Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

কেন্সাৰ ৰোগ হোৱাৰ আগতীয়া ১০ টা লক্ষণ

কেন্সাৰ ৰোগ হোৱাৰ আগতীয়া ১০ টা লক্ষণ 



ধুমপান, বিভিন্ন ধৰণৰ ধপাত জাতীয় সামগ্ৰী সেৱন, সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মি, বিভিন্ন ৰাসায়নিক পদাৰ্থ, অতিমাত্ৰা শৰীৰৰ ওজন বৃদ্ধি আদিকে ধৰি বিভিন্ন কাৰণত মানুহৰ শৰীৰ কেন্সাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে এই ৰোগৰ লক্ষণসমূহ ভালদৰে নজনাৰ বাবেই গোটেই শৰীৰত কেন্সাৰ ৰোগৰ কোষবোৰ বিয়পি পৰে। বহু সময়ত শৰীৰত ইমানকৈয়ে বিয়পি পৰে যে চিকিৎসা কৰি আৰোগ্য কৰা সম্ভৱ নহয়গৈ। প্ৰাথমিক পৰ্য্যায়ত ৰোগ নিৰ্ণয় কৰিব পাৰিলে কেন্সাৰ ৰোগ নিৰ্মূল কৰাত সম্ভৱ হৈ উঠে। সেয়েহে কেন্সাৰ ৰোগৰ সতৰ্কীকৰণ লক্ষণসমূহ সকলোৱে জনা উচিত আৰু এই লক্ষণসমূহ অৱহেলা কৰিব নালাগে। এনে লক্ষণসমূহ ধৰা পৰা মাত্ৰকে চিকিৎসকৰ কাষলৈ যোৱা উচিত কিয়নো এনে লক্ষণৰ ভিত্তিত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ যোগেদি এই ৰোগ নিশ্চিত কৰিব পৰা যাব পাৰে। তলত কেন্সাৰ ৰোগৰ দহটা সতৰ্কীকৰণ লক্ষণ উল্লেখ কৰা হ’ল:




১) কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন কমি যোৱা

যদিহে কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন অধিক হাৰত কমি যায় তেন্তে এই বিষয়ত সতৰ্ক হওক। ডায়েটিং, খাদ্য অভ্যাসৰ পৰিৱৰ্তন, আন কোনো সাধাৰণ অসুখ আদিৰ ক্ষেত্ৰত কম পৰিমাণে ওজন কমি যোৱাটো বিশেষ ক্ষতিকাৰক নহয়। কিন্তু এইসমূহৰ অবিহনে ওজন কমি যোৱাটো অতি লক্ষণীয়।

২) কিছুদিনৰ বিৰতিৰ মূৰে মূৰে জ্বৰ হৈ থকা

যদি কিছু সময়ৰ মূৰে মূৰে একেৰাহে জ্বৰ হৈ থাকে তেন্তে ই তেজৰ কেঞ্চাৰ অৰ্থাৎ লিম্ফোমা বা লিউকোমিয়া হোৱাৰ প্ৰধান লক্ষণ হ’ব পাৰে।

৩) শৰীৰৰ বিভিন্ন অংগত বিষ

একেৰাহে বহুদিন ধৰি মূৰৰ বিষ হোৱাটো মগজু কেন্সাৰৰ প্ৰাথমিক লক্ষণো হ’ব পাৰে। ইয়াৰ উপৰিও পিঠিৰ তলভাগত একেৰাহে বিষ হোৱাটো ৰেক্টল আৰু অভাৰিয়ান কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

৪) একেৰাহে বহুদিন কাঁহ হোৱা

ঠাণ্ডা দিনত চৰ্দি লাগি কাঁহ হোৱাটো স্বাভাৱিক যদিও একেৰাহে বহুদিনৰ বাবে কাঁহ হৈ থাকিলে হাওঁফাওঁৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। গতিকে এই বিষয়ত সতৰ্ক হোৱা প্ৰয়োজন।

৫) ছালৰ তলত উখহি উঠা

শৰীৰৰ যিকোনো অংগৰ ছালৰ তলত গুটি গুটি আকাৰৰ ফুলি উঠা গোটা মাংসপিণ্ড কেন্সাৰৰ প্ৰথম আৰু প্ৰধান লক্ষণ। তথাপিও এই গুটিসমূহ বুকুৰ ওচৰে-পাজৰে থাকিলে ইয়াক কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়। অৱশ্যে শৰীৰৰ আন অংগ যেনে- হাত, ভৰি আদিত দেখা দিলে বিশেষ ভয়ৰ কাৰণ নাই।

৬) অতিৰিক্ত আৰু অস্বাভাৱিক ৰক্তপাত

কফ বা কাঁহৰ লগত তেজ ওলালে ইয়াক হাওঁফাওঁৰ কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়। পেচাৱ-পায়খানাৰ লগত তেজ গ’লে ই ব্লাডাৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। স্তনৰ পৰা তেজ ওলালে স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। এনে লক্ষণসমূহ দেখা দিলে লগে লগে চিকিৎসকক দেখুওৱা উচিত।

৭) মূত্ৰনলীৰ সমস্যা

পেচাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা আৰু পেচাৱৰ লগত তেজ ওলালে একেবাৰেই অৱহেলা কৰা অনুচিত। অতি সোনকালেই চিকিৎসকক দেখুৱাব লাগে।

৮) মুখৰ ভিতৰত ঘাঁ লগা আৰু খজুওৱাৰ সমস্যা

যদি মুখৰ ভিতৰত ঘাঁ লাগে আৰু এই ঘাঁ বহুদিন ধৰি ঠিক নহয়, ডিঙিৰ বিষ আৰু খচখচাই থকা আদিবোৰ লক্ষণ মুখগহ্বৰৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে।





৯) শৰীৰৰ ছালৰ কিছুমান উল্লেখ্যযোগ্য পৰিৱৰ্তন

যদিহে শৰীৰৰ ছালৰ বৰণ মাজে মাজে সলনি হৈ থাকে, কোনো কাৰণ নোহোৱাকৈ আঘাতৰ দৰে দাগ দেখা পোৱা যায়, তেন্তে এইসমূহ ছালৰ কেন্সাৰৰ লক্ষণ। এনেবোৰ দাগ আৰু ৰঙৰ পৰিৱৰ্তন ভালদৰে লক্ষ্য কৰি থকা উচিত। অৱশ্যে ছালৰ যিকোনো পৰিৱৰ্তন হ’লেই ছাল বিশেষজ্ঞৰ দেখুওৱাটো উচিত।

১০) সকলো সময়তে দুৰ্বল অনুভৱ হোৱা

বহু সময় জিৰণি লোৱাৰ পিছতো যদি ভাগৰ নপলাই তেন্তে আমি সাধাৰণ ভাৱে ভাবি লও যে আমাৰ প্ৰয়োজনীয় জিৰণি লোৱা সময় কম হৈছে। কিন্তু আমাৰ মনলৈ এইটো ভাৱ নাহে যে এইটো এটা কেন্সাৰৰ লক্ষণ হ’ব পাৰে। কম সময়তে ভাগৰ লগা আৰু সকলো সময়তে দুৰ্বল ভাৱ হৈ থাকিলে এই লক্ষণবোৰ অৱহেলা নকৰি অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.