Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

মাহ-প্ৰসাদ আমি কিয় খাব লাগে ? জানো আহক ইয়াৰ ঔষধি গুণ

মাহ-প্ৰসাদ আমি কিয় খাব লাগে ? জানো আহক ইয়াৰ ঔষধি গুণ।





ধনেশ্বৰ হুজুৰি

পাঁচশ পঞ্চাশ বছৰ আগতে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিৰ ধৰ্মীয় অনুষ্ঠান নামঘৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। নামঘৰত ভকত বৈষ্ণৱক একত্ৰিত কৰি হৰি নাম ধ্বনিৰে মুখৰিত কৰিছিল।

এই নামঘৰত যিকোনো ধৰ্মীয় অনুষ্ঠান্ত, সকাম নিকামত মাহ-প্ৰসাদৰ এখন শৰাই বা নৈবেদ্য দিয়া এটা পৰম্পৰা বা ধৰ্মীয় নীতি। মাহ প্ৰসাদৰ শৰাই এখন আগবঢ়াই ভকত বৈষ্ণৱৰ আশিৰ্বাদ লোৱাৰ বাবে সেৱা ধৰা হয়।

এনেদৰে আগবঢ়োৱা মাহ প্ৰসাদৰ শৰাই ভাগিত আছে অসমীয়া জাতীয় জীৱনৰ সমাজ নীতি, কৃষিনীতি, নৈতিকতাৰ আদৰ্শ আৰু খাদ্য নীতিৰ এক সুন্দৰ বিজ্ঞানসন্মত সমাহাৰ।





এই শৰাইত সাধাৰণতে থাকে গোটা মগুমাহ, ফলা মগুমাহ, বুট মাহ, আৰৈ বা আলা চাউল, মিহিকৈ কুটা আদা, মিহিকৈ কুটা নাৰিকল। ফলমূলৰ ভিতৰত দিয়া হয়-পকা কল, মাটি কঠাল, কুহিয়াৰ, আপেল, কমলাটেঙা, তিয়ঁহ, কেঁচা কঠাল, মধুৰীআম, আম, নাচপতি আদি নানা ধৰণৰ ফল উপকৰণ হিচাপে দিয়া হয়। উপকৰণ হ’ল কিছুমান ঔষধি গুণসম্পন্ন ফলমুল। যিবোৰত আছে মানৱ দেহৰ লাগতিয়াল পুষ্টি সাধনৰ গুণ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। যিবোৰে মানুহৰ শৰীৰৰ পুষ্টি বঢ়ায়, সুস্বাস্থ্যৰ অধিকাৰী হোৱাত বিশেষ সহায় কৰে। সুস্থ দেহৰ অধিকাৰী হ’ব পাৰে।

নৈবদ্যত আগবঢ়োৱা প্ৰসাদত থকা ঔষধি গুণবোৰ এনেধৰণৰ-

মগুমাহ

মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্তনাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে।

বুটমাহ

বুটমাহ হৈছে শক্তি বৰ্দ্ধক। বুট আৰু মগুমাহত উচ্চ মত্ৰাত প্ৰোটিন থাকে। ইয়াৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কাৰক, বাত-বিষ নিবাৰক। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ে। বুট মাহত বিশেষকৈ ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। সৰুতে আমাক আয়ে ৰাতি পাত্ৰত বুট তিয়াই তাৰ পানী ৰাতিপুৱা খাবলৈ দিছিল। ইয়াৰ কাৰণ আছিল বুট তিওৱা পানী খালে শক্তি বৃদ্ধি হয়, মুখৰ ৰ্ং উজ্জ্বল হয় আৰু ছালৰ সৌন্দৰ্য বাঢ়ে।

আৰৈ চাউল

ই হজম শক্তি বৃদ্ধি কৰে। অম্ল ৰোধকাৰী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আগতে মানুহে মাহ প্ৰসাদৰ উপৰি ৰাতিপুৱা আৰৈ চাউল আৰু দুবৰি বনৰ ৫ টা আগ চোবাই খাইছিল।। ইয়াৰ দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হৈছিল। আমাক সৰুতে গধুলি আৰৈ চাউল বা আহু চাউল তিয়াই থৈ শুকান নাৰিকল সৰু সৰুকৈ কাটি তাত অকণমান নিমখ দি খাবলৈ দিছিল। এনেদৰে চাউল নাৰিকল চোবাই খোৱাৰ ফলত দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ কিছু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে।

নাৰিকল

মাহ প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। পূজা পাৰ্বন আদিতো নাৰিকল অপৰিহাৰ্য। বৈষ্ণো মাতা মন্দিৰত আকৌ নাৰিকল প্ৰসাদ হিচপে আগ বঢ়োৱাৰ নিয়ম। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল।

নাৰিকল গুৰুপাকী, পুষ্টিকাৰক আৰু শীত বীৰ্জ গুণ সম্পন্ন। ই পিত্তজনিত ৰোগ নাশ কৰে।

কল

কল খালে বল হয়। পকা কলত থাকে ক, খ, গ ভিটামিন আৰু ‘নিয়াচিন’ নামৰ এবিধ পদাৰ্থ। কলত থাকে কাৰ্বোহাইড্ৰেট আৰু কেলচিয়াম। কল হজমকাৰী, সুস্বাদু ফল। কল শুক্ৰবৰ্দ্ধক, বলকাৰক আৰু ই খোৱাৰ ৰুচি বৃদ্ধি কৰে।

কলৰ বহুতো ঔষধি গুণ আছে। ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক। চৰ্বি বৃদ্ধি কৰাত কল বিশেষ সহায়ক হয় বুলি কোৱা হৈছে। গতিকে মাহ প্ৰসাদৰ শৰাইখনত কল নহ’লে উপকৰণ সম্পূৰ্ণ নহয়। শৰাই এখনি আগবঢ়াবলৈ হ’লে কল অপৰিহাৰ্য।

আদা

আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। ই গুৰু, তীক্ষ্ণবীৰ্য, বাত, কফ, পিত্ত নাশকাৰক, উত্তম ঔষধি গুণ থকা মছলাজাতীয় দ্ৰব্য। আদাই হজম শক্তি বৃদ্ধি কৰে। সেয়েহে কেতিয়াবা পেটৰ অসুখ হ’লে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, পাণ্ডু ৰোগ বাত বিষ, দাঁতৰ বিষ, দাঁত ফুলা আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়।

নিমখ

নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ বা চেনি মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে।

তিয়ঁহ

মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। তিয়ঁহ বমি নাশক এবিধ উত্তম ঔষধি গুণ সম্পন্ন খাদ্য। সহজলভ্য তিয়ঁহ পাচলি ৰুপেও ব্যৱহাৰ কৰা হয়। তিয়ঁহত পানীৰ পৰিমাণ অধিক থাকে।

কুহিয়াৰ

কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ হয়। মাহ-প্ৰসাদৰ শৰাইত দিয়া উপকৰণৰ কথাহে ইয়াত উল্লেখ কৰা হৈছে। বাকী দামী উপকৰণ, যিবোৰ সৰ্বসাধাৰণ ৰাইজে সহজতে যোগাৰ কৰিব নোৱাৰে সেইবোৰৰ কথা এৰা হৈছে।

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ হজম শক্তি কমি আহে আৰু কম হজম শক্তিৰে হজম কৰিব পৰা দ্ৰব্যহে মাহ-প্ৰসাদৰ শৰাইত ব্যৱহাৰ কৰা হয়। এই সময়ত বেমাৰ আজাৰৰ পৰা মানুহ মুক্ত হৈ থাকি সুস্থাস্থ্যৰ অধিকাৰী হৈ ভগৱন্ত প্ৰভুৰ গুণ নাম শ্ৰৱন কীৰ্ত্তন কৰিব পাৰে, তাৰ বাবে প্ৰৱৰ্তন কৰা মাহ-প্ৰসাদ হৈছে সুস্বাস্থ্য ৰক্ষাৰ এক বৈজ্ঞানিক আৱিস্কৰ।

সেয়েহে আজিও শ শ বছৰ ধৰি মাহ-প্ৰসাদৰ গুৰুত্ব একেদৰে আছে। মাহ-প্ৰসাদৰ গুৰুত্ব আৰু গুণ উপলব্ধি কৰাটো আজিও প্ৰাস্ংগিক হৈ আছে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.