আদাই দীৰ্ঘদিন ধৰি শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল সোনকালে আঁতৰাই পেলাব পাৰে, মাত্ৰ ব্যৱহাৰৰ পদ্ধতি জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে বহু ৰোগ হ’ব পাৰে, যাৰ সৈতে যুঁজিবলৈ কেৱল ঔষধেই নহয় আদাৰ দৰে এই প্ৰাকৃতিক বস্তুবোৰেও বহুত সহায় কৰিব পাৰে।
আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। যুগ যুগ ধৰি ইয়াক প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰ আছে।
• আদাত থকা এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল গুণ আছে । সেয়েহে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী।
• আদাই পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু গেছ, বদহজম, এচিডিটিৰ সমস্যা হ্ৰাস কৰে।
• ই অন্ত্ৰৰ কাম-কাজ মসৃণ কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিয়ে।
• ই ৰক্ত সঞ্চালন উন্নত কৰে আৰু ধমনীত বন্ধ হৈ থকা কলেষ্টেৰল হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
• ৰক্তচাপ নিয়ন্ত্ৰণতো ই সহায়ক।
• আদা সেৱনে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। আদাই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।
• আদা খালে বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ এক ফলপ্ৰসূ আৰু স্বাভাৱিক উপায় । আদাত থকা এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী, আৰু লিপিড কমোৱা গুণে এল ডি এল (বেয়া কলেষ্টেৰল)ৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। আদা কেনেকৈ খাব তাৰ এটি উপায় তলত দিয়া হ'ল -
আদাৰ লাল চাহ :
আদা লাল চাহত দি খোৱাৰ ফলত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। দিনত দুবাৰকৈ খাব লাগে।
আদা আৰু নহৰুৰ মিশ্ৰণ :
আদা আৰু নহৰু দুয়োটাতে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যিয়ে এল ডি এল কলেষ্টেৰল কমোৱাত সহায় কৰে আৰু এইচ ডি এল (ভাল) কলেষ্টেৰল বৃদ্ধি কৰে।
সতেজ আদা আৰু নহৰু সমান পৰিমাণে পিহি পেষ্ট বনাওক। এই পেষ্টৰ আধা বা ১ চামুচ প্ৰতিদিনে পুৱা খালী পেটত ১ গিলাছ কুহুমীয়া পানীৰে খাব লাগে।
আদাৰ গুড়ি আৰু মৌ :
এই মিশ্ৰণে শৰীৰৰ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। আদাৰ শুকান গুড়ি ১/২ চামুচ মৌৰ খাব লাগে। ইয়াত ১ চামুচ মৌ মিহলাই ৰাতিপুৱা খালী পেটত সেৱন কৰিব লাগে।
আদাৰ ৰস আৰু নেমু :
আদা আৰু নেমুৰ এই মিশ্ৰণে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে।
সতেজ আদাৰ ৰস ১-২ চামুচ ল'ব। তাত ১ বা ২ চামুচ নেমুৰ ৰস দিব। ৰাতিপুৱা বা খাদ্য খোৱাৰ আগতে কুহুমীয়া পানীৰ লগত খাব লাগে।
এনেদৰে আদা আৰু কেঁচা হালধিৰ ৰস মিশ্ৰিত কৰিও খাব পাৰে।
আদা সেৱনৰ উপকাৰিতা :
১) আদাত জৈৱ সক্ৰিয় যৌগ থাকে, যিয়ে শৰীৰত চৰ্বি শোষণ হ্ৰাস কৰাত সহায় কৰে আৰু এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে।
২) আদাই তেজৰ সোঁত উন্নত কৰে আৰু ধমনীত বন্ধ হৈ থকা কলেষ্টেৰল আঁতৰোৱাত সহায় কৰে।
৩) আদাই সেৱনে হৃদযন্ত্ৰৰ ধমনী পৰিষ্কাৰ কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।
৪) আদাই শৰীৰৰ চৰ্বি আঁতৰ কৰাত সহায় কৰে, যাৰ ফলত ওজন হ্ৰাস পায় আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।
৫) আদা পেটৰ হজমৰ সমস্যাও দূৰ কৰে।
৬) আদাৰ ৰস চুলিত লগেই থলে উফি আৰু চুলি সৰা সমস্যা দূৰ কৰে। নতুন চুলি গজাত সহায় কৰে।
সাৱধানতা: ধাতু দুৰ্বলতা ৰোগ থাকিলে আদা, পিঁয়াজ আৰু নহৰু খাব নালাগে।