Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

ভিটামিন বি ১২ৰ অভাৱৰ বাবে শৰীৰত এই বিপজ্জনক ৰোগবোৰ হয়। যৌৱন কালছোৱাত এনে ৰোগ বিকশিত হ’বলৈ আৰম্ভ কৰে

ভিটামিন বি ১২ৰ অভাৱৰ বাবে শৰীৰত এই বিপজ্জনক ৰোগবোৰ হয়। যৌৱন কালছোৱাত এনে ৰোগ বিকশিত হ’বলৈ আৰম্ভ কৰে।



( অপূৰ্ব দাস )

ভিটামিন বি ১২ৰ অভাৱত শৰীৰত বিভিন্ন ৰোগ হয়। স্মৃতিভ্ৰংশ, ৰক্তহীনতা ,হাড় আৰু পেটৰ লগত জড়িত ৰোগ বিকশিত হ’বলৈ আৰম্ভ কৰে। ভিটামিন বি ১২ৰ অভাৱ হ’লে কি কি সমস্যা হয় জানো আহক-




শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন বি ১২ অতি প্ৰয়োজনীয়। নিৰামিষভোজী লোকৰ শৰীৰত প্ৰায়ে ভিটামিন বি ১২ৰ অভাৱ দেখা যায়। কিন্তু দীৰ্ঘদিন ধৰি ভিটামিন বি ১২ৰ অভাৱত বহুতো বিপদজনক ৰোগ হ’ব পাৰে। ভিটামিন বি১২ আমাৰ মগজু আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। এইবিধ ভিটামিনে শৰীৰৰ ৰক্তকণিকা বৃদ্ধিত সহায় কৰে। যদি শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয়, তেন্তে শৰীৰত যৌৱনৰ পৰা বৃদ্ধাৱস্থালৈকে বিভিন্ন ৰোগ হৈ থাকে।





ভিটামিন বি-১২ৰ অভাৱত হোৱা ৰোগ সমূহ:


• ৰক্তহীনতা

ভিটামিন বি-১২ৰ অভাৱত ৰক্তহীনতাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আচলতে ভিটামিন বি-১২ৰ অভাৱৰ বাবে শৰীৰত ৰক্তকণিকাৰ উৎপাদন কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে হিম’গ্লবিন কমি যায় আৰু আপুনি ৰক্তহীনতাৰ বলি হয়। গতিকে ভিটামিন বি ১২ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।

• ডিমেনচিয়া

সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে পাহৰি যোৱা ৰোগ আৰম্ভ হয়। কিন্তু শৰীৰত ভিটামিন বি ১২ৰ অভাৱৰ বাবে এই ৰোগ যৌৱনতো নিজেই দেখা দিয়ে। ভিটামিন বি ১২ৰ অভাৱত মগজুত প্ৰভাৱ পৰে, যাৰ ফলত বহুতো মানসিক ৰোগ হ’বলৈ আৰম্ভ কৰে। ভিটামিন বি ১২ৰ অভাৱত চিন্তা আৰু বুজাৰ ক্ষমতাত প্ৰভাৱ পৰে আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হয়।





• গাঁঠি আৰু হাড়ৰ বিষ

ভিটামিন বি ১২ৰ অভাৱত আমাৰ সমগ্ৰ শৰীৰৰ কাম-কাজত প্ৰভাৱ পৰে। ভিটামিন বি ১২ৰ অভাৱত হাড়ৰ বিষ বৃদ্ধি পায়। ইয়াৰ ফলত হাড়ৰ লগত জড়িত সমস্যা যেনে কঁকালৰ বিষ আৰু ভৰিৰ তলুৱাত বিষ হয়। 

• স্নায়ুতন্ত্ৰৰ ক্ষতি

শৰীৰত ভিটামিন বি ১২ৰ অভাৱত স্নায়ুতন্ত্ৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ বাবে শৰীৰৰ সকলো অংগলৈ তেজৰ যোগানো কমকৈ হয়। ভিটামিন বি ১২ৰ অভাৱত স্নায়ুতন্ত্ৰৰ ক্ষতি হৈ দেহ দুৰ্বল, ভাগৰ, অলপ কাম কৰিলেই বিষ আৰু কঁপনি উঠা হয় আৰু গোটেই জীৱন এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।



• পেটৰ সমস্যা

ভিটামিন বি ১২ৰ অভাৱৰ বাবেও দীৰ্ঘদিনীয়া পেটৰ ৰোগ হ’ব পাৰে। য’ত পেটৰ লগত জড়িত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও ভিটামিন বি-১২ৰ অভাৱৰ বাবেও কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে। 


• গৰ্ভাৱস্থাত সমস্যা

ভিটামিন বি ১২ৰ অভাৱত গৰ্ভধাৰণত অসুবিধা হব পাৰে। কেতিয়াবা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো গৰ্ভপাতৰ আশংকা বৃদ্ধি পায়। ভিটামিন বি-১২ৰ অভাৱেও শিশুৰ বৃদ্ধি বেয়া হোৱাৰ লগতে জন্মৰ সময়ত সমস্যাৰ কাৰণ হ’ব পাৰে।

• নখ, ছাল , চুলিত সংক্ৰমণ

শৰীৰত দীৰ্ঘদিন ধৰি ভিটামিন বি ১২ৰ অভাৱ থাকিলে ছালৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত ছালৰ সংক্ৰমণ হ’ব পাৰে। ঘাঁ ভাল হ’বলৈ সময় লাগে আৰু চুলিও দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে। কিছুমান মানুহৰ নখৰ লগত জড়িত সমস্যাও হ’ব পাৰে।


• অন্যান্য ৰোগ

শৰীৰত ভিটামিন বি-১২ৰ অভাৱ হ’লে ভাগৰুৱা, দুৰ্বল, খিংখিঙীয়া হয়। ইয়াৰ বাহিৰেও হাত-ভৰিত কঁপনি অনুভৱ হয়। অত্যধিক জঠৰতাও ভিটামিন বি-১২ৰ অভাৱৰ লক্ষণ। মুখৰ ঘা, কোষ্ঠকাঠিন্য নাইবা কাৰোবাৰ ক্ষেত্ৰত ডায়েৰিয়া আদিও ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.