্যান অনুসৰি ১৪ বছৰ নিৰ্বাসনৰ অন্তত শ্ৰীৰাম উভতি আহিছিল অযোধ্যালৈ :
ৰামায়ণৰ মতে, যেতিয়া ভগৱান শ্ৰীৰাম লংকাপতি ৰাৱণক বধ কৰি সীতা মাতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে অযোধ্যালৈ উভতি আহিছিল, তেতিয়া সমগ্ৰ অযোধ্যা নগৰখন বন্তিৰে সজাই তোলা হৈছিল। কোৱা হয় যে ১৪ বছৰ বনবাসৰ অন্তত ভগৱান ৰাম অযোধ্যাত উপস্থিত হোৱা বাবে প্ৰতি বছৰে দীপাৱলী উৎসৱ পালন কৰা হয়। ৰাম যেতিয়া অযোধ্যালৈ আহিছিল তেতিয়া প্ৰতিখন চহৰ আৰু গাওঁতে বন্তি জ্বলোৱা হৈছিল। কাৰণ ৰামে এজন অতি শক্তিশালী আৰু নিষ্ঠুৰ ৰাক্ষস ৰাৱনক হত্যা কৰিছিল। সকলোৱে আনন্দ উদযাপন কৰিছিল । তেতিয়াৰ পৰা এই দীপাৱলী উৎসৱ হৈ পৰিল অন্ধকাৰৰ ওপৰত জয়ৰ উৎসৱ।
আন এক পৌৰাণিক আখ্যান অনুসৰি নৰকাসুৰ বধ :
ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ পত্নী সত্যভামাৰ সহায়ত অসুৰ ৰজা নৰকাসুৰক বধ কৰিছিল। এগৰাকী নাৰীৰ হাতত হত্যা হ'ব বুলি অভিশাপ পাইছিল নৰকা সুৰে। সেইদিনা কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী আছিল। নৰকা সুৰৰ আতংক আৰু অত্যাচাৰৰ পৰা মুক্তি পোৱাৰ আনন্দত ৰাইজে উদযাপন কৰিছিল দীপোৎসৱ। পিছদিনা দীপাৱলী উদযাপন কৰিছিল।
পাণ্ডৱ সকল ঘৰলৈ উভতি আহিছিল:
পাণ্ডৱসকলে ঘৰলৈ ঘূৰি অহাৰ বিষয়েও দীপাৱলীৰ লগত জড়িত কাহিনী এটা আছে। আপোনালোকক সোঁৱৰাই দিওঁ যে পাণ্ডৱসকলেও বনবাস থাকিব লগা হৈছিল। বনবাস সম্পূৰ্ণ কৰি পাণ্ডৱসকল ঘৰলৈ উভতি আহিছিল আৰু এই সুখত সমগ্ৰ চহৰখন আলোকিত হৈছিল আৰু তেতিয়া দীপাৱলী উৎসৱ পালন হৈছিল।
লক্ষ্মী দেৱীৰ অৱতাৰ :
দীপাৱলীৰ লগত জড়িত আন এটা কাহিনী হ’ল সাগৰৰ মন্থনৰ সময়ত দেৱী লক্ষ্মীয়ে বিশ্বব্ৰহ্মাণ্ডত অৱতাৰ লৈছিল। মাতৃ লক্ষ্মীক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। সেইবাবেই প্ৰত্যেক ঘৰত দীপ জ্বলোৱাৰ সমান্তৰালকৈ আমি লক্ষ্মী দেৱীকো পূজা কৰো। দীপাৱলী উদযাপনৰ অন্যতম প্ৰধান কাৰণ এয়াও হ'য়।
মোগল সম্ৰাট জাহাংগীৰ :
মোগল সম্ৰাট জাহাংগীৰে শিখসকলৰ ষষ্ঠ গুৰু গোবিন্দ সিংহকে ধৰি ৫২ জন ৰজাক গৱালিয়াৰৰ দুৰ্গত বন্দী কৰি ৰাখিছিল। গুৰুজন কাৰাগাৰৰ পৰা মুক্ত হ’বলৈ আৰম্ভ কৰাৰ সময়ত তেওঁৰ লগত বন্দী ৰজাসকলক মুক্তিৰ দাবীও কৰিছিল। গুৰু হৰগোবিন্দ সিংহৰ অনুৰোধত ৰজাসকলকো কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। সেয়েহে শিখ সম্প্ৰদায়ৰ লোকেও এই উৎসৱ পালন কৰে।
শেষ হিন্দু সম্ৰাটৰ বিজয় :
শেষৰ হিন্দু সম্ৰাট ৰজা বিক্ৰমাদিত্যৰ কাহিনীও দীপাৱলীৰ লগত জড়িত। ৰজা বিক্ৰমাদিত্য প্ৰাচীন ভাৰতৰ এজন মহান সম্ৰাট আছিল। তেওঁ আছিল অতি আদৰ্শ ৰজা আৰু তেওঁৰ উদাৰতা, সাহস আৰু পণ্ডিতসকলৰ পৃষ্ঠপোষকতাৰ বাবে সদায় পৰিচিত আছিল। তেওঁৰ ৰাজ অভিষেক ঘটিছিল এই কাতিৰ অমৱস্যাৰ দিনা। মোগলক পৰাস্ত কৰা ভাৰতৰ শেষ হিন্দু সম্ৰাট আছিল ৰজা বিক্ৰমাদিত্য।
মা কালীৰ উগ্ৰ ৰূপ :
আন এক কাহিনী অনুসৰি মাতৃ পাৰ্বতীয়ে অসুৰক বধ কৰিবলৈ মহাকালীৰ ৰূপ লৈছিল। ইয়াৰ পিছত তাইৰ খং শান্ত হোৱা নাছিল। তাৰ পাছত মহাকালীৰ ক্ৰোধ শান্ত কৰিবলৈ ভগৱান শিৱ নিজেই তাইৰ চৰণত শুই পৰিল। তেতিয়া ভগৱান শিৱৰ স্পৰ্শত তাইৰ ক্ৰোধ শান্ত হৈ পৰিল। ইয়াৰ স্মৃতিত আৰম্ভ হ’ল সেই নিশা কালিৰ উগ্ৰ ৰূপ পূজা কৰাৰ পৰম্পৰা।