By Good Assam
গ্ৰীষ্ম প্ৰবাহ আপোনাৰ পাচনতন্ত্ৰৰ বাবে একেবাৰেই ভাল নহয়। সেয়েহে এনে বতৰত কিছুমান বস্তু সেৱন কৰা উচিত আৰু কিছুমান বস্তু পৰিহাৰ কৰা উচিত।
গ্ৰীষ্মকালত আমাৰ শৰীৰ অসুস্থ হোৱাৰ আশংকা থাকে কাৰণ দেহৰ পানী অভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে আৰু অত্যধিক গৰমৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ’ব পাৰে।
এনে গ্ৰীষ্ম প্ৰবাহত আমাৰ ত্ৰিদোষ (বাটা, পিত্ত আৰু কফা)ও ভাৰসাম্যহীন হৈ পৰিব পাৰে আৰু আমি পাচনতন্ত্ৰৰ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
বহু সময়ত এনেকুৱা হয় যে গ্ৰীষ্মকালত কিবা এটা খোৱাৰ পিছত বমি হ’বলৈ আৰম্ভ কৰে বা পেটত জ্বলা-পোৰা হয়। এনে হোৱাৰ কাৰণ হজম শক্তিৰ অভাৱ। গতিকে এই বতৰত আপুনি কেৱল শৰীৰৰ বাবে স্বাস্থ্যকৰ বস্তুহে সেৱন কৰিব লাগে আৰু চৰ্বি জাতীয় খাদ্য, তেলাল খাদ্য , অধিক টেঙা, অধিক তিতা আৰু জাংক ফুড সেৱন কম কৰিব লাগে। লগতে বাহিৰৰ মচলা যুক্ত খাদ্য আৰু পানী খোৱাৰ পৰা দূৰত থাকিব লাগে। নহ'লে বিভিন্ন ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে।
গ্ৰীষ্মকালত এইবোৰ সেৱন কৰিব লাগে :
• তৰমুজ
গ্ৰীষ্মকালত তৰমুজৰ দৰে ফল খাব লাগে য’ত বেছিভাগেই পানী থাকে। ই শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিয়ে আৰু শীতলতা প্ৰদান কৰে। তৰমুজত ভিটামিন চি আৰু এ আদি পুষ্টিকৰ উপাদানও থাকে। ইয়াৰ উপৰিও ইয়াত পটাছিয়াম থাকে যিয়ে শৰীৰত ইলেক্ট্ৰলাইট ৰখাত সহায় কৰে।
• তিঁয়হ
সিঁয়হ এবিধ হাইড্ৰেটিং খাদ্য যিটো পানীৰে ভৰপূৰ আৰু ইয়াক সেৱন কৰিলে আপুনি বেছি সজীৱতা লাভ কৰে । ই আপোনাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে।
• নাৰিকল পানী আৰু নেমুৰ চৰ্বত
গৰমৰ দিনত নাৰিকল পানী শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম আদি ইলেক্ট্ৰলাইট থাকে। ই গ্ৰীষ্মকালত ঘামৰ ৰূপত তৰল পদাৰ্থ ক্ষয়ৰ পৰা শৰীৰক ৰক্ষা কৰে আৰু শৰীৰক পানীৰ অভাৱ হ'বলৈ নিদিয়ে লগতে শৰীৰ শীতল আৰু নিৰোগী কৰি ৰাখে। লগতে নেমুৰ চৰ্বতত ভিটামিন চি থাকে যি শীতলতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু দেহৰ দূষিত পদাৰ্থ বাহিৰ কৰে।
• পদিনা
পদিনা এক সতেজ উপাদান আৰু ই শৰীৰত শীতল প্ৰভাৱ পেলায়। ই শৰীৰত হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু প্ৰদাহ কমোৱাতো সহায় কৰে। পদিনা চালাড, পানীয় বা চাটনি আদিত মিহলাই খাব লাগে।
• দৈ
টেঙা নোহোৱা তিনি-চাৰি দিনৰ দৈত প্ৰ’বায়’টিক থাকে যিবোৰ ভাল বেক্টেৰিয়া আৰু পাচনতন্ত্ৰৰ বাবে উপকাৰী। শৰীৰৰ তাপ কমোৱা, প্ৰদাহ কমোৱা আৰু পেটৰ লগত জড়িত সমস্যা কমোৱাত ই সহায়ক। ইয়াক জলপান হিচাপে খাব পাৰি বা চালাডত মিহলাই খাব পাৰি।
গ্ৰীষ্মকালত এইবোৰ সেৱন নকৰিব :
• অধিক টেঙা আৰু ভজা খাদ্য
অধিক টেঙা আৰু ভজা খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায় আৰু পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে, গতিকে এইবোৰ পৰিহাৰ কৰক।
• সুৰা
মদ্যপান কৰিলে শৰীৰত পানীৰ অভাৱ হয় আৰু শৰীৰৰ উষ্ণতাও বৃদ্ধি পায়, সেয়েহে ইয়াক পৰিহাৰ কৰক।
• কফি
কফিয়ে দেহৰ গৰম বঢ়াই তোলে আৰু শৰীৰত পানীৰ অভাৱ ঘটাব পাৰে, গতিকে ইয়াক অতিৰিক্তভাৱে সেৱন নকৰিব।
• চেনিযুক্ত পানীয়
আপুনি গ্ৰীষ্মকালত এনাৰ্জি ড্ৰিংকছ, কল্ড ড্ৰিংকছ বা ছ’ডা আদি চেনিযুক্ত পানীয় সেৱন কৰিব নালাগে কাৰণ ই শৰীৰত পানীৰ অভাৱ ঘটায় আৰু লগতে তেজত চেনিৰ মাত্ৰাও দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে।
শেষত গ্ৰীষ্মকালত খাদ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। গতিকে যিকোনো বস্তু খোৱাৰ আগতে নিশ্চিতভাৱে জানি লওক যে ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰত কি প্ৰভাৱ পৰিব যাতে ই শৰীৰৰ ক্ষতি নকৰে।