লিভাৰৰ সমস্যা দূৰ কৰিবলৈ এই পদ্ধতি গ্ৰহণ কৰিব।
( অপূৰ্ব দাস )
যদি চৰ্বিযুক্ত যকৃতৰ সমস্যাটো আগতীয়াকৈ ধৰা পৰে তেন্তে ইয়াক সহজেই থিক কৰিব পাৰি। কিন্তু এই সৰু সমস্যাটো সময়মতে ধৰা নপৰিলে মাৰাত্মক হৈ পৰে। এনে অৱস্থাত জানি লওক যকৃত সুস্থ কৰি ৰখাৰ উত্তম উপায়।
শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হৈছে যকৃৎ।
ই প্ৰায় ১.৫ কিলোগ্ৰাম ওজন। বেছিভাগ পুষ্টিৰ ভড়াল হৈছে লিভাৰ। লিভাৰে শৰীৰক বিষমুক্ত কৰে।
যকৃতৰ সমস্যা হ'লে কেনে ধৰণৰ লক্ষণ দেখা দিয়ে?
• দুৰ্বল অনুভৱ কৰিব
• বমি বমি লগা
• জ্বৰ জ্বৰ ভাব আহিব পাৰে
• দেহত প্ৰ'টিনৰ অভাৱ
• ভিটামিন বি ১২ ৰ অভাৱ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফৰত নাৰ্ভৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। তেজৰ সমস্যাও হ'ব আৰম্ভ কৰে। তেজ দূষিত হ'য়।
• প্ৰ'টিনৰ অভাৱৰ বাবে যৌন ক্ষমতা কমি যায় আৰু চুলি পকিব বা সৰিব পাৰে। লগতে ছালখনৰ উজ্জ্বলতা নাশ হৈ সোনকালে বয়সৰ চাপ পৰে।
• হজমৰ সমস্যা
• পেটত গেছৰ সমস্যা
• অত্যাধিক এচিডিটি
• চকু আৰু ছাল হালধীয়া হ'ব পাৰে
• টোপনি নোহোৱা সমস্যা
• প্ৰস্ৰাৱ হালধীয়া
• দেহত খুজুলী হ'ব পাৰে
• পেফৰ সোঁফালে বিষ হ'ব পাৰে।
যকৃতৰ সমস্যা - ইয়াৰ কাৰণ কি হ'ব
পাৰে ?
• তেল আৰু নিমখ যুক্ত ভজা খাদ্য খাই থকা
• মছলাযুক্ত খাদ্য খোৱা
• চৰ্বিযুক্ত খাদ্য খোৱা
• জাংক ফুড খোৱা
• চেনি খোৱা
• সুৰা পান কৰা
• কিছুমান ঔষধ যেনে - এণ্টিবায়টিক খোৱা
• তিতা বেছিকৈ খোৱা
• অত্যাধিক মানসিক চাপ
• হেপাটাইটিছ A আৰু Bৰ দ্বাৰা আক্ৰান্ত হ'লে।
হেপাটাইটিছ A পানী আৰু খাদ্যৰ দ্বাৰা বিয়পে। আনহাতে হেপাটাইটিছ B অসুৰক্ষিত যৌন সম্পৰ্ক, চুম্বন , তেজৰ দ্বাৰা বিয়পে।
চৰ্বিযুক্ত যকৃতৰ ৰোগ :
• উচ্চ কলেষ্টেৰল
• মেদবহুলতা
• ডায়েবিটিছ
• থাইৰয়ড
• টোপনিৰ ক্ষতি
• বদহজম বস্তু খাই থকা
যকৃতৰ কাৰ্য্যক্ষমতা কি কি ?
• এনজাইম তৈয়াৰ কৰা
• তেজ ফিল্টাৰ কৰক
• বিষাক্ত পদাৰ্থ আঁতৰাই পেলোৱা
• কলেষ্টেৰল নিয়ন্ত্ৰণ
• হজম শক্তি বজাই ৰাখে
• প্ৰটিন তৈয়াৰ কৰে
• ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
• যৌৱন ধৰি ৰাখে।
যকৃত সুস্থ হৈ থাকিবলৈ - এইবোৰ খাদ্য পৰিহাৰ কৰক -
• চেচুৰেটেড ফেট
• অত্যধিক নিমখ
• অতি মিঠা আৰু তিতা
• প্ৰচেছড খাদ্য আৰু তেলেতীয়া খাদ্য
• কাৰ্বনেটেড পানীয়
• মদ বা সুৰা
যকৃত সুস্থ হৈ থাকিবলৈ কি কৰিব ?
• কম বয়সৰ পৰাই যকৃতৰ যত্ন লওক
• নিৰামিষ খাদ্য খালে যকৃতৰ সমস্যা হ্ৰাস পায়।
• উদ্ভিদ ভিত্তিক খাদ্যৰ দ্বাৰা চৰ্বিযুক্ত যকৃত আৰোগ্য কৰিব পাৰি।
• ১৫ মিলি লিটাৰ ভূমি আমলখি, ৫ মিলি লিটাৰ আমলখি , শিলিখাৰ গুড়ি আধা চামুচ খালে লিভাৰৰ সাধাৰণ ৰোগ দূৰ হয়।
• যদিহে সমস্যা বেছি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।