By Good Assam
বৰ্তমান এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীৰ সংখ্যা অতি বেছি। বহুতৰ ঘৰত এণ্ড্ৰইড স্মাৰ্টফোনহে পাব। সময়ৰ লগে লগে এণ্ড্ৰইড ফোনত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়, তাৰ ভিতৰত এটা হ’ল লেহেমীয়া চাৰ্জিং। এণ্ড্ৰইড স্মাৰ্টফোনৰ চাৰ্জিং কেতিয়াবা লেহেমীয়া হৈ পৰে যাৰ বাবে আমি বুজি নাপাও যে এইটো কেনেকৈ হ’ল। ইয়াৰ বাবে আমি বহুবাৰ সেৱা কেন্দ্ৰ আৰু দোকানলৈ যাওঁ।
লেহেমীয়া চাৰ্জিঙৰ কাৰণবোৰ কি কি?
সাধাৰণতে দুৰ্বল বা ত্ৰুটিপূৰ্ণ শক্তিৰ উৎস, বেতাঁৰ চাৰ্জিং বা চাৰ্জিং পৰ্টত মলিৰ বাবে স্মাৰ্টফোনৰ চাৰ্জিং লেহেমীয়া হব পাৰে। ইয়াৰ উপৰিও চাৰ্জিং কৰি থকাৰ সময়ত ফোনটো ব্যৱহাৰ কৰাৰ বাবেও চাৰ্জিং লেহেমীয়া হ’ব পাৰে আনকি বেকগ্ৰাউণ্ডত এপসমূহ খোলা থাকে বাবেও এনে হ'য়। পুৰণি বেটাৰী হ'লেও এনে সমস্যা হয় আৰু উষ্ণতা বৃদ্ধি হয়।
কেতিয়াবা চফট্ ৱেৰ আপডেটৰ বাবেও চাৰ্জিঙৰ সমস্যা হ’ব পাৰে। যদি চফট্ ৱেৰত ভাইৰাছ থাকে, তেন্তে বেটাৰীত প্ৰভাৱ পেলাব পাৰে। চাৰ্জিং লেহেমীয়া হোৱাৰ আন এটা কাৰণ হৈছে আপুনি চাৰ্জ কৰা চাৰ্জাৰটোৰ বা পাৱাৰ চাপ্লাইৰ সমস্যা থাকিব পাৰে।