Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

ফলৰ লগতে মধুৰী আমৰ পাতও অতি উপকাৰী, ইয়াৰ সেৱন এই ৰোগ নিৰাময় কৰে

ফলৰ লগতে মধুৰী আমৰ পাতও অতি উপকাৰী, ইয়াৰ সেৱন এই ৰোগ নিৰাময় কৰে।




By Good Assam 


সুস্বাস্থ্য বজাই ৰখাৰ আটাইতকৈ সহজ আৰু উত্তম উপায় হ’ল খাদ্য তালিকাত পুষ্টিকৰ বস্তু অন্তৰ্ভুক্ত কৰা। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে সকলো মানুহেই নিয়মিতভাৱে সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূল সেৱন কৰিব লাগে । দৈনিক অন্ততঃ এটা ফল খাব লাগে। এই লেখাটোত যি ফলৰ কথা ক’ম, সেই ফল স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী বুলি কোৱা হৈছে। সেই ফলটো হৈছে মধুৰী আম।



 মধুৰী ফল উপকাৰী আৰু ইয়াৰ পাত বহু স্বাস্থ্য উপকাৰৰ বাবেও ব্যৱহাৰ কৰে । এই ফল আৰু পাতত ভিটামিন চি আৰু পটাছিয়ামকে ধৰি পুষ্টিকৰ উপাদান থাকে, যিয়ে আপোনাৰ হৃদযন্ত্ৰ, হজম শক্তি আৰু শৰীৰৰ অন্যান্য ব্যৱস্থাক সহায় কৰে।

 ইয়াৰ পাত বনৌষধি চাহ হিচাপেও বছৰ বছৰ ধৰি ব্যৱহাৰ কৰা হৈছে। মধুৰী ফলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰ থাকে, ইয়াৰ নিয়মীয়া সেৱনে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক খালে এনিমিয়া অৰ্থাৎ ৰক্ত হীনতাও দূৰ কৰে।


মধুৰীআম খোৱাটো অতি উপকাৰী :

 খাদ্য বিশেষজ্ঞসকলে কয় যে, এই ফলত উপস্থিত থকা ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টসমূহে কেৱল বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাই নহয় ভিটামিন চি প্ৰচুৰ পৰিমাণে থকা এই ফলটোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ভিটামিন চি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু শৰীৰক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, যাৰ ফলত প্ৰদাহৰ সম্ভাৱনাও হ্ৰাস পায়।

 মধুৰীআম খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক -

• হজমৰ বাবে উপকাৰী

 মধুৰীত বহু পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয়। ই ডায়েৰিয়াৰ পৰা সকাহ দিয়াত সহায় কৰে আৰু অন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ পাতৰ ৰস আৰু ফলে অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু হজমৰ বাবে উপকাৰী।

 অধ্যয়নত দেখা গৈছে যে মধুৰীৰ পাতৰ ৰস এন্টিমাইক্ৰ’বিয়াল। অৰ্থাৎ ই আপোনাৰ পেটত থকা ক্ষতিকাৰক বীজাণু কম কৰিব পাৰে যিয়ে ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে।






• হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী ফল :

 হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে মধুৰী ফল আৰু পাতৰ ৰস উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত পটাছিয়াম থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক। ই এনে এবিধ ফল যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি হৃদৰোগৰ আশংকাৰ পৰা ৰক্ষা কৰে। নিয়মিত মধুৰী ফল বা পাতৰ ৰস সেৱনে ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে।

 ফলৰ লগতে ৫/৬ খন পিহি লোৱা পাতৰ ৰস বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰাত উপকাৰী বুলিও পোৱা গৈছে।


• ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী

 মধুৰীত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেইবাটাও টেষ্ট-টিউব আৰু পশুৰ ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে মধুৰীৰ পাতৰ ৰসেও তেজৰ চেনিৰ মাত্ৰা কম কৰিব পাৰে, দীৰ্ঘম্যাদীভাৱে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ইনচুলিন ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 আন এক অধ্যয়নত দেখা গৈছে যে খাদ্য খোৱাৰ পিছত মধুৰী পাতৰ ৰস খালে তেজত চেনিৰ মাত্ৰা হ্ৰাস পায়। 


• যৌন দুৰ্বলতা দূৰ কৰে:

ইয়াৰ পাতৰ ৰস বা ফল সেৱন কৰিলে যৌন দুৰ্বলতা দূৰ কৰে। কুমলীয়া আগ ৪/৫ টা পিহি গাখীৰৰ লগত খালে যৌন দুৰ্বলতা দূৰ হয়।
২ চামুচ পিয়াঁজৰ ৰসৰ লগত এই ফল প্ৰতিদিনে ২ টাকৈ সেৱন কৰিলেও বহু পৰিমাণে সুফল লাভ কৰে। 


• এইবোৰ ৰোগো দূৰ কৰে 

মধুৰী আমৰ পাতৰ ৰস সেৱনে কেন্সাৰ, ডায়েবেটিচ, গ্ৰহণী, ডায়েৰিয়া, হৃদযন্ত্ৰৰ সমস্যা আদিও দূৰ কৰিব পাৰে। ইয়াৰ পাতৰ ৰস সেৱনে ৰক্ত পৰিস্কাৰ কৰি ৰক্ত বঢ়ায় আৰু স্মৃতি শক্তিও বৃদ্ধি কৰে।
৮/১০ টা মধুৰী আমৰ পাত গুড়ি কৰি ৪ কাপ পানীত উতলাই ২ কাপ হ'লে এই পানী চেকি পান কৰিলে এইবোৰ ৰোগ দূৰ হয়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.