Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

এদিনত কিমানবাৰ প্ৰস্ৰাৱ কৰিব লাগে? কম বা বেছি প্ৰস্ৰাৱ কৰাটো কি ৰোগৰ কাৰণ? জানিবলৈ পঢ়িব

এদিনত কিমানবাৰ প্ৰস্ৰাৱ কৰিব লাগে? কম বা বেছি প্ৰস্ৰাৱ কৰাটো কি ৰোগৰ কাৰণ? জানিবলৈ পঢ়িব।



( অপূৰ্ব দাস )


 আজি আপোনালোকক জনাম যে এদিনত কিমানবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক আৰু জনাম যে কম বা বেছিকৈ প্ৰস্ৰাৱ কৰাটো কি ৰোগৰ কাৰণ । 


আপুনি কেতিয়াবা ভাবিছেনে দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰিব লাগে? হয়, আপুনি হয়তো এই কথাটোত প্ৰায়েই গুৰুত্ব দিয়া নাই। আপোনালোকক কওঁ যে অত্যধিক আৰু কম প্ৰস্ৰাৱ কৰাটো কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। 
সাধাৰণতে প্ৰস্ৰাৱ কৰাটো নিৰ্ভৰ কৰে আপুনি দিনটোৰ ভিতৰত কিমান পানীয় খায় তাৰ ওপৰত। ইয়াৰ উপৰিও কেতিয়াবা প্ৰস্ৰাৱ শৰীৰৰ আকাৰ, হাইড্ৰেচনৰ মাত্ৰা, ব্যায়াম, চিকিৎসাৰ অৱস্থা আৰু দৈনন্দিন কাৰ্য্যকলাপৰ ওপৰতো নিৰ্ভৰ কৰে।





বিশেষজ্ঞসকলৰ মতে, এজন সুস্থ ব্যক্তি যদি দুঘণ্টাৰ পৰা আঢ়ৈ ঘন্টাত ৬ বাৰকৈ প্ৰস্ৰাৱ কৰিবলৈ যায় তেন্তে সেয়া স্বাভাৱিক। কিন্তু যদি আপুনি এদিনত ইয়াতকৈ কম বা বেছিকৈ প্ৰস্ৰাৱ কৰিবলৈ যায় তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া উচিত । 






সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ কি হ’ব পাৰে?

এজন সুস্থ ব্যক্তিয়ে দিনটোত ৪ৰ পৰা ১০ বাৰলৈকে প্ৰস্ৰাৱ কৰিবলৈ যাব পাৰে। কিন্তু যিকোনো এটা দিনত কম বা বেছি পৰিমাণে প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক নহয়।  

আপুনি কিমান প্ৰস্ৰাৱ কৰে সেয়া আপোনাৰ বয়স, ঔষধ, ডায়েবেটিছ, মূত্ৰাশয়ৰ আকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে।  

কিছুমান বিশেষ অৱস্থা, যেনে গৰ্ভাৱস্থা আৰু মুত্ৰৰ সংক্ৰমণ হ'ব পাৰে । গৰ্ভাৱস্থাত এগৰাকী মহিলাই বৃদ্ধি পোৱা ভ্ৰুণৰ ফলত মূত্ৰাশয়ত চাপ পৰে, লগতে তৰল পদাৰ্থৰ পৰিৱৰ্তনৰ বাবে কেইবাবাৰো প্ৰস্ৰাৱ কৰিবলৈ যায়।




ডায়েবিটিছ :

 যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে তেজত অতিৰিক্ত চেনি থাকিলে তৰল পদাৰ্থ বৃদ্ধি পায়, যাৰ ফলত আপুনি বেছিকৈ প্ৰস্ৰাৱ কৰে।


 হাইপাৰকেলচিয়াম : 

শৰীৰত কেলচিয়ামৰ মাত্ৰা অসন্তুলিত হ’লে ই আপোনাৰ শৰীৰৰ প্ৰস্ৰাৱৰ প্ৰবাহত প্ৰভাৱ পেলাব পাৰে।


 চিকেল চেল এনিমিয়া :

এই অৱস্থাত বৃক্কৰ কাৰ্য্য আৰু প্ৰস্ৰাৱৰ ঘনত্ব প্ৰভাৱিত হয়। যাৰ বাবে এই ৰোগত আক্ৰান্ত লোকসকলে সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয়।

প্ৰস্ৰাৱৰ সংক্ৰমণ :

 ইউটিআই হৈছে এনে এক সমস্যা যিয়ে আপোনাৰ প্ৰস্ৰাৱ কৰাটো কমাই দিয়ে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ সমস্যা বেছি। ইয়াত আপুনি প্ৰস্ৰাৱ কৰিলেও তৎক্ষণাত প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।


 প্ৰষ্টেট গ্ৰন্থি :

 পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিত সংক্ৰমণ হ'লে সঘনাই প্ৰস্ৰাৱ কৰাৰ অৱস্থাটো দেখা দিয়ে। যেতিয়া প্ৰষ্টেট বৃদ্ধি পায় তেতিয়া ই আপোনাৰ মূত্ৰাশয়ৰ পৰা প্ৰস্ৰাৱৰ প্ৰবাহ বন্ধ কৰি দিব পাৰে, যাৰ ফলত প্ৰস্ৰাৱ কৰাৰ পিছতো আপুনি খালী অনুভৱ নকৰে।  

ইয়াৰ বাহিৰেও হৃদযন্ত্ৰৰ সমস্যা, উচ্চ ৰক্তচাপ বা বৃক্ক বিকল হোৱা লোকে গ্ৰহণ কৰা ঔষধ স্বাভাৱিকতকৈ বেছিকৈ প্ৰস্ৰাৱ কৰাৰ বাবে দায়ী।

কমকৈ প্ৰস্ৰাৱ আৰু বিষ হোৱাৰ অন্য কাৰণ:

বৃক্কৰ ৰোগ বা বৃক্ষত ষ্টোন হ'লেও কমকৈ প্ৰস্ৰাৱ হ'য় আৰু প্ৰস্ৰাৱ কৰা সময়ত বিষ অনুভৱ কৰে।
এনে সমস্যা হ'লে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। ঘৰুৱা চিকিৎসা হিচাপে পাতে গজাৰ ৰস সেৱন কৰা উচিত। কিছুমান ক্ষেত্ৰত ঘৰুৱা চিকিৎসা ফলপ্ৰসূ নহয়।


অধিক পানী খোৱাৰ ফল :

 সাধাৰণতে দৈনিক ২ৰ পৰা ৩ লিটাৰ পানী খোৱাটো বাঞ্ছনীয়। কিন্তু যিসকল লোকে এই সীমাতকৈ অধিক পানী খায় তেওঁলোকৰ প্ৰস্ৰাৱৰ উৎপাদন আৰু কম্পাঙ্ক বৃদ্ধি হ’ব পাৰে।





 সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ কি হ’ব পাৰে?

 এজন সুস্থ ব্যক্তিয়ে দিনটোত ৪ৰ পৰা ৮ বাৰলৈকে প্ৰস্ৰাৱ কৰিবলৈ  যাব পাৰে। কিন্তু যিকোনো এটা দিনত কম বেছি পৰিমাণে প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক নহয়। আপুনি কিমান প্ৰস্ৰাৱ কৰে সেয়া আপোনাৰ বয়স, ঔষধ, ডায়েবেটিছ, মূত্ৰাশয়ৰ আকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান বিশেষ অৱস্থা যেনে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ পিছৰ সপ্তাহবোৰে প্ৰস্ৰাৱত প্ৰভাৱ পেলায়। গৰ্ভাৱস্থাত এগৰাকী মহিলাই বৃদ্ধি পোৱা ভ্ৰুণৰ পৰা মূত্ৰাশয়ৰ চাপৰ লগতে তৰল পদাৰ্থৰ পৰিৱৰ্তনৰ বাবে কেইবাবাৰো প্ৰস্ৰাৱ কৰিবলৈ যায়।

লগাতকৈ অধিক পানী খোৱা:

 সাধাৰণতে দৈনিক ২ৰ পৰা ৩ লিটাৰ পানী খোৱাটো বাঞ্ছনীয়। কিন্তু যিসকল লোকে এই সীমাতকৈ অধিক পানী খায় তেওঁলোকৰ প্ৰস্ৰাৱৰ উৎপাদন আৰু কম্পাঙ্ক বৃদ্ধি হ’ব পাৰে। এনে ক্ষেত্ৰত বৃক্ষৰ সমস্যা হোৱা দেখা যায়।

প্ৰস্ৰাৱ কমকৈ আৰু বেছিকৈ কৰাটো আপুনি অসুস্থ হোৱাৰ লক্ষণ। যেতিয়াই আপুনি অনুভৱ কৰে যে অত্যধিক প্ৰস্ৰাৱ বা কমকৈ প্ৰস্ৰাৱ আহে আৰু ইয়ে আপোনাৰ জীৱনৰ মানদণ্ডত প্ৰভাৱ পৰিছে, তেতিয়াই চিকিৎসকৰ ওচৰলৈ যোৱাত পলম নকৰিব। ইয়াৰ বাহিৰেও যদি কেতিয়াবা প্ৰস্ৰাৱত তেজ, প্ৰস্ৰাৱৰ ৰং সলনি, প্ৰস্ৰাৱত ফেন অহা বা অস্বাভাৱিক গোন্ধ পায়, তেন্তে ইয়াক আওকাণ নকৰিব আৰু পোনপটীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.