By Good Assam
কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) শেহতীয়াকৈ ৫৩ বিধ ঔষধৰ সতৰ্কবাণী জাৰি কৰিছে। জানিব পৰা মতে, পেৰাচিটামলকে ধৰি ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল হৈছে।
যদি আপুনি জ্বৰ বা বিষ হ’লে লগে লগে পেৰাচিটামল সেৱন কৰে, তেন্তে সাৱধান হওক। ড্ৰাগছ নিয়ন্ত্ৰক কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে শেহতীয়াকৈ ড্ৰাগছ এলাৰ্ট জাৰি কৰিছে। ইয়াত পেৰাচিটামলকে ধৰি ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে। এই ঔষধসমূহৰ ভিতৰত কেলচিয়াম আৰু ভিটামিন ডি ৩ পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী বড়ি আৰু উচ্চ ৰক্তচাপৰ ঔষধো আছে। এই প্ৰতিবেদনে সাধাৰণ মানুহৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে।
চিডিএছচিঅ’ই এই ৫৩বিধ ঔষধক নট অৱ ষ্টেণ্ডাৰ্ড ক্বালিটি (এনএছকিউ) এলাৰ্ট হিচাপে ঘোষণা কৰিছে। ৰাজ্যিক ড্ৰাগছ বিষয়াসকলে কৰা ৰেণ্ডম মাহেকীয়া নমুনা সংগ্ৰহৰ পৰা এন এছ কিউ সতৰ্কবাণী সৃষ্টি কৰা হয়। গুণগত মান পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ঔষধসমূহৰ ভিতৰত আছে ভিটামিন চি আৰু ডি৩ টেবলেট শ্বেলকাল, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি চফ্টজেল, গেষ্ট্ৰীকৰ ঔষধ পান-ডি, পেৰাচিটামল টেবলেট আই পি ৫০০ মিলিগ্ৰাম, ডায়েবেটিছৰ ঔষধ গ্লাইমপিৰাইড ইত্যাদি।
এইবোৰ কোম্পানীয়ে তৈয়াৰ কৰা ঔষধ ব্যৱহাৰ নকৰিব -
এই ঔষধসমূহ হেটেৰ’ ড্ৰাগছ, আলকেম লেবৰেটৰীজ, হিন্দুস্তান এন্টিবায়টিকছ লিমিটেড, কৰ্ণাটক এন্টিবায়টিকছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড, মেগ লাইফছায়েন্সেছ আৰু পিউৰ এণ্ড কিউৰ হেল্থকেয়াৰ আদি কোম্পানীয়ে প্ৰস্তুত কৰে।
পেটৰ সংক্ৰমণৰ বাবে বহুলভাৱে ব্যৱহৃত মেট্ৰনিডাজ’ল ঔষধো গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে। এই ঔষধ পি এছ ইউ কোম্পানী হিন্দুস্তান এন্টিবায়টিক লিমিটেডে প্ৰস্তুত কৰে।