( অপূৰ্ব দাস )
যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ভাল খাদ্য খোৱা অতি গুৰুত্বপূৰ্ণ। দুপৰীয়া আৰু ৰাতিৰ আহাৰ পাতল হোৱা উচিত। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব আৰু ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। স্বাস্থ্যসন্মত ব্ৰেকফাষ্টত ভিটামিন, মিনাৰেল, ফাইবাৰ, ওমেগা ৩ ফেটি এচিড আদি অন্তৰ্ভুক্ত কৰিব লাগে। স্বাস্থ্যকৰ ব্ৰেকফাষ্ট কি আৰু ব্ৰেকফাষ্টত কি কি বস্তু খাব লাগে আৰু কি কি পৰিহাৰ কৰিব লাগে জানিবলৈ পঢ়িব -
কেতিয়া ব্ৰেকফাষ্ট কৰিব লাগে?
ৰাতিপুৱা শুই উঠিয়েই মুখ ধুই এগিলাছ কুহুমীয়া গৰম পানী খাব লাগে। এনে কৰিলে পেটত জমা হোৱা বেয়া গেষ্ট্ৰীক ৰস আঁতৰ কৰি পেট পৰিস্কাৰ কৰে।
ইয়াৰ আধা ঘণ্টা পিছত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰা উচিত।
ৰাতিপুৱা ৭ বজাৰ পৰা ৮ বজালৈ উত্তম সময়। ৰাতিপুৱা ১০ বজাৰ পিছত কেতিয়াও ব্ৰেকফাষ্ট কৰিব নালাগে। মনত ৰাখিব ৰাতিপুৱা সাৰ পোৱাৰ ৩০ মিনিটৰ ভিতৰত কিবা এটা খাব লাগে।
আপোনাৰ ব্ৰেকফাষ্ট কেনেকুৱা হোৱা উচিত?
ব্ৰেকফাষ্ট হ’ল ৰাতিপুৱাৰ প্ৰথম আহাৰ যিয়ে আপোনাৰ শৰীৰত গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে গোটেই ৰাতি ভোকত থকাৰ পিছত দিনটোৰ প্ৰথম আহাৰ বিশেষ। স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট সেৱনে ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। যদি আপোনাৰ ব্ৰেকফাষ্ট স্বাস্থ্যকৰ নহয় তেন্তে আপোনাৰ বিপাকীয় ক্ৰিয়াৰ অৱনতি ঘটি আপোনাৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব। আপোনাৰ ব্ৰেকফাষ্টত সঠিক পৰিমাণৰ প্ৰটিন, ভিটামিন, মিনাৰেল, কম পৰিমাণে কাৰ্বহাইড্ৰেট থাকিব লাগে।
ব্ৰেকফাষ্টত কেনে ধৰণৰ ফলমূল খাব লাগে?
ব্ৰেকফাষ্টত আপেল, কল, ডালিমৰ ৰস, মধুৰী আম, আঙ্গুৰ আদি খাব লাগে। ছাইট্ৰাছ ফলত ভাল পৰিমাণৰ ভিটামিন চি, আঁহ, পটাছিয়াম আদি থাকে আৰু ইয়াৰ ফলত হৃদৰোগ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও কল সেৱন কৰিব পাৰে। কলত ভাল পৰিমাণৰ পটাছিয়াম থাকে আৰু হজম শক্তি ভালদৰে ৰাখিবলৈ খাদ্য তালিকাত কল অন্তৰ্ভুক্ত কৰিব লাগে। কলত আঁহ, ভিটামিন বি, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে।
পুষ্টিকৰ খাদ্য :
ব্ৰেকফাষ্টত গাখীৰ সেৱন কৰিব লাগে। যদি আপুনি স্বাস্থ্যসন্মত কিবা এটা খাব বিচাৰে তেন্তে গাখীৰ সেৱন কৰিব পাৰে। খাদ্যত কম চৰ্বিযুক্ত গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগে। দৈনিক এক গিলাচ গৰুৰ গাখীৰ খাব পাৰে। এৱা গাখীৰতকৈ টেঙা নোহোৱা দৈ অতি পুষ্টিকৰ। ইয়াত প্ৰোবায়টিকচ্ থাকে যিয়ে হজম শক্তি উন্নত কৰে।
ব্ৰেকফাষ্টত কি কি বস্তু পৰিহাৰ কৰিব লাগে?
বহুতে ব্ৰেকফাষ্টত পেকিং কৰা ফলৰ ৰস খায়, কিন্তু ব্ৰেকফাষ্টতো এনে ৰস খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে ৰস সেৱনে পিয়াহ অৱশ্যেই দূৰ কৰে কিন্তু ই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে, পেকিং কৰা ফলৰ ৰসত চেনিৰ পৰিমাণ বেছি থাকে । সতেজ ফলৰ ৰস খাব পাৰে কিন্তু দোকানত উপলব্ধ পেকিং কৰা ৰস আপুনি এৰাই চলিব লাগে। ৰাতিপুৱা চাহ-কফি খোৱাৰ সলনি সতেজ ফলৰ ৰস পান কৰক। চাহ-কফি স্বাস্থ্যৰ বাবে উপকাৰী নহ'য়। কাৰণ চাহ -কফিত কেফেইন থাকে যিয়ে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।
মইদাৰ পৰঠা বা পুৰি বা ৰুটি আৰু মাখন :
খাদ্যত মইদৰ পৰঠা, পুৰি আৰু ঘিউ খোৱাৰ পৰাও বিৰত থাকিব লাগে। বেছিভাগ ঘৰতে মইদাৰ পৰঠা বা পুৰি খায় , কিন্তু এনে পৰঠা বা পুৰিৰ সলনি আপুনি ব্ৰাউন ব্ৰেড, ভাল আটাৰ শুকান আৰু ঘৰুৱা গোটা শস্যৰ ৰুটি খাব পাৰে। ব্ৰেকফাষ্ট যিমানেই লঘু ৰাখিব সিমানেই হজম শক্তিৰ বাবে ভাল হ’ব এনেবোৰ বস্তু আপোনাৰ খাদ্যত যোগ কৰক যি সোনকালে হজম হ'য়।
বিস্কুট আৰু কুকিজ :
ব্ৰেকফাষ্টত বিস্কুট অন্তৰ্ভুক্ত কৰিব নালাগে। বহুতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বিস্কুট বা কুকিজ অন্তৰ্ভুক্ত কৰে যদিও সম্পূৰ্ণৰূপে এৰাই চলিব লাগে। বিস্কুট বা কুকিজত চৰ্বিৰ পৰিমাণ বেছি আৰু ইয়াক পৰিশোধিত আটাৰ পৰা প্ৰস্তুত কৰা হয়, যাৰ বাবে ই মানুহজনক চৰ্বিযুক্ত কৰি তোলে।
নিমখীয়া আৰু পাকোড়া (তেলাল জলপান) :
ব্ৰেকফাষ্টত নিমখীয়া আৰু পাকোড়া খোৱাৰ পৰাও বিৰত থাকিব লাগে কাৰণ ইয়াত অধিক পৰিমাণৰ তেল থাকে আৰু নিমখ থাকে। তেলীয়া বস্তু সেৱন কৰিলে ৰাতিপুৱা গধুৰ অনুভৱ হয়, যাৰ ফলত আপোনাৰ হজম শক্তি আৰু স্বাস্থ্য নষ্ট হ’ব পাৰে।
শাক-পাচলি আৰু ভাত :
ৰাতিপুৱাৰ খাদ্যত শাক-পাচলি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। শাক-পাচলিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে দিনটো কাম কৰিবলৈ মানসিক চাপ নিয়ন্ত্ৰিত কৰে। শাক-পাচলিৰ ৰস সিজাই খোৱাটোও অতি লাভদায়ক লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ভাত খালেও একেবাৰে কমকৈ খোৱা উচিত। ৰাতিপুৱা শৰীৰে বেচিকৈ কাৰ্বহাইড্ৰেট শোষণ কৰে, সেয়েহে ৰাতিপুৱা ভাত কমকৈ খোৱা উচিত। যদিহে বেছিকৈ ভাত খায় তেন্তে দেহত বেয়া কলেষ্টোৰেল বৃদ্ধি পায়।